ETV Bharat / state

Installation of GL Agarwal statue: প্ৰতিমূৰ্তি স্থাপনৰ পূৰ্বে বৰপেটাত ভূমি পূজন

author img

By

Published : Jul 11, 2022, 7:49 AM IST

বৰপেটাৰোডত স্থাপন হ’ব জি এল পাব্লিকেচনৰ স্বত্বাধিকাৰী প্ৰয়াত জি এল আগৰৱালাৰ এটি আৱক্ষ প্ৰতিমূৰ্তি (Installation of GL Agarwal statue) ৷ প্ৰতিমূৰ্তি স্থাপনৰ পূৰ্বে দেওবাৰে বৰপেটাৰোডত কৰা হয় ভূমি পূজন (Bhoomi Poojan in Barpeta) ৷ ভূমি পূজনৰ এক মাংগলিক অনুষ্ঠানটোত উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃনালিনী দেৱী ৷

Bhumi pujon in Barpeta road for installation of late GL Agarwaladev statue
জি এল আগৰৱালাদেৱৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে ভূমি পূজন বৰপেটাত

বৰপেটা, 11 জুলাই: অসম সাহিত্য সভাৰ বৰপেটাৰোড অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি তথা জি এল পাব্লিকেচনৰ স্বত্বাধিকাৰী প্ৰয়াত জি এল আগৰৱালাৰ এটি আৱক্ষ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব (Installation of GL Agarwal statue) ৷ প্ৰতিমূৰ্তি স্থাপনৰ পূৰ্বে দেওবাৰে বৰপেটাৰোডত আয়োজন কৰা হয় ভূমি পূজনৰ এক মাংগলিক কাৰ্যসূচী (Bhoomi Poojan in Barpeta) ৷ বৰপেটাৰোড সাহিত্য সভাৰ উদ্যোগত আয়োজিত ভূমি পূজনৰ এই কাৰ্যসূচীত উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ সভানেত্ৰী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাতৃ মৃনালিনী দেৱী (Mrinalini Devi, Vice President, Asam Sahitya Sabha) ৷

ভূমি পূজনৰ কাৰ্যসূচীত উপস্থিত থাকি অসম সাহিত্য সভাৰ উপ সভানেত্ৰীগৰাকীয়ে কয়, "প্ৰয়াত জি এল আগৰৱালাই আমাৰ সমাজৰ হিতৰ বাবে কাম কৰা এগৰাকী মানৱ দৰদী সুযোগ্য সন্তান আছিল । গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰয়াত জি এল আগৰৱালাই বিভিন্ন আধ্যাত্মিক অনুষ্ঠানৰ জন্ম দি সকলোৰে হৃদয় চুই গৈছিল ৷ অসমৰ সমাজ জীৱনৰ বাবে কৰি থৈ যোৱা তেখেতৰ অৱদানক অসমবাসীয়ে সদায় স্মৰণ কৰিব" ৷

জি এল আগৰৱালাদেৱৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে ভূমি পূজন বৰপেটাত

সাহিত্য সভাৰ উপ সভানেত্ৰীগৰাকীয়ে লগতে কয়, অসম সাহিত্য সভাৰ বৰপেটাৰোড অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি হোৱাৰে পৰাই প্ৰয়াত আগৰৱালাৰ লগত মোৰ চিনাকি ৷ এইগৰাকী মহান ব্যক্তিৰ আৱক্ষ প্ৰতিমূৰ্তি স্থাপনৰ পূৰ্বে আয়োজিত ভূমি পূজনৰ কাৰ্যসূচীত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছো ৷

ভূমি পূজনৰ অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জি এল পাব্লিকেছনৰ পৰিচালন সঞ্চালক তথা স্বত্বাধিকাৰী সমীৰ আগৰৱালা, জি এল পাব্লিকেছনৰ মহাপ্ৰৱন্ধক প্ৰণৱ তালুকদাৰ, বিশিষ্ট সাংবাদিক তথা আমাৰ অসম কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক ৰবীন ভূঞা, চিকিৎসক ডাঃ জয়ন্ত বিশ্ব শৰ্মা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য গণেশ নাথ, অসম সাহিত্য সভাৰ মুখপাত্ৰ ড৹ সঞ্জীব কুমাৰ শৰ্মা আৰু অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক গোবিন্দ তালুকদাৰ ৷ লগতে ভুমিপূজনৰ এই অনুষ্ঠানতটোত উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ মাতৃ হীৰা দাস ৷

লগতে পঢ়ক: গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ ভূমি পূজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.