ETV Bharat / state

কৰ্তব্যত গাফিলতি: চাকৰিৰ পৰা নিলম্বন চিকিৎসকসহ 9 গৰাকী স্বাস্থ্যকৰ্মীক

author img

By

Published : Jul 10, 2022, 7:30 PM IST

Updated : Jul 10, 2022, 9:31 PM IST

9-health-workers-suspended-in-dima-hasao
9-health-workers-suspended-in-dima-hasao

কৰ্তব্যত গাফিলতি কৰি চাকৰি হেৰুৱালে চিকিৎসকসহ 9 গৰাকী স্বাস্থ্যকৰ্মীয়ে (9 health workers suspended) ৷ মাইবং মহকুমাৰ অধীনত থকা খেপৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্তব্যৰ সময়ত উপস্থিত নথকাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হয় স্বাস্থ্যকেন্দ্ৰটোৰ কৰ্মীসকলৰ বিৰুদ্ধে ৷

ডিমা হাছাও, 10 জুলাই : ধোবাং বাং স্বাস্থ্য কেন্দ্ৰ ৷ কৰ্তব্যত গাফিলতি কৰি চাকৰিৰ পৰা হাত ধোলে চিকিৎসক সহ 9 গৰাকী স্বাস্থ্যকৰ্মীয়ে (9 health workers suspended) ৷ মাইবং মহকুমাৰ অধীনত থকা খেপৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্তব্যৰ সময়ত উপস্থিত নথকাৰ বাবে এই দুৰ্দশা স্বাস্থ্যকেন্দ্ৰটোৰ কৰ্মীসকলৰ ৷

স্থানীয় লোকে অভিযোগ উত্থাপন কৰা অনুসৰি গাঁওখনৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰটোত প্ৰায়েই তলা মৰা হৈ থাকে (Health department news)৷ প্ৰয়োজনত চিকিৎসাৰ সময়ত এগৰাকী চিকিৎসা কৰ্মীও কেন্দ্ৰটোত উপস্থিত নাথাকে ৷ আনহাতে চিকিৎসকগৰাকীয়ে নামতহে কেন্দ্ৰটোৰ চিকিৎসকৰ পদত বহি আছে ৷ বছৰ বছৰ ধৰি গাঁওবাসীয়ে উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ আছে ৷ সামান্য অসুখ হ'লেও গাঁওবাসীয়ে স্বাস্থ্য কেন্দ্ৰটোৰ ওপৰত ভৰসা কৰিব নোৱাৰে (Health worker suspended in Dima Hasao)৷

health workers suspended
নিলম্বনৰ নিৰ্দেশনা

দেওবাৰে ডিমা হাছাও জিলাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালিকা ডঃ কল্পনা কেম্প্ৰাইয়ে এক নিৰ্দেশনা জাৰি কৰি স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসকসহ 9 গৰাকী স্বাস্থ্য কৰ্মীক কৰ্তব্যত গাফিলতি কৰাৰ বাবে চাকৰিৰ পৰা নিলম্বন কৰে ৷

খেপৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ড৹ জেচি নিয়ান থিয়াংযাও, ফাৰ্মাচিষ্ট মুস্তক আহমেদ, ফাৰ্মাচিষ্ট এছ আৰ লস্কৰ, এএনএম উষা লাংথাচা, এএনএম নেইজাহাত চাংচন, জিএনএম কিছমাই লাংথাচাৰ লগতে চতুৰ্থ বৰ্গৰ স্বাস্থ্য কৰ্মী প্ৰনেন লংমাইলাই আৰু জিনখাওপাও চাংচনক চাকৰিৰ পৰা নিলম্বন কৰে ৷ অনাগত সময়ত বিভাগীয় তদন্ত সম্পূৰ্ণ নোহোৱালৈকে এই নিলম্বনৰ নিৰ্দেশ বহাল থাকিব বুলি নিৰ্দেশনাত উল্লেখ কৰে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকাগৰাকীয়ে (Dima Haso health department)৷

উল্লেখযোগ্য যে, কেৱল এখন স্বাস্থ্য কেন্দ্ৰই নহয় ডিমা হাছাও জিলাৰ বিভিন্ন গাঁৱত থকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সমূহত স্বাস্থ্য কৰ্মীৰ অনুপস্থিত বাবে গাঁও অঞ্চলৰ ৰাইজে উপযুক্ত স্বাস্থ্য পৰিসেৱাৰ পৰা বঞ্চিত হৈ আহিছে ৷ যোৱা 6 জুলাইত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই পাৰ্বত্য পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য বিশ্বজিত দাওলাগাপু আৰু ৰতন জাৰামবুছাৰ সহযোগত মাইবং মহকুমাৰ অন্তৰ্গত খেপৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰিছিল ৷ ইয়াৰ পিছতে স্বাস্থ্য কেন্দ্ৰখনৰ কৰ্মীসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰে ড৹ কল্পনা কেম্প্ৰাইয়ে ৷

লগতে পঢ়ক : Controversy in LMC : লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী নাৰ্চক নিলম্বন

Last Updated :Jul 10, 2022, 9:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.