ETV Bharat / state

Road accident in Diphu : ট্ৰাকৰ খুন্দাত কৰুণ মৃত্যু শিশুসহ মহিলাৰ

author img

By

Published : Jul 10, 2022, 10:25 PM IST

ট্ৰাক চালকৰ উদ্ভণ্ডালি ৷ তীব্ৰবেগী চিমেণ্ট ভৰ্তি ট্ৰাকে মহতিয়াই লৈ যায় শিশুসহ এগৰাকী মহিলাক (Three people dead in Road accident) ৷

ট্ৰাকৰ খুন্দাত কৰুণ মৃত্যু শিশুসহ মহিলাৰ
ট্ৰাকৰ খুন্দাত কৰুণ মৃত্যু শিশুসহ মহিলাৰ

ডিফু, 10 জুলাই : ৰাজপথত ট্ৰাক চালকৰ উদ্ভণ্ডালি ৷ ডিফু-মাঞ্জা পথৰ বিৰলা তিনি আলিত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident in Diphu) ৷ দেওবাৰে বিয়লি ডিফুৰ পৰা মাঞ্জা অভিমুখে গৈ থকা দহ চকীয়া তীব্ৰবেগী চিমেণ্ট ভৰ্তি ট্ৰাকে মহতিয়াই লৈ যায় শিশুসহ এগৰাকী মহিলাক (Three people dead in Road accident) ৷

নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনে ডিফু দিশৰ পৰা খোজ কাঢ়ি আহি থকা এটি শিশুৰ সৈতে মহিলা এগৰাকী আৰু মাঞ্জা দিশৰ পৰা আহি থকা NL ০৭ R ২৭৪৪ নম্বৰৰ মটৰ চাইকেলখনৰ চালকক মহতিয়াই লৈ যায় ৷ ট্ৰাকখনৰ তলত আৱদ্ধ হৈ থিতাতে কৰুণ মৃত্যুক সাৱটি লয় মটৰ চাইকেলৰ চালক সহ শিশু আৰু মহিলাগৰাকীয়ে ৷

ট্ৰাকে মহতিয়ালে শিশুসহ মহিলাক

লগে লগে দুৰ্ঘটনাস্থলীত ডিফু আৰক্ষী (Diphu police) আৰু চিআৰপিএফৰ (CRPF) লোক উপস্থিত হয় ৷ আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত এখন জেচিবি আৰু কেৰেঙৰ সহায়ত প্ৰায় ডেৰঘণ্টা সময়জুৰি অভিযান চলাই মৃত তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

ঘটনাস্থলীত উপস্থিত থকা আৰক্ষী উপাধ্যক্ষ (সীমান্ত) জে আৰ মালাকাৰে কয় যে, ঘটনা সন্দৰ্ভত এতিয়াও একো ক’ব নোৱাৰি ৷ তদন্তৰ পিছতহে প্ৰকৃত ঘটনা গম পোৱা যাব ৷ এতিয়ালৈ মৃতদেহ তিনিটা চিনাক্ত কৰিব পৰা হোৱা নাই ৷

ইফালে ঘটনাৰ সংঘটিত কৰিয়েই ট্ৰাক চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Gujarat Bus Accident: দ খাৱৈত যাত্ৰীবাহী বাছ বাগৰি দুজনৰ মৃত্যু, 46 গৰাকী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.