ETV Bharat / bharat

Indian killed in Kenya: কেনিয়াত সন্ধানহীন দুজন ভাৰতীয় আৰক্ষীৰ দ্বাৰা নিহত

author img

By

Published : Oct 25, 2022, 8:19 AM IST

বিদেশত আৰক্ষীৰ গুলীত নিহত ভাৰতীয় নাগৰিক । কিছুদিন পূৰ্বে সন্ধানহীন হোৱা দুগৰাকী ভাৰতীয়ক কেনিয়াত আৰক্ষীৰ গোটে হত্যা কৰে(Two Indians missing in Kenya killed by cops) । বিশেষ সুত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি জুলাইৰ মাজভাগত কেনিয়াত নিৰুদ্দেশ হৈছিল ভাৰতীয় লোক দুজন ।

Two Indians missing in Kenya killed by cops
কেনিয়াত সন্ধানহীন দুজন ভাৰতীয় আৰক্ষীৰ দ্বাৰা নিহত

ইন্টাৰনেশ্যনেল ডেস্ক, ২৫ অক্টোবৰ : কেনিয়াত নিৰুদ্দেশ হোৱা দুগৰাকী ভাৰতীয় প্ৰযুক্তিবিদক আৰক্ষীৰ এটা গোটে হত্যা কৰে(Two Indians missing in Kenya killed by cops) । ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৰ এজন সহায়কে প্ৰকাশ কৰে এই তথ্য । সহায়কগৰাকীৰ মতে জুলাইৰ মাজভাগত কেনিয়াত নিৰুদ্দেশ হোৱা দুজন ভাৰতীয় প্ৰযুক্তিবিদক ৰাজ্যিক আৰক্ষীৰ এটা বিশেষ গোটে হত্যা কৰে । বালাজী টেলিফিল্মছৰ প্ৰাক্তন চিইঅ' জুলফিকাৰ খান আৰু আন এজন ভাৰতীয় নাগৰিক মহম্মদ জাইদ চামি কিদৱাই নাইৰোবিৰ এটা সমৃদ্ধ আৱাসিক চুবুৰীয়াৰ এটা জনপ্ৰিয় ক্লাবত প্ৰায় দুমাহ পূৰ্বে আগতে নিৰুদ্দেশ হৈছিল ।

ৰুটোৰ সহায়ক ডেনিছ ইটুম্বীয়ে ফেচবুকযোগে প্ৰকাশ কৰে যে খান আৰু কিদৱাই দুয়ো ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৰ নিৰ্বাচনী প্ৰচাৰত তথ্য আৰু যোগাযোগ প্ৰযুক্তি দলত(Information and Communications Technology) যোগদান কৰিবলৈ কেনিয়াত বাহৰ পাতিছিল । তেঁও ডিচিআই এলিট গোটটো ভাঙি দিয়াৰ বাবে ৰাষ্ট্ৰপতি ৰুটো ধন্যবাদ জ্ঞাপন কৰে ।

ডেনিছ ইটুম্বীৰ মতে এইটো এনে এটা গোট আছিল যাক আক্ষৰিকভাৱে নিৰীহ লোকসকলক অপহৰণ, আক্ৰমণ তথা হত্যা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল । তেওঁলোকে সেইসকল লোকক লক্ষ্য কৰি লৈছিল যিসকলে ৰুটোক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচনত সমৰ্থন কৰিছিল । সহায়কগৰাকীৰ মতে জাইদ সেই গোটতোৰ অন্যতম ব্যক্তি আছিল ।

ইয়াৰ পূৰ্বে আৰক্ষী বিষয়াসকলে কৈছিল যে সন্ধানহীন লোকসকলক পুনৰ বিচাৰি উলিওৱাৰ বাবে অপহৰণৰ ঘটনাস্থলীৰ পৰা চিচিটিভি ফুটেজ উদ্ধাৰ কৰা হৈছিল । অনুসন্ধানত সহায় কৰিবলৈ স্থানীয় একাংশ চোৰাংচোৱাকো আটক কৰা হৈছিল । আটকাধীন বিষয়াসকলক নিৰুদ্দেশ হোৱা ঘটনা সন্দৰ্ভত তেওঁলোকৰ ৰিপৰ্টৰ সৈতে এটা ফাইল কেনিয়াৰ সংবাদ মাধ্যমৰ এটা নতুন দলক হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল । ইফালে ইটুম্বীয়ে প্ৰকাশ কৰে যে খান আৰু কিদৱাইয়ে এখন কেবত উঠিছিল । পিছ মুহুৰ্ত্বতে ROGUE DCI ইউনিটে কেবখন আৱদ্ধ কৰিছিল আৰু খান আৰু কিদৱাইক গাড়ীলৈ টানি নিয়া হৈছিল ।

আনহাতে যোৱা সপ্তাহত ভাৰত চৰকাৰে প্ৰকাশ কৰে যে তেওঁলোকে কেনিয়াৰ কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগ তৈয়াৰ কৰি আছে আৰু জুলাইৰ মাজভাগৰ পৰা কেনিয়াত দুজন নাগৰিক সন্ধানহীন হোৱাৰ বিষয়টোত তীক্ষ্ণ দৃষ্টি ৰাখিছে । শেহতীয়া ঘটনাটোৰ সঁহাৰি দি MEA ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে সোমবাৰে কয় ভাৰত চৰকাৰে নিৰুদ্দেশ হোৱা মহম্মদ জাইদ চামি কিদৱাই আৰু জুলফিকাৰ আহমেদ খানৰ অৱস্থান বিচাৰিবলৈ কেনিয়া চৰকাৰৰ সৈতে নিয়মীয়া যোগাযোগ অব্যাহত ৰাখিছে ।

নাইৰোবিত ভাৰতীয় উচ্চায়ুক্ত নামগ্য খাম্পাই গভীৰ উদ্বেগ প্ৰকাশ কৰি ৰাষ্ট্ৰপতি HE উইলিয়াম চামোই ৰুটোক বিষয়টোৰ তদন্ত ত্বৰান্বিত কৰিবলৈ অনুৰোধ জনায় । কেনিয়াৰ উচ্চায়ুক্তকো বিষয়টোত উদ্বেগ প্ৰকাশ কৰিবলৈ ২৩ অক্টোবৰত মন্ত্ৰালয়লৈ মাতি অনা হৈছিল । কেনিয়াত ভাৰতীয় উচ্চ আয়োগে দুয়োজন ভাৰতীয়ৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে যোগাযোগ কৰি আছে আৰু তেওঁলোকক সহায় কৰি আছে ।

কেনিয়া আৰক্ষীৰ আভ্যন্তৰীণ পৰিক্ৰমা গোটৰ (Internal Affairs Unit) দ্বাৰা গোচৰটোৰ সক্ৰিয় তদন্ত চলি আছে । খাম্পাই উল্লেখ কৰে যে এই সন্দৰ্ভত কেইবাজনো লোকক জিম্মাত লোৱা হৈছে যাৰ ভিতৰত আছে কেনিয়া আৰক্ষীৰ বিশেষ সেৱা গোটৰ কেইবাজনো বিষয়া ।

লগতে পঢ়ক: Kerala Governor Controversy : ৰাজ্যপালৰ নিৰ্দেশৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন ৯ উপাচাৰ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.