ETV Bharat / bharat

Political sensation in Chhattisgarh: মহাৰাষ্ট্ৰৰ পাছত এইবাৰ ছত্তীশগড়ত নতুন ৰাজনৈতিক অংক !

author img

By

Published : Jul 11, 2022, 8:20 AM IST

দেওবাৰে কয়লা ব্যৱসায়ী সূৰ্যকান্ত তিৱাৰীয়ে আয়কৰ অভিযানক লৈ মৌনতা ভংগ কৰি উল্লেখ কৰিলে বহু বিস্ফোৰক অভিযোগ (Coal businessman Suryakant Tiwari )৷ তেওঁ দাবী কৰে যে, ৰায়পুৰত তেওঁক ছত্তীশগড়ৰ একনাথ সিন্দে বনাবলৈ ষড়যন্ত্ৰ কৰা হৈছিল । ইয়াৰ বাবে আয়কৰ বিভাগৰ বিষয়াসকলে মোৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল আৰু লগতে মোক মুখ্যমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিছিল । সূৰ্যকান্ত তিৱাৰীৰ এই বিস্ফোৰণৰ পিছতে চত্তীশগড়ৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

it officers told me to frame official be cm businessman
Political sensation in Chhattisgarh : মহাৰাষ্ট্ৰৰ পাছত এইবাৰ ছত্তীশগড়ত নতুন ৰাজনৈতিক অংক

নেশ্যনেল ডেস্ক, 11 জুলাই: ছত্তীশগড়ৰ কয়লা ব্যৱসায়ী সূৰ্যকান্ত তিৱাৰীয়ে ৰাইপুৰত এখন সংবাদমেল অনুষ্ঠিত কৰি আই টি অভিযানক লৈ বহুকেইটা বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে (Coal businessman Suryakant Tiwari has made a big disclosure)। আয়কৰ বিভাগৰ অভিযানৰ ভিত্তিত সূৰ্যকান্ত তিৱাৰীয়ে ছত্তীশগড়ত বৰ্তমানৰ ক্ষমতাক উৎখাত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল বুলি দাবী কৰিছে (Income Tax Department) । বিজেপি আৰু আয়কৰ বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয় যে, "আয়কৰ বিভাগে মোৰ ওপৰত প্ৰচণ্ড হেঁচা প্ৰয়োগ কৰিছিল যাতে অভিযানৰ সময়ত মই মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ উপ-সচিব সৌম্য চৌৰাচিয়াৰ নাম ল'ব লাগে । তাৰোপৰি মোক আয়কৰ বিভাগৰ একাংশ বিষয়াই অধিক হেঁচা প্ৰয়োগ কৰি কৈছিল, মই ৰাজ্যৰ ৪০-৪৫ গৰাকী বিধায়কৰ এখন তালিকা বনাব লাগে ।''

সূৰ্যকান্ত তিৱাৰীয়ে সংবাদমেলখনত দাবী কৰি কয় "আয়কৰ বিভাগৰ বিষয়াসকলে হেঁচা প্ৰয়োগ কৰি কৈছিল যে আপুনি কুৰিজন বিধায়কৰ এখন তালিকা বনাওক ৷ তাৰ পিছত বিৰোধী বিধায়কৰ সহায়ত ৰাজ্যৰ চৰকাৰ সলনি কৰা হ'ব ।"

"মোক চত্তীশগড়ৰ একনাথ শিন্দে বনাবলৈ ষড়যন্ত্ৰ কৰা হৈছিল"- সূৰ্যকান্ত তিৱাৰীয়ে এইদৰে উল্লেখ কৰি কৈছিল যে মোক মুখ্যমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিয়া হৈছিল (Conspiracy to make him Eknath Shinde of Chhattisgarh)। আয়কৰ বিভাগৰ অভিযানৰ অন্তত নিজৰ মৌনতা ভংগ কৰি প্ৰথমবাৰৰ বাবে সূৰ্য্যকান্ত তিৱাৰীয়ে ৰাজ্যৰ বৰ্তমানৰ ক্ষমতা পৰিৱৰ্তনৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলি উল্লেখ কৰি কয়, ইয়াৰ বাবে আয়কৰ বিভাগটোক ব্যৱহাৰ কৰা হৈছিল ।

আয়কৰ বিষয়াক প্ৰহাৰৰ অভিযোগ প্ৰসংগতো মুখ খুলিলে কয়লা ব্যৱসায়ী সূৰ্যকান্ত তিৱাৰীয়ে। তেওঁ কয় যে মই এজন ব্যৱসায়ী, অপৰাধী নহয় । ৩০ জুনত যেতিয়া আয়কৰ বিভাগৰ দলটোৱে মই আত্মগোপন কৰা বুলি উল্লেখ কৰি অভিযান চলাবলৈ আহিছিল, তেতিয়া বিষয়াসকলে মোক প্ৰহাৰ কৰিছিল । ইয়াৰ পিছত মোক আয়কৰ বিভাগৰ বিষয়াসকলে মোক মিছা বক্তব্য দিবলৈ উচটনি দিছিল যদিও মই কোনো মিছা বক্তব্য প্ৰদান কৰা নাছিলো । সংবাদমেলখনত সূৰ্যকান্ত তিৱাৰীয়ে দাবী কৰিছিল যে তেওঁ মহাত্মা গান্ধীক বিশ্বাস কৰে আৰু এজন ছত্তীশগড়ী মানুহ ।

"আইনৰ অধীনত আয়কৰ বিভাগে মোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক"- সূৰ্যকান্ত তিৱাৰীয়ে এইদৰে উল্লেখ কৰি কয় যে মই বহু বছৰ ধৰি কয়লাৰ ব্যৱসায় কৰি আহিছো । ৰাজনীতিবিদৰ লগত মোৰ সম্পৰ্ক আছে । বৰ্তমানৰ চৰকাৰখনৰ লগত থকাৰ দৰে পূৰ্বৰ চৰকাৰখনৰ লগতো মোৰ সম্পৰ্ক আছিল । যদি মোৰ পৰা কোনো কৰ সংগ্ৰহ কৰিব লগা আছে, তেন্তে মইটো সেই কৰ দিবই লাগিব । তাৰোপৰি মই মোৰ আইনী যুঁজখন যুঁজি যাম; কিন্তু আয়কৰ বিভাগৰ দ্বাৰা মোক আইনী ব্যৱস্থাৰ নামত হাৰাশাস্তি কৰাৰ কোনো অধিকাৰ নাই"। তেওঁ দাবী কৰে যে ক্ষমতা সলনিৰ বাবে তেওঁক পণ্য সজোৱা হৈছে ।

"কাৰাগাৰত মোৰ কাষতে ৰমন সিংও থাকিব লাগিব ": আয়কৰ বিভাগৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিছত সূৰ্যকান্ত তিৱাৰীয়ে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিঙৰ বিৰুদ্ধেও সৰৱ হৈ বহু গুৰুতৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে, "যদি কাৰোবাৰ তাত আয়কৰ বিভাগে অভিযান চলায়, তাৰ বাবে এইটো নহয় যে তেওঁ অপৰাধী । ৰমন সিঙে মোক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে (Raman Singh demanding to arrest Suryakant Tiwari)। মই কাৰাগাৰলৈ যাবলৈ সাজু; কিন্তু কাৰাগাৰৰ কোঠাটোত মই পৰৱৰ্তী সময়তহে থাকিম । তাৰ পূৰ্বে ৰমন সিং সেই কোঠাটোত থাকিব লাগিব ।"

সংবাদমেলখনত সূৰ্যকান্ত তিৱাৰীয়ে কয় যে, "যদি মোৰ আৰু মোৰ পৰিয়ালৰ কোনো ক্ষতি হয়, তেন্তে ইয়াৰ বাবে আয়কৰ বিভাগ আৰু বিজেপিৰ লোকসকল দায়ী হ'ব ৷ আৰু সেইসকল যিয়ে ৰাজ্যৰ বৰ্তমানৰ ক্ষমতা সলনি কৰিব বিচৰিছে ।"

উল্লেখ্য যে, আয়কৰ বিভাগে কয়লা ব্যৱসায়ৰ সৈতে জড়িত সূৰ্য্যকান্ত তিৱাৰীৰ ৰায়পুৰ আৰু মহাসমুন্দস্থিত বিভিন্ন স্থানত অভিযান চলাইছিল । অভিযানৰ অন্তত আয়কৰ বিভাগৰ পৰা কোৱা হৈছিল যে, বিভাগটোৱে তদন্তত ২০০ কোটিতকৈ অধিক ধন সংগ্ৰহৰ তথ্য প্ৰমাণ পাইছে ( 200 crores in Income Tax raids)। আয়কৰ বিভাগৰ দলে অভিযানৰ সময়ত অবৈধভাৱে ৰখা ৯.৫ কোটিতকৈ অধিক নগদ ধনৰ লগতে ৫ কোটি টকাৰ গহনাও জব্দ কৰিছিল (Jewelery worth 5 crore during the investigation)। আয়কৰ বিভাগৰ এই অভিযানৰ পিছত বিজেপি দলে কংগ্ৰেছক নিৰন্তৰ আক্ৰমণ চলোৱাৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ পদত্যাগ দাবী কৰিছিল (BJP was continuously attacking Congress)।

লগতে পঢ়ক: পৃথকে বিধানসভা-উচ্চ ন্যায়ালয় সাজিব খোজে ভগৱন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.