ETV Bharat / state

নিৰাপত্তাৰক্ষী-আলফাৰ(স্বা)ৰ সংঘৰ্ষক দুৰ্ভাগ্যজনক আখ্যা শংকৰজ্যোতি বৰুৱাৰ

author img

By

Published : Jul 10, 2022, 10:34 PM IST

Conflict between ULFA I and security forces
নিৰাপত্তাৰক্ষী-আলফাৰ(স্বা)ৰ সংঘৰ্ষক দুৰ্ভাগ্যজনক আখ্যা শংকৰজ্যোতি বৰুৱাৰ

আলফা আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত জৰ্জৰিত তিনিচুকীয়া ৷ সেনা-অসম আৰক্ষী আৰু আলফাৰ মাজত হোৱা সংঘৰ্ষ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।

ডিব্ৰুগড়, 10 জুলাই : অসম হৈছে বিভিন্ন জাতি-ধৰ্মৰ লোকে শান্তি-সম্প্ৰীতিৰে বাস কৰা এখন ঠাই । গতিকে কোনেও যাতে নিজৰ ন্যস্ত স্বাৰ্থ তথা ৰাজনৈতিক অভিসন্ধিৰ বাবে কোনোধৰণৰ ধৰ্মীয় অনুভূতিক আঘাত হনা মন্তব্য দি শান্তি-সম্প্ৰীতি তথা ভাতৃত্ববোধৰ পৰিৱেশ বিনষ্ট নকৰে তাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায় শংকৰজ্যোতি বৰুৱাই ৷

নিৰাপত্তাৰক্ষী-আলফাৰ(স্বা)ৰ সংঘৰ্ষক দুৰ্ভাগ্যজনক আখ্যা শংকৰজ্যোতি বৰুৱাৰ

আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে তিনিচুকীয়াত সংঘটিত হোৱা আলফা আৰু সেনাবাহিনীৰ মাজৰ সংঘৰ্ষৰ(Conflict between ULFA I and security forces) সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ যিসময়ত অসম চৰকাৰ আৰু আলফা(স্বা)ৰ মাজত এক আলোচনাৰ বাট(Peace talk with ULFA I) মুকলি হ'ব বুলি সকলোৱে আশা কৰিছিল তেনে সময়ত সেনা-অসম আৰক্ষী আৰু আলফাৰ মাজত হোৱা সংঘৰ্ষ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে শংকৰজ্যোতি বৰুৱাই । লগতে তেওঁ এই ক্ষেত্ৰত দুয়ো পক্ষকে অস্ত্ৰ ত্যাগ কৰি বুজাবুজিৰ মাজেৰে আলোচনাৰ বাট মুকলি কৰিবলৈ আহ্বান জনায় ।

উল্লেখযোগ্য যে, দেওবাৰে টিংখাং আঞ্চলিক ছাত্ৰ সন্থাৰ(Tingkhang AASU) উদ্যোগত টিংখাং শিক্ষক ভৱনত অনুষ্ঠিত হোৱা এক বিশেষ অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য আগবঢ়াই শংকৰজ্যোতি বৰুৱাই (Sankar Jyoti Baruah AASU) । উক্ত অনুষ্ঠানতে সদ্য-ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শতাধিক শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক: মইনুলৰ ব্যতিক্ৰমী পদক্ষেপ; কুৰ্বানিৰ পৰিৱৰ্তে গো-শালাত দিলে গৰুদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.