ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 12, 2022, 1:01 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

উত্তৰ-পূৱৰ নদীৰ উন্নয়নৰ বাবে ব্ৰহ্মপুত্ৰ ব’ৰ্ডে লৈছে বিশেষ পদক্ষেপ

দীৰ্ঘদিন ধৰি উত্তৰ-পূৱৰ নদীসমূহৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ লৈ আহিছে ব্ৰহ্মপুত্ৰ ব'ৰ্ডে । ত্ৰিপুৰাৰ দুখনকৈ নৈৰ সন্দৰ্ভত নতুনকৈ অধ্যয়ন চলাব ব'ৰ্ডে । আগৰতলাত অনুষ্ঠিত ব'ৰ্ডৰ সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ (Brahmaputra Board general meeting at Tripura) । কেন্দ্ৰীয় জল আয়োগৰ সহযোগত ব্ৰহ্মপুত্ৰ ব'ৰ্ডে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত দক্ষতা বিকাশৰ ওপৰত কৰ্মশালাৰ আয়োজন কৰিব ।

Trikut ropeway mishap : হেলিকপ্তাৰৰ সহায়ত পুনৰ আৰম্ভ উদ্ধাৰ অভিযান

ঝাৰখণ্ডৰ দেওঘৰ জিলাত ত্ৰিকুট ৰ’পৱেৰ দুৰ্ঘটনা (Deoghar Trikut ropeway accident) । বায়ু সেনাই ৰ’পৱেত আৱদ্ধ লোকক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । সোমবাৰে নিশা এই অভিযান স্থগিত ৰখা হৈছিল । মঙলবাৰে পুৱাৰে পৰা পুনৰ আৰম্ভ হৈছে উদ্ধাৰ অভিযান ।

নকল সোণৰ নাওসহ নগাঁও আৰক্ষীৰ জালত চাৰি ব্যৱসায়ী

পুনৰ নগাঁও আৰক্ষীৰ সফলতা ৷ নগাঁৱত আৰক্ষীৰ জালত পৰিছে চাৰি নকল সোণৰ ব্যৱসায়ী (Fake gold smuggler arrested) ৷ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে নকল সোণেৰে নিৰ্মিত দুখন নাও, ম’বাইল ফোন আৰু নগদ ধন ।

Encounter in Nalbari : দৌলাশাল আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত দিলবাৰ আলী

আকৌ ফুটিল অসম আৰক্ষীৰ গুলী (Police encounter at Mukalmua) ৷ সোমবাৰে নিশা মুকালমুৱাৰ কাপলাবড়ীত দৌলাশাল আৰক্ষীৰ অভিযান । আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত দিলবাৰ আলী ৷

আয়কৰ ঘূৰাই পাবলৈ এই পদক্ষেপবোৰ অনুসৰণ কৰক

যদি আপুনি জোখতকৈ বেছি আয়কৰ জমা দিয়ে, তেনেহ'লে ঘূৰাই পোৱাৰ যোগ্য । কিন্তু কেতিয়াবা আয়কৰ ঘূৰাই নাপাবও পাৰে । বিভিন্ন কাৰণত আপুনি ইয়াৰ দ্বাৰা বঞ্চিত হ'ব পাৰে । সেয়ে তলত উল্লেখ কৰা পৰামৰ্শবোৰ লক্ষ্য কৰক (Follow these steps to claim income tax refund) ৷ হয়টো তাৰ পাছত আপুনিও আয়কৰ ঘূৰাই পাবলৈ সক্ষম হ'ব ।

Lakhimpur Kheri Violence : লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ আজি শুনানি

আজি শুনানি গ্ৰহণ কৰা হ’ব উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীৰ হিংসাত্মক গোচৰ(Lakhimpur Kheri Violence) ৰ ৷ উল্লেখ্য যে, 2021 চনৰ 3 অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰী জিলাত আঠগৰাকীকৈ কৃষকে মন্ত্ৰীপুত্ৰৰ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাইছিল ৷ উক্ত বাহনখন কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰ আশীষ মিশ্ৰৰ বুলি পিছত পোহৰলৈ আহে ৷ গোচৰটোৰ তদন্তৰ ভাৰ SIT ক অৰ্পণ কৰা হৈছিল আৰু তেওঁলোকে পৰৱৰ্তী সময়ত চাৰ্জ শ্বীট দাখিল কৰে ৷

ATPA Shield Football : ষষ্ঠবাৰৰ বাবে চেম্পিয়ন অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ

57 সংখ্যক ATPA শ্বিল্ড ফুটবল প্ৰতিযোগিতাত ষষ্ঠবাৰৰ বাবে নিজৰ নাম খোদিত কৰিলে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে(ASEBSC) ৷ প্ৰতিযোগিতাখনৰ ফাইনেলত অইল ইণ্ডিয়া দলটোক পৰাস্ত কৰি বিদ্যুৎ পৰিষদে চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰে (ASEBSC win ATPA Shield at Jorhat) ৷

এআইইউডিএফৰ লগত যুঁজিলে কংগ্ৰেছ নিজেই শেষ হৈ যাব : ৰফিকুল ইছলাম

তীব্ৰ বাক-বিতণ্ডা দেখিবলৈ পোৱা গৈছে বিৰোধী দল কংগ্ৰেছ আৰু এআইইউডিএফ-ৰ মাজত ৷ এআইইউডিএফ-ৰ বিধায়ক আমিনুল ইছলামে শেহতীয়াকৈ তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল কংগ্ৰেছ দলৰ লগতে সভাপতি ভূপেন বৰাক । ইয়াৰ পিছতে জনিয়াৰ এআইইউডিএফ-ৰ বিধায়ক ৰফিকুল ইছলামে কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা(MLA Rafiqul Islam criticized Congress) কৰা পৰিলক্ষিত হৈছে ৷

International Water Transport Conference : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিলে আন্তঃৰাষ্ট্ৰীয় জলপথ সন্মিলন

ডিব্ৰুগড়ত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় জলপথ সন্মিলন (International Water Transport Conference in Dibrugarh) ৷ সোমবাৰে সন্মিলনখনৰ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Minister Sarbananda Sonowal inaugurates International Waterways conclave) ।

Om Birla in Kamakhya : কামাখ্যাত পূজা-অৰ্চনা লোকসভাৰ অধ্যক্ষৰ

শুকুৰবাৰে নিশা প্ৰায় আঠ বজাত গুৱাহাটীত উপস্থিত হয় লোকসভাৰ অধ্যক্ষ ওম বিৰলা (Om Birla arrives Guwahati)। গুৱাহাটীত উপস্থিত হৈ সোমবাৰে বিয়লি কামাখ্যা দেৱালয়ত উপস্থিত হৈ কামাখ্যা মাৰ আশিস ল'লে লোকসভাৰ অধ্যক্ষগৰাকীয়ে (Lok Sabha Speaker visit Kamakhya temple) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.