ETV Bharat / bharat

উত্তৰ-পূৱৰ নদীৰ উন্নয়নৰ বাবে ব্ৰহ্মপুত্ৰ ব’ৰ্ডে লৈছে বিশেষ পদক্ষেপ

author img

By

Published : Apr 12, 2022, 12:00 PM IST

দীৰ্ঘদিন ধৰি উত্তৰ-পূৱৰ নদীসমূহৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ লৈ আহিছে ব্ৰহ্মপুত্ৰ ব'ৰ্ডে । ত্ৰিপুৰাৰ দুখনকৈ নৈৰ সন্দৰ্ভত নতুনকৈ অধ্যয়ন চলাব ব'ৰ্ডে । আগৰতলাত অনুষ্ঠিত ব'ৰ্ডৰ সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ (Brahmaputra Board general meeting at Tripura) । কেন্দ্ৰীয় জল আয়োগৰ সহযোগত ব্ৰহ্মপুত্ৰ ব'ৰ্ডে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত দক্ষতা বিকাশৰ ওপৰত কৰ্মশালাৰ আয়োজন কৰিব ।

Brahmaputra board
উত্তৰ পূৱৰ নদীৰ উন্নয়নৰ বাবে ব্ৰহ্মপুত্ৰ ব'ৰ্ডে লৈছে বিশেষ পদক্ষেপ

আগৰতলা, ১২ এপ্ৰিল : উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ বিভিন্ন নদীৰ উন্নয়নৰ বাবে ব্ৰহ্মপুত্ৰ ব'ৰ্ডে এক মাষ্টাৰ প্লেনৰ ওপৰত কাম কৰি আছে (Brahmaputra Board working for rivers in NE regions) । এই সম্পৰ্কে ব'ৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱে কয় যে, ত্ৰিপুৰাৰ নদীসমূহত কৰা বিভিন্ন অধ্যয়নৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি নতুনকৈ কিছুমান পদক্ষেপ লোৱা হ'ব । তেওঁ কয় যে, ২০১৮ চনত পৰিষদে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যত সাধাৰণ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় । ইয়াৰ অংশ হিচাপে আগৰতলাৰ সচিবালয় ভৱনত ব'ৰ্ডৰ সপ্তম বৈঠক অনুষ্ঠিত হয় (Brahmaputra Board meeting held at the Civil Secretariat) ।

অধ্যক্ষগৰাকীয়ে উল্লেখ কৰা মতে, বৈঠকত (Brahmaputra Board general meeting at Tripura) ত্ৰিপুৰাৰ হাওৰা আৰু মনু নদীৰ উন্নয়নৰ বাবে মাষ্টাৰ প্লেনৰ বিষয়ে আলোচনা কৰা হয় । তেওঁৰ মতে, ত্ৰিপুৰাৰ নদীসমূহৰ ওপৰত চৰকাৰৰ হাতত কিছুমান অধ্যয়নৰ ফলাফল মজুত আছে ৷ কিন্তু সমগ্ৰ অঞ্চলটোত বৰষুণৰ পৰিমাণ সলনি হোৱাৰ বাবে এই সকলোবোৰ নতুনকৈ আপডেট কৰাৰ প্ৰয়োজন আছে । সেয়ে সচিবালয়ত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ বৈঠকত বিশেষকৈ মনু আৰু হাওৰাৰ ওপৰত নতুনকৈ অধ্যয়ন কৰাৰ সিদ্ধান্ত লোৱা হৈছে (The board will conduct a fresh study on two rivers in Tripura) ৷

তেওঁ উল্লেখ কৰা মতে, ৰাজ্য চৰকাৰে ব'ৰ্ডক সকলো ধৰণে সমৰ্থন আগবঢ়াইছে ৷ এই বৈঠকত মনু আৰু হাওৰা নদীৰ খহনীয়া আৰু বান প্ৰতিৰোধৰ মাষ্টাৰ প্লেনৰ বিষয়ে আলোচনা কৰা হৈছে । ব'ৰ্ডৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে, বৈঠকত সিদ্ধান্ত লোৱা অনুসৰি কেন্দ্ৰীয় জল আয়োগৰ সহযোগত ব্ৰহ্মপুত্ৰ ব'ৰ্ডে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত দক্ষতা বিকাশৰ ওপৰত কৰ্মশালাৰ আয়োজন কৰিব । কৰ্মশালাখনৰ জৰিয়তে বিষয়াসকলক বিভিন্ন প্ৰকল্পৰ প্ৰতিবেদন প্ৰস্তুত কৰাকে ধৰি বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক : ত্ৰিপুৰাৰ গ্ৰামাঞ্চলত 15 সহস্ৰাধিক সৌৰ শক্তি চালিত বিদ্যুতৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে : জিষ্ণু দেৱবাৰ্মা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.