Film director Pinaki Chaudhuri Dies : ৰাষ্ট্ৰীয় বঁটা প্ৰাপক পৰিচালক পিনাকী চৌধুৰীৰ বিয়োগ

author img

By

Published : Oct 25, 2022, 7:38 AM IST

film director Pinaki Chaudhuri dies

বাংলা চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক পৰিচালক পিনাকী চৌধুৰী আৰু নাই (Film director Pinaki Chaudhuri death)। বাংলা চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক পৰিচালকগৰাকীৰ সোমবাৰে কলকাতাৰ বাসগৃহত মৃত্যু হয় । চৌধুৰীয়ে তবলা বাদক হিচাবে কৰ্মজীৱন আৰম্ভ কৰিছিল ।

নেশ্য়নেল ডেস্ক, ২৫ অক্টোবৰ : বাংলা চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক পৰিচালক পিনাকী চৌধুৰীৰ সোমবাৰে কলকাতাৰ বাসগৃহত মৃত্যু হয় (Director of Bengali films Pinaki Chaudhuri died) । দীৰ্ঘদিনীয়া অসুস্থতাৰ ফলত তেওঁৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে সদৰী কৰিছে । ৮২ বছৰীয়া চৌধুৰীয়ে মৃত্য়ুৰ সময়ত পত্নী আৰু এজন পুত্ৰক এৰি থৈ যায় । তেওঁ লিম্ফোমাত ভুগি আছিল (Pinaki Chaudhuri suffering from lymphoma)।

লিম্ফেটিক কৰ্কট ৰোগত আক্ৰান্ত হোৱাত এমাহ আগতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । অৱশ্য়ে তেওঁক তিনিদিন পূৰ্বে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল । চিকিৎসালয় কৰ্তৃপক্ষই তেওঁক জীৱনৰ অন্তিম ক্ষণত তেওঁৰ বাসগৃহলৈ ঘূৰাই নিবলৈ পৰিয়ালৰ লোকক পৰামৰ্শ আগবঢ়াইছিল ।

চৌধুৰীৰ সৰুৰে পৰাই কলা আৰু সংগীতৰ প্ৰতি আগ্ৰহী আছিল । ১৯৮৩ চনত তেওঁ সৌমিত্ৰ চেটাৰ্জী (Soumitra Chatterjee), অমল পালেকাৰ (Amol Palekar), তনুজা(Tanuja), ছায়া দেৱী অভিনীত চেনা আচেনা '(Chena Achena) পৰিচালনা কৰাৰ সময়ত চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল । তেওঁ ১৯৯৬ চনত সাংঘাথৰ (National awards for Shanghaath) বাবে আৰু ২০০৭ চনত বালিগুঞ্জ কোৰ্টৰ বাবে দুটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

তেওঁৰ আন উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত অন্য়তম হৈছে কাকাবাবু হেৰে গেলেন?' (Kakababu Here Gelen?), এক টুক্ৰো চান্দ' (Ek Tukro Chand) আৰু আৰোহনৰ । অভিনেতা ভাশ্বৰ চেটাৰ্জীয়ে (Bhaswar Chatterjee) লণ্ডনত তেওঁৰ শ্বুটিঙৰ অভিজ্ঞতাৰ কথা এটা ফেচবুক পোষ্টত উল্লেখ কৰিছে । অভিনেতা চেটাৰ্জীয়ে কয়,"তেওঁ সকলো বাস্তৱ স্থানত দৃশ্যগ্ৰহণ কৰিছিল । এইবোৰৰ ভিতৰত অন্য়তম হৈছে বিগ বেন, ভিক্টোৰিয়া টাৰ্মিনাছ, টেমছ, লণ্ডন আই, বাকিংহাম পেলেচ, ৰেষ্ট ইন পিচ ছাৰ।"

উল্লেখ্য় যে চৌধুৰীয়ে তবলা বাদক হিচাবে কৰ্মজীৱন আৰম্ভ কৰিছিল । উস্তাদ কেৰমাতুল্লা খানৰ অধীনত তেওঁ প্ৰশিক্ষণ লাভ কৰিছিল । পিনাকী চৌধুৰীয়ে লণ্ডনত পণ্ডিত ৰবি শংকৰৰো সান্নিধ্য় লাভ কৰিছিল । তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানত অধ্যয়ন কৰিছিল । ইয়াৰ পিছতে লণ্ডন বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তি কৰে ।

লগতে পঢ়ক:Sitrang Cyclone in Assam : ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিবৃ পাতৰ সম্ভাৱনা ব্যক্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.