ETV Bharat / state

ATPA Shield Football : ষষ্ঠবাৰৰ বাবে চেম্পিয়ন অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ

author img

By

Published : Apr 12, 2022, 11:22 AM IST

57 সংখ্যক ATPA শ্বিল্ড ফুটবল প্ৰতিযোগিতাত ষষ্ঠবাৰৰ বাবে নিজৰ নাম খোদিত কৰিলে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে(ASEBSC) ৷ প্ৰতিযোগিতাখনৰ ফাইনেলত অইল ইণ্ডিয়া দলটোক পৰাস্ত কৰি বিদ্যুৎ পৰিষদে চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰে (ASEBSC win ATPA Shield at Jorhat) ৷

ASEBSC win ATPA Shield at Jorhat
ATPA শ্বিল্ড ফুটবল প্ৰতিযোগিতাত ষষ্ঠ বাৰৰ বাবে উজ্বলিল অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দল

যোৰহাট, 12 এপ্ৰিল : যোৰহাটৰ ATPA শ্বিল্ড ফুটবল প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দল ৷ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দল হৈছে ATPA শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ পূৰ্বৰ পাঁচবাৰৰ চূড়ান্ত বিজয়ী দল (ASEBSC win ATPA Shield at Jorhat) ।

সোমবাৰে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে অইল ইণ্ডিয়া দলক 2-1 গ’লৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান অর্জন কৰিবলৈ সক্ষম হয় (ASEBSC lifted ATPA Shield title defeating Oil India Limited Football Club) । প্ৰতিযোগিতাখনৰ ফাইনেলত ফেভাৰিট হিচাপে ফিল্ডত নামে অইল ইণ্ডিয়া দল আৰু সেই অনুসৰি উপৰ্যুপৰি আঘাত কৰে বিদ্যুতৰ হাফট । খেলৰ প্ৰথমাৰ্ধত অইল ইণ্ডিয়াৰ উপৰ্যুপৰি আক্ৰমণত বিধ্বস্ত হৈ পৰে বিদ্যুৎ দলৰ ৰক্ষণ বিভাগ ।

ATPA শ্বিল্ড ফুটবল প্ৰতিযোগিতাত ষষ্ঠ বাৰৰ বাবে উজ্বলিল অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দল

এই খেলৰ প্ৰথমাৰ্ধত বিদ্যুৎ পৰিষদ দলে দুই-এটা আক্ৰমণ ৰচে যদিও ব্যৰ্থ হয় দুৰ্বল ফিনিচিং তথা অইল দলৰ সুদক্ষ গ’লৰক্ষক অৰুপ বৰুৱাৰ সুন্দৰ প্ৰদর্শনৰ বাবে । সোমবাৰৰ এই খেলখনৰ প্ৰথমাৰ্ধত এটা পেনাল্টিৰ জৰিয়তে খেলত প্ৰথম অগ্ৰগতি লাভ কৰে অইল ইণ্ডিয়া দলে ।

অইল ইণ্ডিয়া দলৰ ৰাহুল দাসে চেণ্টাৰ পজিশ্বনৰ পৰা বল লৈ বিদ্যুতৰ বক্সত প্ৰৱেশ কৰোতে বিদ্যুতৰ ৰক্ষণ বিভাগৰ খেলুৱৈয়ে বিধি নিষিদ্ধভাৱে বাধা দিয়াত ৰেফাৰীয়ে পেনাল্টি ঘোষণা কৰে । উক্ত পেনাল্টিতো পৰৱৰ্তী সময়ত গ’ললৈ ৰূপান্তৰ হয় ৷ তাৰপাচত অইল ইণ্ডিয়া দলক খেলৰ প্ৰথমাৰ্ধৰ 11 মিনিটত 1-0 গ’লৰ অগ্ৰগতি প্ৰদান কৰে মিণ্টু বড়োৱে ।

লগতে পঢ়ক : ফেডাৰেচন কাপ এথলেটিকচত স্বৰ্ণ জয় হিমা-অম্লানৰ

ইয়াৰ পাচত বিদ্যুৎ দলে সমতা স্থাপন কৰিবৰ বাবে আপ্ৰাণ চেষ্টা কৰে যদিও ব্যৰ্থ হয় অইল ইণ্ডিয়াৰ ৰক্ষণ বিভাগৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে । যাৰ ফলত খেলৰ প্ৰথমাৰ্ধত 1-0 গ’লত অগ্ৰগতি লাভ কৰি থাকে অইল ইণ্ডিয়া দলে । প্ৰথমাৰ্ধত পিছপৰি ৰোৱা বিদ্যুৎ দলে খেলৰ দ্বিতীয়াৰ্ধত উপৰ্যুপৰি আক্ৰমণ ৰছে অইলৰ হাফট সমতা স্থাপনৰ বাবে । কিন্তু ব্যৰ্থ হয় দুৰ্বল প্ৰদৰ্শনৰ বাবে ।

ইয়াৰ বিপৰীতে অইল ইণ্ডিয়া দলে ৰক্ষণাত্মক খেল প্ৰদৰ্শন কৰে । কিন্তু ইয়াৰ মাজতে খেলৰ দ্বিতীয়াৰ্ধত কাউণ্টাৰ এটেকত বিদ্যুৎ দলৰ হৈ সমতা স্থাপন কৰে ত্ৰিদেৱ বড়োৱে । দ্বিতীয়াৰ্ধৰ 40 মিনিটত বিদ্যুৎ দলৰ শুভংগছো বসুমতাৰীয়ে এটা বল লৈ অইল দলৰ হাফট প্ৰৱেশ কৰি দিয়া এটা মাইনাচত বল গ’ললৈ ৰূপান্তৰ কৰে বিদ্যুৎ দলৰ ত্ৰিদেৱ বড়োৱে ।

(1-1) ইয়াৰ পিছত পুনৰ এবাৰ আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰি বিদ্যুৎ দলে খেলৰ ব্যৱধান 2-1 লৈ বৃদ্ধি কৰে ব্যৱচেং আওৰ গ’লৰ সহায়ত । ইয়াৰ পাচত অইল দলে সমতা স্থাপনৰ আপ্ৰাণৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয় । ফলত বিদ্যুৎ দলে 57 সংখ্যক ATPA প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : 68 সংখ্যক বৰদলৈ ট্ৰফীৰ খিতাপ জয় দিল্লী এফ চিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.