ETV Bharat / state

Encounter in Nalbari : দৌলাশাল আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত দিলবাৰ আলী

author img

By

Published : Apr 12, 2022, 9:44 AM IST

Updated : Apr 12, 2022, 9:56 AM IST

আকৌ ফুটিল অসম আৰক্ষীৰ গুলী (Police encounter at Mukalmua) ৷ সোমবাৰে নিশা মুকালমুৱাৰ কাপলাবড়ীত দৌলাশাল আৰক্ষীৰ অভিযান । আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত দিলবাৰ আলী ৷

আকৌ ফুটিল অসম আৰক্ষীৰ গুলী
আকৌ ফুটিল অসম আৰক্ষীৰ গুলী

নলবাৰী, 12 এপ্ৰিল : ৰাজ্যত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক ৷ এইবাৰ নলবাৰীত আৰক্ষীৰ বন্দুকৰ গুলীয়ে আঘাত কৰিলে এটা অপৰাধীক (Police encounter at Mukalmua) ৷ সোমবাৰে নিশা নলবাৰীৰ কাপলাবড়ীত সংঘটিত হয় আৰক্ষীৰ এই গুলীচালনা ৷

তথ্য অনুসৰি, নলবাৰীৰ কাপলাবড়ীত সোমবাৰে নিশা দৌলাশাল আৰক্ষীয়ে চলাই এক অভিযান (Encounter in Nalbari) ৷ এই অভিযানতে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় এটা দুৰ্ধৰ্ষ ডকাইত ৷ জানিব পৰা মতে, ডকাইতটোৱে প্ৰথমতে আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ ডকাইতৰ আক্ৰমণত সামান্য পৰিমাণে আহত হয় এগৰাকী আৰক্ষী বিষয়া ৷

তাৰ পাচতেই সেই স্থানৰ পৰা পলায়নৰ চেষ্টা কৰে ডকাইতটোৱে ৷ ফলত আৰক্ষীৰ দলটোৱে ডকাইতটোক উদ্দেশ্যি গুলী চলাবলৈ বাধ্য হয় ৷ আৰক্ষীৰ গুলীত আহত হোৱা ডকাইতটোৰ নাম দিলবাৰ আলী বুলি জানিব পৰা গৈছে ৷

দৌলাশাল আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত দিলবাৰ আলী

অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত মতামত দিয়াৰ পৰা বিৰত থাকে ৷ ইয়াৰ বিপৰীতে এগৰাকী কনিষ্টবলে সদৰী কৰে কিছু কথা ৷ সেই অনুসৰি, কেৱল আটকাধীন দিলবাৰ আলীয়ে নহয়, এই ঘটনাৰ লগত জড়িত আছে আৰু বহু অপৰাধী ৷ এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷ উল্লেখ্য যে, নলবাৰীত ট্ৰাক হাইজেক কৰাৰ উপৰিও বহুকেইটা ডকাইতি কাণ্ডৰ লগত জড়িত আছিল ধৃত দিলবাৰ আলী ৷

লগতে পঢ়ক : Biswanath police encounter: আৰক্ষীৰ গুলীত আহত শিশু ধৰ্ষণকাৰী

Last Updated :Apr 12, 2022, 9:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.