ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jul 11, 2022, 9:04 AM IST

TOP 10 AT 9AM
9 বজাৰ শীৰ্ষ দহটা বাতৰি

9 বজাৰ শীৰ্ষ দহটা বাতৰি

মইনুলৰ ব্যতিক্ৰমী পদক্ষেপ; কুৰ্বানিৰ পৰিৱৰ্তে গো-শালাত দিলে গৰুদান

পবিত্ৰ ঈদৰ দিনাই নাজিৰাৰ এজন লোকৰ ব্যতিক্ৰমী পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ঈদত কুৰ্বানি দিবলৈ প্ৰতিপালন কৰা মৰমৰ গৰুটো কুৰ্বানি দিয়াৰ বিপৰীতে গো-শালাক প্ৰদান কৰিলে নাজিৰাৰ মইনুল হুছেইন নামৰ লোকগৰাকীয়ে (Muslim people donate cow instead of kurbani)৷

Political sensation in Chhattisgarh: মহাৰাষ্ট্ৰৰ পাছত এইবাৰ ছত্তীশগড়ত নতুন ৰাজনৈতিক অংক !

দেওবাৰে কয়লা ব্যৱসায়ী সূৰ্যকান্ত তিৱাৰীয়ে আয়কৰ অভিযানক লৈ মৌনতা ভংগ কৰি উল্লেখ কৰিলে বহু বিস্ফোৰক অভিযোগ (Coal businessman Suryakant Tiwari )৷ তেওঁ দাবী কৰে যে, ৰায়পুৰত তেওঁক ছত্তীশগড়ৰ একনাথ সিন্দে বনাবলৈ ষড়যন্ত্ৰ কৰা হৈছিল । ইয়াৰ বাবে আয়কৰ বিভাগৰ বিষয়াসকলে মোৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল আৰু লগতে মোক মুখ্যমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিছিল । সূৰ্যকান্ত তিৱাৰীৰ এই বিস্ফোৰণৰ পিছতে চত্তীশগড়ৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

কৰ্তব্যত গাফিলতি: চাকৰিৰ পৰা নিলম্বন চিকিৎসকসহ 9 গৰাকী স্বাস্থ্যকৰ্মীক

কৰ্তব্যত গাফিলতি কৰি চাকৰি হেৰুৱালে চিকিৎসকসহ 9 গৰাকী স্বাস্থ্যকৰ্মীয়ে (9 health workers suspended) ৷ মাইবং মহকুমাৰ অধীনত থকা খেপৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্তব্যৰ সময়ত উপস্থিত নথকাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হয় স্বাস্থ্যকেন্দ্ৰটোৰ কৰ্মীসকলৰ বিৰুদ্ধে ৷

নিৰাপত্তাৰক্ষী-আলফাৰ(স্বা)ৰ সংঘৰ্ষক দুৰ্ভাগ্যজনক আখ্যা শংকৰজ্যোতি বৰুৱাৰ

আলফা আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত জৰ্জৰিত তিনিচুকীয়া ৷ সেনা-অসম আৰক্ষী আৰু আলফাৰ মাজত হোৱা সংঘৰ্ষ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।

Installation of GL Agarwal statue: প্ৰতিমূৰ্তি স্থাপনৰ পূৰ্বে বৰপেটাত ভূমি পূজন

বৰপেটাৰোডত স্থাপন হ’ব জি এল পাব্লিকেচনৰ স্বত্বাধিকাৰী প্ৰয়াত জি এল আগৰৱালাৰ এটি আৱক্ষ প্ৰতিমূৰ্তি (Installation of GL Agarwal statue) ৷ প্ৰতিমূৰ্তি স্থাপনৰ পূৰ্বে দেওবাৰে বৰপেটাৰোডত কৰা হয় ভূমি পূজন (Bhoomi Poojan in Barpeta) ৷ ভূমি পূজনৰ এক মাংগলিক অনুষ্ঠানটোত উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃনালিনী দেৱী ৷

Vineet Bagaria Suicide Case: ন্যায় বিচাৰি ডিব্ৰুগড়ত অব্যাহত আছে প্ৰতিবাদ

মানসিক অত্যাচাৰৰ বলি হৈ মৃত্যুৰ পথ বাচি লোৱা ডিব্ৰুগড়ৰ পশুপ্ৰেমী বিনীত বাগাৰীয়াই(Animal activist Vineet Bagaria) আত্মহত্যা কৰা ঘটনাৰ ন্যায় বিচাৰি অব্যাহত আছে প্ৰতিবাদ ৷ দেওবাৰে ডিব্ৰুগড়ৰ ৰাজপথলৈ ওলাই আহিল শ শ লোক । ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ(Dibrugarh AASU) উদ্যোগত আৰু ডিব্ৰুগড়বাসীৰ সহযোগত চহৰখনৰ ফুলবাগানৰ পৰা থানা চাৰিআলিলৈকে এক মৌন সমদল বাহিৰ কৰি উক্ত ঘটনাৰ ন্যায় বিচাৰি হাতে হাতে একোডালকৈ মমবাতি লৈ পদযাত্ৰা বাহিৰ কৰি পশুপ্ৰেমীগৰাকীৰ প্ৰতি শ্ৰদ্বাঞ্জলি জ্ঞাপন কৰে ।

Kanhaiya Lal murder case: উদয়পুৰ হত্যাকাণ্ডত জড়িত সপ্তমটো অভিযুক্তক আটক

সমগ্ৰ দেশ কঁপাই যোৱা উদয়পুৰ হত্যাকাণ্ডৰ তদন্ত এতিয়া দ্ৰুতগতিত চলিছে (Kanhaiya Lal murder case in Udaipur) । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই দেওবাৰে কানহাইয়া লালৰ হত্যাকাণ্ডৰ লগত জড়িত থকা সপ্তমটো অভিযুক্তক গ্ৰেপ্তাৰ কৰে (NIA arrests seventh person in connection with Udaipur killing)৷

Road accident in Diphu : ট্ৰাকৰ খুন্দাত কৰুণ মৃত্যু শিশুসহ মহিলাৰ

ট্ৰাক চালকৰ উদ্ভণ্ডালি ৷ তীব্ৰবেগী চিমেণ্ট ভৰ্তি ট্ৰাকে মহতিয়াই লৈ যায় শিশুসহ এগৰাকী মহিলাক (Three people dead in Road accident) ৷

বড়ো-বাথৌ আৰু বড়ো-খ্ৰীষ্টানৰ মাজত বিভাজন অনাৰ চেষ্টা কৰিছে সত্যৰঞ্জন বৰাই: লৰেঞ্চ ইছলাৰী

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী। কোকৰাঝাৰত এক সংবাদমেল সম্বোধন কৰি চৰকাৰক সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিধায়ক তথা ইউপিপিএলৰ যুৱনেতা লৰেঞ্চ ইছলাৰীয়ে (MLA Lawrence Islary on Satyaranjan Bora comment)৷

Crime in Guwahati: দোকানৰ ভিতৰতেই দাৰে ঘপিয়ালে একে পৰিয়ালে 5 জনক

মহানগৰীত ভয়ংকৰ ঘটনা (Crime news Guwahati)৷ শনিবাৰে সন্ধিয়া উদণ্ড লোকৰ দাৰ ঘাপত আহত একে পৰিালৰে 5 জন লোক (5 people injured)৷ দীনেশ দাস নামৰ লোকজনৰ ঘৰত দোকানৰ শুভাৰম্ভণিৰ পূজা হৈ থকাৰ মাজতেই দুলু দাস নামৰ ব্যক্তিজনে দোকানলৈ সোমাই আহি জধে মধে দাৰে ঘপিয়াই দীনেশৰ পৰিয়ালৰ লোকক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.