Vineet Bagaria Suicide Case: ন্যায় বিচাৰি ডিব্ৰুগড়ত অব্যাহত আছে প্ৰতিবাদ

By

Published : Jul 10, 2022, 10:43 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

মানসিক অত্যাচাৰৰ বলি হৈ মৃত্যুৰ পথ বাচি লোৱা ডিব্ৰুগড়ৰ পশুপ্ৰেমী বিনীত বাগাৰীয়াই(Animal activist Vineet Bagaria) আত্মহত্যা কৰা ঘটনাৰ ন্যায় বিচাৰি অব্যাহত আছে প্ৰতিবাদ ৷ দেওবাৰে ডিব্ৰুগড়ৰ ৰাজপথলৈ ওলাই আহিল শ শ লোক । ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ(Dibrugarh AASU) উদ্যোগত আৰু ডিব্ৰুগড়বাসীৰ সহযোগত চহৰখনৰ ফুলবাগানৰ পৰা থানা চাৰিআলিলৈকে এক মৌন সমদল বাহিৰ কৰি উক্ত ঘটনাৰ ন্যায় বিচাৰি হাতে হাতে একোডালকৈ মমবাতি লৈ পদযাত্ৰা বাহিৰ কৰি পশুপ্ৰেমীগৰাকীৰ প্ৰতি শ্ৰদ্বাঞ্জলি জ্ঞাপন কৰে । কাৰ্যসূচী জৰিয়তে কৰ্তব্যত গাফিলতি কৰা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় । উল্লেখযোগ্য যে, বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত ভাড়াতীয়াৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যা কৰিছিল বিনীত বাগাৰীয়াই (Vineet Bagaria Suicide Case)৷

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.