ETV Bharat / state

বড়ো-বাথৌ আৰু বড়ো-খ্ৰীষ্টানৰ মাজত বিভাজন অনাৰ চেষ্টা কৰিছে সত্যৰঞ্জন বৰাই: লৰেঞ্চ ইছলাৰী

author img

By

Published : Jul 10, 2022, 10:35 PM IST

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী। কোকৰাঝাৰত এক সংবাদমেল সম্বোধন কৰি চৰকাৰক সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিধায়ক তথা ইউপিপিএলৰ যুৱনেতা লৰেঞ্চ ইছলাৰীয়ে (MLA Lawrence Islary on Satyaranjan Bora comment)৷

MLA Lorence reaction against Satyaranjan Bora comment
বড়ো বাথৌ আৰু বড়ো খ্ৰীষ্টানৰ মাজত বিভাজন অনাৰ চেষ্ঠা কৰিছে সত্যৰঞ্জন বৰাই : লৰেঞ্চ ইছলাৰী

কোকৰাঝাৰ, ১০ জুলাই : সততে বিতৰ্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী ৷ ৰবিবাৰে কোকৰাঝাৰত এক সংবাদমেল সম্বোধন কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক(Satyaranjan Bora) কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

বড়ো, খ্ৰীষ্টানৰ জনজাতিৰ মৰ্যদা কৰ্তন কৰিবলৈ সংবাদমেলযোগে দাবী জনোৱা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায় বিধায়কগৰাকীয়ে । উল্লেখ্য যে, গুৱাহাটীত এক সংবাদ মেলযোগে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই বড়ো খ্ৰীষ্টানৰ জনজাতিৰ মৰ্যদা কৰ্তন কৰিবলৈ আহ্বান জনাইছিল ।

উক্ত সংবাদমেলত বাথৌ মহাসভাৰ সাধাৰণ সম্পাদক গণেশ দৈমাৰীও উপস্থিত আছিল ।

প্ৰকৃততে এক আদৰণি সভাত উপস্থিত থাকি সত্যৰঞ্জন বৰাই বাথৌ মহাসভাৰ(All Bathou Mahasabha) সাধাৰণ সম্পাদক গণেশ দৈমাৰীক লগত লৈ সম্বোধন কৰা সংবাদমেলত বড়ো বাথৌ আৰু বড়ো খ্ৰীষ্টানৰ মাজত বিভাজন আনিবলৈ চেষ্ঠা কৰিছিল আৰু বড়ো খ্ৰীষ্টানৰ জনজাতিৰ মৰ্যদা কৰ্তন কৰিব লাগে বুলি মন্তব্য কৰিছিল ।

লগতে পঢ়ক : Sidhu Moosewala murder case: দেহৰক্ষী হ্ৰাস কৰাৰ বাবে হত্যা হ’ল সিদ্ধু মুছেৱালা !

ইয়াৰ পিছতে এই সন্দৰ্ভত বাথৌ মহাসভাৰ সাধাৰণ সম্পাদক গণেশ দৈমাৰী পূৰ্বতে অৱগত নাছিল বুলিও প্ৰকাশ পাইছে ৷ ইতিমধ্যে উক্ত বিষয়টোক লৈ বড়ো দল-সংগঠনসমূহে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে । ইপিনে বড়ো খ্ৰীষ্টানৰ জনজাতিৰ মৰ্যদা কৰ্তন কৰিবলৈ সংবাদমেলযোগে দাবী জনোৱাৰ পিছতে সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে তীব্ৰ বিষোদ্গাৰ প্ৰকাশ কৰে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ।

মুছলমানৰ বিৰুদ্ধে কোৱা, চিৰিয়াখানাৰ জীৱ-জন্তুৰ খাদ্য হিচাপে ব্যৱহৃত হোৱা মাংসক লৈও প্ৰতিবাদ কৰা, সময়ে সময়ে ঘৃণা বিয়পোৱা, বিভাজন সৃষ্টিকাৰী সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ৷ লগতে তেওঁ বড়োসকলক লৈ লেতেৰা ৰাজনীতি নকৰিবলৈ সকিয়নী প্ৰদান কৰে ।

ৰাজহুৱা বক্তব্য ৰখাৰ পূৰ্বতে সত্যৰঞ্জন বৰাই জনা উচিত আছিল যে, জনজাতি জাতিগত প্ৰমাণহে, ধৰ্ম ভিত্তিক প্ৰমাণ নহয় বুলি মন্তব্য কৰি লৰেঞ্চ ইছলাৰীয়ে কয় যে, ধৰ্ম সলনি কৰিলে জনজাতিৰ মৰ্যদা কৰ্তন কৰা হ’ব বুলি ভাৰতীয় সংবিধানৰ ক’তোৱেই উল্লেখ নাই । তদুপৰি বড়ো বাদ্যযন্ত্ৰ সন্দৰ্ভতো মাত মতাৰ অধিকাৰ সত্যৰঞ্জন বৰাৰ নাই বুলি উল্লেখ কৰি ধৰ্মৰ নামত বড়োসকলৰ মাজত বিভাজন অনাৰ চেষ্ঠা নকৰাই ভাল বুলি উল্লেখ কৰে ।

বড়োসকলৰ উপাসনাস্থলী বেলেগ হ’লেও আন সকলো ক্ষেত্ৰতে বড়োসকল একগোট আৰু পৃথিৱীৰ সকলো বড়ো একগোট হোৱা মূলমন্ত্ৰতহে তেওঁলোক বিশ্বাসী বুলি মন্তব্য কৰি সত্যৰঞ্জনৰ দৰে ঘৃণা-বিদ্বেষ বিয়পোৱা নেতাৰ কথাত বড়োৰ ঐকতা ভাঙি নাযায় বুলিও মন্তব্য কৰিছে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ।

লগতে পঢ়ক : PM Fasal Bima Yojana: প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাই স্পৰ্শ কৰিব পৰা নাই অসমৰ সকলো কৃষকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.