ETV Bharat / state

Controversy in LMC : লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী নাৰ্চক নিলম্বন

author img

By

Published : Jun 28, 2022, 3:13 PM IST

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী নাৰ্চক নিলম্বন
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী নাৰ্চক নিলম্বন

কৰ্তব্যত গাফিলতি কৰাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত দুগৰাকী নাৰ্চক নিলম্বন কৰা হয় (Two nurse suspended in Lakhimpur medical college) ৷

লখিমপুৰ, 28 জুন : লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত নৱজাতক সাল-সলনি হোৱা ঘটনাৰ নতুন মোৰ (Controversy in LMC) ৷ নৱজাতক সালসলনি হোৱাৰ ঘটনাৰ পৰিণতিত কৰ্তব্যত গাফিলতি কৰাৰ বাবে দুগৰাকী নাৰ্চক নিলম্বন কৰা হয় (Two nurse suspended in Lakhimpur medical college) ৷

যোৱা 26 জুনত চিকিৎসালয়খনত নিশাৰ ভাগত প্ৰসূতি এগৰাকীৰ এটা সন্তান জন্ম হৈছিল ৷ চিকিৎসক আৰু নাৰ্চৰ মতে প্ৰসূতিগৰাকীয়ে জন্ম দিছিল এটা ল’ৰা সন্তানৰ । কিন্তু দেওবাৰে পুৱা সন্তানটোক চাফ-চিকুণ কৰিবলৈ লওতেই নিশা চিকিৎসক আৰু নাৰ্চে জন্ম লাভ কৰা শিশুটি ল’ৰা বুলি কোৱাৰ পিছত পুৱা কন্যা সন্তান দেখি হতবাক হৈ পৰে পিতৃ-মাতৃ ৷ ইয়াৰ পিছতে এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় হাস্পতাল চৌহদত ৷

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী নাৰ্চক নিলম্বন

এই ঘটনাৰ সন্দৰ্ভত চিকিৎসালয়খনৰ তৰফৰ পৰা সমগ্ৰ ঘটনাটোৰ তদন্ত কৰা হয়। মঙলবাৰে লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ অতিৰিক্ত অধীক্ষক ডাঃ নিখিল কাকতিয়ে সংবাদমাধ্যমক জনায় যে দুয়োগৰাকী নাৰ্চে কৰ্তব্যত অমনোযোগী আছিল। উক্ত দিনা প্ৰকৃততে কন্যা সন্তান জন্ম হৈছিল যদিও তেঁওলোকে পুত্ৰ বুলি ভুলকৈ প্ৰকাশ কৰিছিল ৷

হাস্পতালখনত নৱজাতক সালসলনি হোৱাৰ কোনো অৱকাশ নাই বৰং নাৰ্চৰ অমনোযোগী তাৰ বাবেহে কন্যা সন্তানটো তেঁওলোকে ভুলকৈ পুত্ৰ সন্তান বুলি পিতৃ-মাতৃক অৱগত কৰিছিল ৷ এই চৰম ভুলৰ বাবে দুয়োগৰাকী নাৰ্চক ইতিমধ্যে নিলম্বন কৰা হৈছে বুলি অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে৷

লগতে পঢ়ক : Mumbai Building Collapsed: মুম্বাইত অট্টালিকা খহি 5 জন আহত, বহু লোক আৱদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.