সুনীল গগৈ নহয়, মুণ্ডহীন মৃতদেহটো জাহাংগীৰৰহে আছিল - Dhakuakhana Murder Case
Dhakuakhana Sunil Gogoi case updates: সুনীল গগৈক নহয়, জাহাংগীৰ হুছেইনকহে হত্যা কৰা হৈছিল । ঢকুৱাখনাৰ হত্যাকাণ্ডৰ নতুন মোৰ । ডি এন এ পৰীক্ষাৰ ফলাফলত ওলাল জাহাংগীৰক হত্যা কৰাৰ তথ্য ।

Published : June 18, 2024 at 10:02 PM IST
লখিমপুৰ, ১৮ জুন : সুনীল নহয়, জাহাংগীৰকহে হত্যা কৰা হ’ল ৷ ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱৰ হত্যাকাণ্ডই ল’লে নতুন মোৰ ৷ সংবাদমেলত ক’লে জিলা আৰক্ষী অধীক্ষকে ।
ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱত হত্যা কৰা হ’ল জাহাংগীৰ হুছেইনক । ৰাজ্য কঁপাই যোৱা হত্যাকাণ্ডটোৰ ডি এন এ পৰীক্ষাত জাহাংগীৰ হুছেইনক হত্যা কৰাটো মঙলবাৰে স্পষ্ট হৈ পৰিল । মঙলবাৰে লখিমপুৰ জিলা আৰক্ষী অধীক্ষকে এক সংবাদমেলত এই কথা সদৰী কৰে ।
সংবাদমেলত আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে কয়, ‘‘হত্যাকাণ্ডৰ পিচত ঘটনাস্থলীৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰাৰ লগতে মৃতদেহৰ হাড়ৰ শতাধিক টুকুৰা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল । সুনীল গগৈৰ দুই আত্মীয়ৰ লগতে জাহাংগীৰৰ ভাতৃ জহিদুৰ ৰহমানৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে হায়দৰাবাদলৈ প্ৰেৰণ কৰা হৈছিল । আজি উক্ত ডি এন এ পৰীক্ষাৰ ফলাফলত মৃতদেহৰ লগত জাহাংগীৰৰ ভাতৃৰ তেজৰ নমুনা মিল আছে বুলি প্ৰকাশ পায় ।’’
লগতে পঢ়ক: ৰাজ্যৰ গৃহ সচিব শিলাদিত্য চেতিয়াৰ আত্মহনন : পত্নীক হেৰুৱাই মুহূৰ্ততে ল'লে চৰম সিদ্ধান্ত
আৰক্ষী অধীক্ষকগৰাকীয়ে মৃতদেহটো জাহাংগীৰৰ বুলি উল্লেখ কৰে ৷ তেওঁ কয় যে ২৯ মে’ত সুনীল গগৈয়ে জাহাংগীৰক লৈ ধেমাজিলৈ গৈছিল । কিন্তু আদবাটতে সুনীলে জাহাংগীৰক নমাই দিয়ে । আৰক্ষীৰ অনুসন্ধান মতে তাৰ পিচদিনা অৰ্থাৎ ৩০ মে’ত জাহাংগীৰ সুনীল গগৈৰ ঘৰৰ আশে-পাশে আছিল । সেই দিনাৰ পৰা জাহাংগীৰ নিখোজ হৈ পৰে ।
ঘটনাৰ ক্ৰম উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে এপ্ৰিল-মে’ মাহৰ ভিতৰত সুনীল গগৈয়ে ৪১ লাখ টকাৰ জীৱন বীমা কৰিছিল । পলিচীৰ নমিনী আছিল তেওঁৰ পত্নী । উক্ত বীমা ধনৰ লোভতো এনেধৰণৰ ঘটনা সংঘটিত হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰে । সুনীল গগৈয়ে এখন নাটক ৰচনা কৰিলে বুলি কয় আৰক্ষী অধীক্ষকগৰাকীয়ে ।
লগতে পঢ়ক: ফাইজান আহমেদৰ হৈ ন্যায় বিচাৰি নিজেই খবৰ হৈ পৰিল কেৰালাৰ ছাত্ৰী
বীমা ধনৰ লোভতে এই কাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰে আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত এতিয়া সুনীল গগৈৰ বিৰুদ্ধে হত্যাৰ এক নতুন গোচৰ ৰুজু কৰা বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেলত সদৰী কৰে । তেওঁ কয় যে সুনীল গগৈৰ পত্নীসহ একাংশ আত্মীয়ক এই গোচৰৰ তদন্তৰ আওতালৈ অনা হ’ব ।
উল্লেখ্য যে পূৰ্বতে সুনীল গগৈৰ হত্যাকাৰীৰ সন্ধান দিওতালৈ আৰক্ষী বিভাগে ৫০ হেজাৰ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছিল ৷ এতিয়া পলাতক সুনীল গগৈৰ সন্ধান দিওতাক সেই পৰিমাণৰ পুৰষ্কাৰ প্ৰদান কৰা হ’ব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় ।
যোৱা এক জুনৰ নিশাৰ পৰা আৰম্ভ হোৱা এখন থ্ৰীলাৰ ছবিৰ কাহিনীৰ দৰে এই ঘটনাৰ মূল নায়ক সুনীল গগৈ কেতিয়া আৰক্ষীৰ জালত পৰিব নাইবা দুৰ্ভগীয়া জাহাংগীৰৰ পৰিয়ালে কেতিয়া ন্যায় পাব এই সকলোবোৰ এতিয়া আৰক্ষীৰ তদন্তৰ ওপৰতে নিৰ্ভৰ কৰিব ।
লগতে পঢ়ক: পাষাণ পিতৃ; মাতৃৰ কোলাতে কাটি দুচেও কৰিলে এবছৰীয়া পুত্ৰক

