ETV Bharat / bharat

International Water Transport Conference : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিলে আন্তঃৰাষ্ট্ৰীয় জলপথ সন্মিলন

author img

By

Published : Apr 12, 2022, 7:05 AM IST

ডিব্ৰুগড়ত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় জলপথ সন্মিলন (International Water Transport Conference in Dibrugarh) ৷ সোমবাৰে সন্মিলনখনৰ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Minister Sarbananda Sonowal inaugurates International Waterways conclave) । ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বহু কেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ।

International waterways conclave
আন্তঃৰাষ্ট্ৰীয় জলপথ সন্মিলন শুভাৰম্ভ কৰিলে সৰ্বানন্দ সোনোৱালে

মৰাণ, 12 এপ্ৰিল : ডিব্ৰুগড়ত বন্দৰ-জাহাজ-জলপথ মন্ত্ৰালয়ৰ উদ্যোগত আৰু ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণৰ(Inland Waterways Authority of India) সহযোগত সোমবাৰৰ পৰা দুদিনীয়াকৈ কাৰ্যসূচীৰে আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় জলপথ সন্মিলন (International waterways conclave in Dibrugarh) ৷ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হোৱা সন্মিলনখনত নেডাৰলেণ্ডৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, নেপাল, ভূটান আৰু ম্যানমাৰৰ কাৰিকৰী বিশেষজ্ঞ-প্ৰতিনিধিৰ দলে অংশগ্ৰহণ কৰিব । সোমবাৰে এই সন্মিলন উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জানিবলৈ দিয়ে এই কথা(Minister Sarbananda Sonowal inaugurates International Waterways conclave) ৷

জলপথেৰে উত্তৰ-পূৱৰ যোগাযোগ ব্যৱস্থাক অধিক ত্বৰান্বিত কৰাৰ লগতে উন্নয়নক অগ্ৰাধিকাৰ দি এই সন্মিলনখনৰ আয়োজন কৰা হৈছে । সন্মিলনত অংশ ল'বলগীয়া চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সহযোগিতা আৰু সম্ভাৱনীয়তাৰ নতুন দুৱাৰ মুকলি কৰা হ'ব বুলি আশা কৰা হৈছে । ইয়াৰ লগে লগে সন্মিলনত বাণিজ্য আৰু বিনিয়োগৰ আহৰণৰ প্ৰধান ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনাপূর্ণ অঞ্চলত কর্মসংস্থাপন সৃষ্টি কৰাৰ ওপৰতো গুৰুত্ব দিয়া হ'ব বুলি সদৰি কৰিছে মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

বান সমস্যাক কেনেকৈ জল সম্পদলৈ ৰূপান্তৰ কৰিব পাৰি, সেই সন্দৰ্ভত নদী ব্যৱস্থাপনাত পাকৈত নেডাৰলেণ্ডৰ কাৰিকৰী বিশেষজ্ঞসকলে মূল্যৱান পৰামৰ্শ আগবঢ়াব বুলিও কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশা প্ৰকাশ কৰিছে । ইয়াৰ ফলত অঞ্চলটোৰ নদী ব্যৱস্থাপনাই অনন্য মাত্ৰা লাভ কৰিব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে । এই সন্মিলনত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বহু কেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ।

লগতে পঢ়ক: গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত নিৰ্মাণ হ'ব চৰকাৰী হাস্পতাল : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.