ETV Bharat / state

মইনুলৰ ব্যতিক্ৰমী পদক্ষেপ; কুৰ্বানিৰ পৰিৱৰ্তে গো-শালাত দিলে গৰুদান

author img

By

Published : Jul 10, 2022, 8:24 PM IST

Updated : Jul 10, 2022, 9:17 PM IST

পবিত্ৰ ঈদৰ দিনাই নাজিৰাৰ এজন লোকৰ ব্যতিক্ৰমী পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ঈদত কুৰ্বানি দিবলৈ প্ৰতিপালন কৰা মৰমৰ গৰুটো কুৰ্বানি দিয়াৰ বিপৰীতে গো-শালাক প্ৰদান কৰিলে নাজিৰাৰ মইনুল হুছেইন নামৰ লোকগৰাকীয়ে (Muslim people donate cow instead of kurbani)৷

Muslim people donate cow instead of kurbani
মইনুলৰ ব্যতিক্ৰমী পদক্ষেপ

নাজিৰা, 10 জুলাই : দেওবাৰে সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন কৰিছে ঈদ-উজ-জোহা (Eid celebration in Assam)৷ পবিত্ৰ ঈদৰ দিনাই নাজিৰাৰ এজন লোকৰ ব্যতিক্ৰমী পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ঈদত কুৰ্বানি দিবলৈ প্ৰতিপালন কৰা মৰমৰ গৰুটো কুৰ্বানি দিয়াৰ বিপৰীতে গো-শালাক প্ৰদান কৰিলে নাজিৰাৰ মইনুল হুছেইন নামৰ লোকজনে (Muslim people donate cow instead of kurbani)৷

নাজিৰা নগৰৰ ৬ নং ৱাৰ্ডৰ বাসিন্দা মইনুদ্দিন হুছেইন ওৰফে মইনুল নামৰ ব্যক্তি জনে ঈদত কুৰ্বানিৰ বাবে নিজ ঘৰতে প্ৰতিপালন কৰা পোহনীয়া গৰুটো প্ৰদান কৰিলে নাজিৰাৰ গো-শালা কৰ্তৃপক্ষক । মইনুদ্দিন হুছেইনে কুৰ্বানিৰ বাবে প্ৰতিপালন কৰা পোহনীয়া গৰুটো গো-শালাত দান কৰা কাৰ্যক গো-শালা কৰ্তৃপক্ষই আদৰণি জনোৱাৰ লগতে গৰুটো প্ৰতিপালনৰ দ্বায়িত্ব লয় ৷

মইনুলৰ ব্যতিক্ৰমী পদক্ষেপ; কুৰ্বানিৰ পৰিৱৰ্তে গো-শালাত দিলে গৰুদান

তেওঁ কয়, "অসমৰ মুখ্যমন্ত্ৰীৰ কথাই মোৰ মন চুই গ’ল ৷ ময়ো ভাবো যে জীৱ হত্যা কৰাটো মহাপাপ ৷ গতিকে মইও মোৰ মৰমৰ গৰুটো কুৰ্বানি দিয়াৰ আগতে জীৱ এটা হত্যা কৰি পূণ্য কৰিবলৈ গ'লে নহ'ব বুলি ভাবি এই গৰুটো নাজিৰাৰ গো-শালাক দান কৰিলো ৷ মই মোৰ মৰমৰ পোহনীয়া গৰুটো ডাঙৰ দীঘল কৰি দোৱাত লগাম বুলি ভাবিছিলো ৷ কেৱল কুৰ্বানিয়েই নহয় আগলৈ মই কেতিয়াও কোনো জীৱ-জন্তুক হত্যা নকৰো বুলি সংকল্প ল’লো ৷"

ঈদৰ প্ৰাক মূহুৰ্তত কুৰ্বানিক লৈ ৰাজ্য চৰকাৰে নিৰ্দেশনা জাৰি কৰিছিল (Ban of Kurbani in Eid Ul Adha) ৷ ৰাজ্যৰ গৃহ বিভাগে জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰিছিল বিশেষ জৰুৰী নিৰ্দেশনা । এই নিৰ্দেশনা অনুসৰি ঈদৰ সময়ত জন্তুৰ অবৈধ হত্যা তথা কুৰ্বানি বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছিল (Assam government issues order on Kurbani)৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বন প্ৰতি সঁহাৰি জনাই আৰু চৰকাৰৰ এই নিৰ্দেশনা মানি নাজিৰা নগৰৰ এজন ব্যক্তিয়ে এইবাৰ কুৰ্বানিৰ পৰা বিৰত থাকে ৷ আগন্তুক দিনটো মইনুল হুছেইনে জীৱ হত্যা নকৰাৰ সংকল্প লয় ৷

লগতে পঢ়ক : ঈদ-উজ-জোহাৰ কোৰবানীৰ ক্ষেত্ৰত জৰুৰী নিৰ্দেশনা অসম চৰকাৰৰ

Last Updated :Jul 10, 2022, 9:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.