ETV Bharat / state

এআইইউডিএফৰ লগত যুঁজিলে কংগ্ৰেছ নিজেই শেষ হৈ যাব : ৰফিকুল ইছলাম

author img

By

Published : Apr 12, 2022, 7:46 AM IST

তীব্ৰ বাক-বিতণ্ডা দেখিবলৈ পোৱা গৈছে বিৰোধী দল কংগ্ৰেছ আৰু এআইইউডিএফ-ৰ মাজত ৷ এআইইউডিএফ-ৰ বিধায়ক আমিনুল ইছলামে শেহতীয়াকৈ তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল কংগ্ৰেছ দলৰ লগতে সভাপতি ভূপেন বৰাক । ইয়াৰ পিছতে জনিয়াৰ এআইইউডিএফ-ৰ বিধায়ক ৰফিকুল ইছলামে কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা(MLA Rafiqul Islam criticized Congress) কৰা পৰিলক্ষিত হৈছে ৷

mla-rafiqul-islam-criticized-congress-in-guwahati
কংগ্ৰেছক সমালোচনা বিধায়ক ৰফিকুল ইছলামৰ

গুৱাহাটী, 12 এপ্ৰিল : অসমত শেহতীয়াকৈ কংগ্ৰেছ আৰু এআইইউডিএফ-ৰ মাজত চলি থকা ৰাজনৈতিক বাকযুদ্ধখন তুংগত উঠিছে । আজি যদি কংগ্ৰেছে আক্ৰমণ কৰিছে এআইইউডিএফক, কালি আকৌ দুগুণ বলেৰে এআইইউডিএফে জপটিয়াই ধৰিছে কংগ্ৰেছক । মুঠতে ৰাজ্যসভা নিৰ্বাচনত কোনে কাৰ নিমখ খাই নিমখহাৰামী কৰিলে, তাকে লৈ এতিয়া কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত চৰ্চাৰ শেষ নাই ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা(APCC President Bhupen Bora)ই অলপতে হুংকাৰ দিছে যে, ৰমজানৰ পিছতে কংগ্ৰেছে এআইইউডিএফৰ বিৰুদ্ধে উৎখাত অভিযান আৰম্ভ কৰিব । অসমৰ পৰা এআইইউডিএফক উৎখাত কৰিহে কংগ্ৰেছ ক্ষান্ত হ’ব । ভূপেন বৰাৰ এনে হুংকাৰৰ পিছত এআইইউডিএফ-ৰ বিধায়ক আমিনুল ইছলামে(MLA Aminul Islam) তীব্ৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ দলৰ লগতে সভাপতি ভূপেন বৰাক ।

তাৰ মাজতে সোমবাৰে ভূপেন বৰা সমন্বিতে সমগ্ৰ কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লয় এআইইউডিএফ-ৰ জনিয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলামে(MLA Rafiqul Islam criticized Congress) ।

কংগ্ৰেছক সমালোচনা বিধায়ক ৰফিকুল ইছলামৰ

বিধায়কগৰাকীয়ে কয়- "যিটো দলে অসমত কোন দলৰ চৰকাৰ চলি আছে সেই কথাই পাহৰি গৈছে, সেইটো দলৰ নেতাৰ বিষয়ে, সভাপতিৰ বিষয়ে কি কথা পাতিব । তেওঁলোকে পাহৰি গৈছে যে অসমত বিজেপিৰহে চৰকাৰ চলি আছে । এআইইউডিএফৰ নহয় । তেওঁলোকে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে এআইইউডিএফকহে । এইদৰে এআইইউডিএফক আক্ৰমণ কৰোতে কৰোতে কংগ্ৰেছ নিজেই শেষ হৈ যাব" ৷

তেওঁ আৰু কয় যে, এআইইউডিএফ জন্মলগ্নৰে পৰা অসমৰ সকলো জাতি-জনগোষ্ঠীৰ লগত আছে আৰু আগলৈও থাকিব । কংগ্ৰেছৰ নাম নোলোৱাকৈ তেওঁ কয় যে, তাৰ পৰিবৰ্তে অসমৰ একাংশ দলে এতিয়া কেৱল চৰ-চাপৰিতে ৰাজনীতি কৰিব বিচাৰিছে ।

লগতে চাওক: RSS তেই বাক স্বাধীনতা নাই বিজেপিত ক’ত থাকিব; এইবাৰ গৌৰৱ গগৈৰ কটাক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.