Mumbai Building Collapsed: মুম্বাইত অট্টালিকা খহি 5 জন আহত, বহু লোক আৱদ্ধ

author img

By

Published : Jun 28, 2022, 9:15 AM IST

building-collapsed-in-kurla
মুম্বাইত অট্টালিকা খহি 5 জন আহত ()

মুম্বাইৰ কুৰ্লাত ভয়ংকৰ অঘটন (Mumbai Building Collapsed) ৷ তাচপাতৰ দৰে খহি পৰিল এটা চাৰিমহলীয়া অট্টালিকা ৷ অট্টালিকা খহি পৰাৰ ফলত ধ্বংসস্তুপত আৱদ্ধ হৈ পৰিছে বহু লোক ৷ উদ্ধাৰ অভিযান অব্যাহত ৷

মুম্বাই, 28 জুন : সোমবাৰে নিশা মুম্বাইৰ কুৰ্লাৰ নায়েক নগৰত এটা চাৰিমহলীয়া অট্টালিকা আকষ্মিকভাৱে খহি পৰে (Building collapse in Kurla) ৷ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ৷ অট্টালিকাটো খহি পৰাৰ ফলত বহু লোক ধ্বংসস্তুপৰ আৱদ্ধ হৈ পৰিছে (Many people were trapped under pile) ৷

ঘটনাস্থলীত নিশাই অগ্নিনিৰ্বাপক বাহিনীৰ 7 খন বাহন, 2 খন উদ্ধাৰকাৰী ভান আৰু 1 খন এম্বুলেন্স উপস্থিত হয় ৷ নিশাৰ পৰাই অঞ্চলটোত আৱদ্ধ লোকসকলক বিচাৰি অব্যাহত আছে উদ্ধাৰ অভিযান ৷ বৰ্তমানলৈ ঘটনাস্থলীৰ পৰা 7 জন আঘাতপ্ৰাপ্ত লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে (7 Injured)৷

BUILDING COLLAPSED IN THE KURLA
তাচপাতৰ দৰে খহি পৰিছে চাৰিমহলীয়া অট্টালিকা

মহাৰাষ্ট্ৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী আদিত্য ঠাকৰেয়ে জানিবলৈ দিয়া অনুসৰি অঞ্চলটোৰ পৰা উদ্ধাৰ কৰা 5 জনক লোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

উললেখ্য যে, বিএমচিয়ে (Brihanmumbai Municipal Corporation) উক্ত অঞ্চলৰ চাৰিটা জৰাজীৰ্ণ অট্টালিকা বসবাসৰ বাবে উপযোগী নহয় বুলি পূৰ্বতেই জাননী জাৰি কৰিছিল ৷ ইয়াৰ পিছতো এচাম লোকে এই জাননীক আওকান কৰি সেই অট্টালিকাটোত বসবাস কৰি আহিছিল ৷

সেয়েহে মঙলবাৰে পুৱাই সেই স্থানত থকা আন তিনিটা অট্টালিকাত বসবাস কৰি অহা লোকসকলক স্থানান্তৰ কৰিবৰ বাবে প্ৰশাসনক কঠোৰ নিৰ্দেশনা দিলে কেবিনেট মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: সিন্দে চাহাৱ হম আপকে চাথ হে: একনাথ সিন্দেৰ সমৰ্থনত গুৱাহাটীৰ ৰাজপথত বৃহৎ হৰ্ডিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.