ETV Bharat / state

Dibrugarh All India Radio : আকাশবাণী ডিব্ৰুগড়ৰ অসমীয়া নিউজ বুলেটিন বন্ধ হোৱাত অসন্তুষ্ট মন্ত্ৰী

author img

By

Published : Oct 25, 2022, 10:51 AM IST

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ পৰা এতিয়াৰে পৰা শুনিবলৈ নাপাব অসমীয়া নিউজ বুলেটিন (Assamese bulletin from Dibrugarh AIR)। সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন এতিয়াৰে পৰা বন্ধ হৈ যাব । প্ৰসাৰ ভাৰতীৰ নতুন দিল্লীৰ কাৰ্যালয়ে শনিবাৰে এই সন্দৰ্ভত জাননী জাৰি কৰিছে ।

Dibrugarh All India Radio
ইতিহাস হ'ব আকাশবাণী ডিব্ৰুগড়ৰ অসমীয়া নিউজ বুলেটিন

মৰাণ, ২৫ অক্টোবৰ : ৰেডিঅ'ৰ নষ্টালজিয়াই আপোনাক আমনি কৰে নে ? পুৱাৰ আঞ্চলিক বাতৰিৰ দ্বাৰা আপুনি দিনটো আৰম্ভ কৰে নেকি ? তেনেহ'লে আপোনাৰ দৰে ৰেডিঅ' শ্ৰোতাসকলৰ বাবে দুখবৰ । বিশেষকৈ অসমীয়া শ্ৰোতাসকলৰ বাবে এই দুখবৰ ।

২৫ অক্টোবৰ অৰ্থাৎ আজিৰে পৰা বন্ধ হ'ব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত (Dibrugarh All India Radio) অসমীয়া নিউজ বুলেটিন । দিল্লীৰ প্ৰসাৰ ভাৰতীয়ে লৈছে এই সিদ্ধান্ত । প্ৰসাৰ ভাৰতীৰ নতুন দিল্লীৰ কাৰ্যালয়ে শনিবাৰে এই সন্দৰ্ভত জাননী জাৰি কৰিছে । সেই মর্মে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন এতিয়াৰে পৰা বন্ধ হৈ যাব (Assamese news bulletin to closed at Dibrugarh AIR)।

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা ৰাইজে শুনিবলৈ নাপাব অসমীয়া ভাষাত সম্প্ৰচাৰিত আঞ্চলিক বাতৰি । প্ৰসাৰ ভাৰতীৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন শ্ৰোতাই চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে ।

উজনি অসমৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে কেন্দ্ৰটোৰ পৰা প্ৰচাৰিত হৈ থকা আঞ্চলিক বুলেটিনখনৰ সময়সীয়া দহ মিনিটলৈ বৃদ্ধি কৰিবলৈ দাবী জনাই আহিছিল । কিন্তু এই দাবী চলি থকাৰ মাজতে চৰকাৰে লোৱা সিদ্ধান্তৰ বাবে ক্ষোভিত হৈ পৰিছে দল-সংগঠন ।

আকাশবাণী ডিব্ৰুগড়ৰ অসমীয়া নিউজ বুলেটিন বন্ধ হোৱাত অসন্তুষ্ট মন্ত্ৰী

কেৱল বিৰোধীয়ে নহয় শাসকীয় দলৰ নেতা তথা কেবিনেট মন্ত্ৰী যোগেন মহনেও এই ক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰিছে (Jogen Mahan reacts over Dibrugarh AIR issue)। চৰকাৰৰ সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰা হ'ব ।

উল্লেখ্য যে, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই ১৯৯৭ চনৰ ১১ জুনৰ পৰা নিজাববীয়াকৈ পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন প্ৰচাৰ কৰি আহিছিল । সুদীৰ্ঘ সময়ধৰি প্ৰচাৰ হৈ অহা এই আঞ্চলিক বাতৰি অসমীয়া আৱেগত পৰিণত হৈছে । কিন্তু এনে সময়ত চৰকাৰে লোৱা এই সিদ্ধান্তই সমগ্ৰ অসমবাসীকে অসন্তুষ্ট কৰি তুলিছে । ইফালে ২০২০ চনতো চৰকাৰে আকাশবাণী কেন্দ্ৰ ডিব্ৰুগড় বন্ধ কৰাৰ এক ষড়যন্ত্ৰ কৰিছিল । সেই সময়ত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ।

লগতে পঢ়ক:Rehabilitation of Kordoiguri flood victims: শীঘ্ৰেই ভূমি লাভ কৰিব ডুমডুমা কৰ্দৈগুৰিৰ 24 টা ভূমিহীন পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.