ETV Bharat / bharat

Lakhimpur Kheri Violence : লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ আজি শুনানি

author img

By

Published : Apr 12, 2022, 10:50 AM IST

আজি শুনানি গ্ৰহণ কৰা হ’ব উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীৰ হিংসাত্মক গোচৰ(Lakhimpur Kheri Violence) ৰ ৷ উল্লেখ্য যে, 2021 চনৰ 3 অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰী জিলাত আঠগৰাকীকৈ কৃষকে মন্ত্ৰীপুত্ৰৰ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাইছিল ৷ উক্ত বাহনখন কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰ আশীষ মিশ্ৰৰ বুলি পিছত পোহৰলৈ আহে ৷ গোচৰটোৰ তদন্তৰ ভাৰ SIT ক অৰ্পণ কৰা হৈছিল আৰু তেওঁলোকে পৰৱৰ্তী সময়ত চাৰ্জ শ্বীট দাখিল কৰে ৷

hearing-of-lakhimpur-violence-case-will-be-held-in-district-judge-court-today
লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ আজি শুনানি

নেশ্যনেল ডেস্ক, 12 এপ্ৰিল : আজি শুনানি গ্ৰহণ কৰা হ’ব উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীৰ হিংসাত্মক গোচৰ(Lakhimpur Kheri Violence) ৰ ৷ জিলা ন্যায়াধীশৰ আদালতত গ্ৰহণ কৰা হ'ব এই শুনানি(Hearing of Lakhimpur violence case) ৷ ইতিমধ্যে হৈ যোৱা শুনানিটোত অভিযুক্তৰ হকে আবেদন দাখিল কৰা হৈছিল ৷ বিষয় সন্দৰ্ভত চৰকাৰী অধিবক্তা অৰবিন্দ ত্ৰিপাঠীয়ে মঙলবাৰে আদালতত অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত এই শুনানি গ্ৰহণ কৰিব বুলি সদৰি কৰে ৷

লগতে চাওক: Lakhimpur kheri: তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে নিয়োগ কৰা হ’ব প্ৰাক্তন ন্যায়াধীশ

উল্লেখ্য যে, 2021 চনৰ 3 অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰী জিলাত আঠগৰাকীকৈ কৃষকে মন্ত্ৰীপুত্ৰৰ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাইছিল ৷ উক্ত বাহনখন কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰ আশীষ মিশ্ৰৰ বুলি পিছত পোহৰলৈ আহে ৷ গোচৰটোৰ তদন্তৰ ভাৰ SIT ক অৰ্পণ কৰা হৈছিল আৰু তেওঁলোকে পৰৱৰ্তী সময়ত চাৰ্জ শ্বীট দাখিল কৰে ৷

hearing-of-lakhimpur-violence-case-will-be-held-in-district-judge-court-today
খেৰীৰ হিংসাত্মক ঘটনা

লগতে চাওক: উত্তৰ প্ৰদেশৰ খেৰীৰ হিংসাত্মক ঘটনাৰ ভাইৰেল হ’ল ভিডিঅ’

উল্লেখ্য যে, এইক্ষেত্ৰত মন্ত্ৰীপুত্ৰ আশীষ মিশ্ৰ আৰু তেওঁৰ আত্মীয় বীৰেন্দ্ৰ শুক্লাক উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে ৷ আনহাতে, বিজেপি কৰ্মী সুমিত জয়ছোৱাল আৰু অংকিত দাসকে ধৰি ১২ জন অভিযুক্ত এতিয়াও জিলা কাৰাগাৰত বন্দী হৈ আছে ৷ তেওঁলোক দুয়োজনৰ বিৰুদ্ধে এগৰাকী সাংবাদিক আৰু চাৰিগৰাকী কৃষকক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই দুয়োটা গোচৰৰ শুনানি আজি জিলা ন্যায়াধীশৰ আদালতত গ্ৰহণ কৰা হ'ব ৷

লগতে চাওক: উত্তৰ প্ৰদেশৰ খেৰীত সংঘৰ্ষ : মন্ত্ৰী পুত্ৰৰ বাহনৰ তলত আহি 8 কৃষকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.