ETV Bharat / bharat

Trikut ropeway mishap : হেলিকপ্তাৰৰ সহায়ত পুনৰ আৰম্ভ উদ্ধাৰ অভিযান

author img

By

Published : Apr 12, 2022, 10:49 AM IST

ঝাৰখণ্ডৰ দেওঘৰ জিলাত ত্ৰিকুট ৰ’পৱেৰ দুৰ্ঘটনা (Deoghar Trikut ropeway accident) । বায়ু সেনাই ৰ’পৱেত আৱদ্ধ লোকক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । সোমবাৰে নিশা এই অভিযান স্থগিত ৰখা হৈছিল । মঙলবাৰে পুৱাৰে পৰা পুনৰ আৰম্ভ হৈছে উদ্ধাৰ অভিযান ।

Trikut ropeway mishap
ৰ'পৱেত আবদ্ধসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত

নেশ্যনেল ডেস্ক, ১২ এপ্ৰিল : ঝাৰখণ্ডৰ দেওঘৰত উদ্ধাৰ অভিযান অব্যাহত আছে (Rescue operation of IAF at Deoghar)। মঙলবাৰে পুৱাৰ পৰা পুনৰ আৰম্ভ হৈছে ত্ৰিকুট ৰ’পৱেৰ কেবল কাৰত আবদ্ধ যাত্ৰীসকলক উদ্ধাৰৰ এই অভিযান (Deoghar ropeway accident rescue operation for 2nd day) ।

জানিব পৰা মতে, ১৪ জনতকৈও অধিক পৰ্যটক এতিয়াও ত্ৰিকুট ৰ’পৱেৰ কেবল কাৰত আৱদ্ধ হৈ আছে । ইয়াৰ পূৰ্বে ১১ এপ্ৰিলৰ পুৱা ৭.৩০ বজাৰ পৰা ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ এটা দলে এম আই-১৭ আৰু এম আই-১৭ ভি ৫ ৰ জৰিয়তে আৱদ্ধ পৰ্যটকসকলক উদ্ধাৰত ব্যস্ত আছিল আৰু এতিয়ালৈকে ৩২ গৰাকী লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে ।

অৱশ্যে উদ্ধাৰ অভিযানৰ সময়তে সোমবাৰে এগৰাকী পৰ্যটক হেলিকপ্তাৰৰ পৰা দুৰ্ভাগ্যজনকভাৱে তলত সৰি পৰে । যাৰ ফলত তেওঁৰ মৃত্যু ঘটে । দেওঘৰ জিলা দণ্ডাধীশ মঞ্জুনাথ ভজনত্ৰীয়ে জনোৱা মতে, বায়ু সেনাৰ উদ্ধাৰকাৰী দলে কেবল কাৰত আৱদ্ধ পৰ্যটকসকলক খাদ্য আৰু পানী যোগান ধৰি আহিছে । ১১ এপ্ৰিলৰ সন্ধিয়াই সকলো লোককে উদ্ধাৰ কৰাৰ লক্ষ্য আছিল যদিও সেয়া সম্ভৱ নহ'ল ।

ইফালে ত্ৰিকুট পাহাৰৰ গাঁথনিৰ বাবে নিশা উদ্ধাৰ অভিযানত বাধা আহিছিল । সেয়ে মঙলবাৰে পুৱাই বাকী থকা সকলো আৱদ্ধ পৰ্যটকক কেবল কাৰৰ পৰা সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ অভিযান আৰম্ভ কৰা হৈছে ।

সোমবাৰে উদ্ধাৰ অভিযানৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈ পৰ্যটক মৃত্যু হোৱা সম্পৰ্কত জিলা দণ্ডাধীশে কয় যে, ৰ’পৱে প্ৰশাসনৰ প্ৰধান উদ্দেশ্যে হৈছে যিমান সোনকালে সম্ভৱ আৱদ্ধ লোকসকলক উদ্ধাৰ কৰা । কিন্তু সোমবাৰৰ সেই দুৰ্ভাগ্যজনক ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে প্ৰশাসন । অৱশ্যে বিষয়টোৰ তদন্ত কৰা হ'ব আৰু দোষী সাব্যস্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে দণ্ডাধীশগৰাকীয়ে ।

আনহাতে, উদ্ধাৰ অভিযানত জড়িত এগৰাকী গৰুড় কমাণ্ডো এখন কেবল কাৰত আবদ্ধ হৈ আছিল । তেওঁক এখন ট্ৰলীলৈ এয়াৰড্ৰপ কৰা হৈছিল, কিন্তু আন্ধাৰ হোৱাৰ লগে লগে হেলিকপ্তাৰৰ অভিযান স্থগিত ৰখা হৈছিল । যাৰ ফলত তেওঁ আৱদ্ধ হৈ আছিল ।

লগতে পঢ়ক : হেলিকপ্টাৰৰ পৰা তললৈ সৰি পৰিল যুৱক; চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.