ETV Bharat / state

গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত নিৰ্মাণ হ'ব চৰকাৰী হাস্পতাল : মুখ্যমন্ত্ৰী

author img

By

Published : Apr 11, 2022, 9:30 PM IST

ৰাজ্য চৰকাৰে আগন্তুক সময়ত গুৱাহাটীৰ 60 টা ৱাৰ্ডৰ প্ৰতিটো ৱাৰ্ডতে এখনকৈ চৰকাৰী হাস্পতাল নিৰ্মাণ কৰিব । বিজেপিৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ সোমবাৰে মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে । অহা জুন মাহত জাইকাৰ কেন্দ্ৰীয় পানী যোগান প্ৰকল্পৰ জৰিয়তে গুৱাহাটীৰ 5 ৰ পৰা 8 হাজাৰ মানুহক খোৱাপানী যোগান ধৰা হ'ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (GMC election manifesto of BJP) ৷

GMC election manifesto of BJP
গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত নিৰ্মাণ হ'ব চৰকাৰী হাস্পতালঃ মুখ্যমন্ত্ৰী

গুৱাহাটী, 11 এপ্ৰিল: ৰাজ্য চৰকাৰে আগন্তুক সময়ত গুৱাহাটীৰ 60 টা ৱাৰ্ডৰ প্ৰতিটো ৱাৰ্ডতে এখনকৈ চৰকাৰী হাস্পতাল নিৰ্মাণ কৰিব । বিজেপিৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ সোমবাৰে মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে (GMC election manifesto of BJP)। গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে বৰঝাৰ বিমানবন্দৰৰ গুৱাহাটীৰ ওপৰেৰে খানাপাৰালৈ ৰোপৱে’ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে (Ropeway in Guwahati)।

তেওঁ লগতে জনায় যে, অহা জুন মাহত জাইকাৰ কেন্দ্ৰীয় পানী যোগান প্ৰকল্পৰ জৰিয়তে গুৱাহাটীৰ 5 ৰ পৰা 8 হাজাৰ মানুহক খোৱাপানী যোগান ধৰা হ'ব (JICA water project in Guwahati) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, গুৱাহাটী মহানগৰক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকৃত অর্থত দুৱাৰমুখৰূপে প্ৰতিষ্ঠাৰ ক্ষেত্ৰত দিশপুৰৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰখন বদ্ধপৰিকৰ ।

গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত নিৰ্মাণ হ'ব চৰকাৰী হাস্পতালঃ মুখ্যমন্ত্ৰী

ইতিমধ্যে মহানগৰীৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে । ফ্লাই অভাৰ, দলং, ৰোপৱে’, মেট্ৰ’ লাইট আদিৰে মহানগৰীৰ যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণ, খোৱাপানী যোগানৰ পদ্ধতিগত ব্যৱস্থা, কৃত্ৰিম বানৰ বিলুপ্তি, ভূমিৰ অধিকাৰ আদি গুৰুত্বপূর্ণ বিষয়বোৰত ইতিমধ্যে চৰকাৰে ইতিবাচক দৃষ্টিৰে হ্ৰস্বম্যাদী আৰু দীর্ঘম্যাদী আঁচনিৰ কাম আৰম্ভ কৰিছে ।

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে নিজৰ প্ৰাৰ্থীক বিজয়ী কৰোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ ৰাইজক আহ্বান জনায় কয় যে মহানগৰীখনক বিজ্ঞানসম্মত মাষ্টাৰ প্লেনৰ আধাৰত ভাৰতৰ আন মহানগৰীৰ দৰে উজ্বলাই তোলাৰ বাবে বিজেপিয়ে ইতিমধ্যে সংকল্প লৈছে । এখন স্বচ্ছ, সেউজ, সুন্দৰ, বাসোপযোগী আৰু নিৰাপদ গুৱাহাটী গঢ়ি তোলাৰ বাবে এই সংকল্প কার্যকৰী কৰিবলৈ ৰাইজৰ আশীৰ্বাদ অপৰিহাৰ্য । অনুষ্ঠানত নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল, ৰাজ্যিক বি জে পিৰ সভাপতি ভৱেশ কলিতা, বি জে পিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আদি উপস্থিত আছিল ।

লগতে পঢ়ক: হেলিকপ্টাৰৰ পৰা তললৈ সৰি পৰিল যুৱক; চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.