ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Nov 28, 2021, 11:00 AM IST

top10 news
শীৰ্ষ সংবাদ

দিনৰ 11 বজাৰ দহটা শীৰ্ষ সংবাদ....

দিনৰ 11 বজাৰ দহটা শীৰ্ষ সংবাদ-

Trafic rules violation in guwahati : নিয়ম ভংগকাৰী বাহনৰ বিৰুদ্ধে শনিবাৰে ৰুজু ৭৮ টা গোচৰ

মহানগৰীত যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে সষ্টম জিলা উপায়ুক্তৰ লগতে পৰিবহণ বিভাগ ৷ শনিবাৰে এই আইন ভংগকাৰী(Trafic rules violation in guwahati)ৰ বিৰুদ্ধে ৰুজু কৰা হ’ল 78 টা গোচৰ ৷

New ICU bed at TMCH : আজি 30 খন বিচনাযুক্ত ICU বিচনা মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে

ৰোগীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেওবাৰে নতুনকৈ মুকলি কৰা হ’ব 30 খন ICU যুক্ত বিচনা(New ICU bed at TMCH) ৷ এই সুবিধা মুকলি কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Village Head Recruitment Scam Case: প্ৰাক্তন জিলা উপায়ুক্ত আতিকা চুলতানাক জেৰা

দুৰ্নীতিগ্ৰস্থ এ চি এছ বিষয়া ছাইবুৰ ৰহমানৰ পাচত এইবাৰ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি তদাৰকী কোষৰ জেৰাৰৰ সম্মুখীন হৈছে অভিযুক্ত আতিকা চুলতানা ৷ শনিবাৰে আতিকা চুলতানা তিনি ঘন্টা ধৰি জেৰাৰ সন্মুখীন হয় মুখ্যমন্ত্ৰীৰ দুৰ্নীতি তদাৰকী কোষ (CM Villience Cell)ৰ আৰক্ষী অধীক্ষ ৰোজী কলিতাৰ ৷

AGP Central Executive Meeting : মিত্ৰজোটত থাকিয়ে প্ৰতিদ্বন্দিতা কৰিব নিৰ্বাচনত

অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত শনিবাৰে দিশপুৰত এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা(AGP Central Executive Meeting) অনুষ্ঠিত হৈ যায় । সভাত সমাগত পৌৰসভা আৰু পৌৰ নিগম( municipal election)ৰ নিৰ্বাচন সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে দুখনকৈ ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনী সমিতি গঠন কৰা হয় ৷

75 years of Independence : ১০২ বছৰৰ পিছতো একে উদ্যমেৰে কাম কৰি আছে মহাত্মা গান্ধীৰ 'নৱজীৱন' ন্যাসে

মহাত্মা গান্ধীয়ে তেওঁৰ সাহিত্যৰ সৃষ্টি ৰাজি আৰু বিভিন্ন বিষয়ত তেওঁৰ ধাৰণাসমূহ প্ৰচাৰৰ উদ্দেশ্যে ১৯১৯ চনত 'নৱজীৱন' নামৰ ন্যাস প্ৰতিষ্ঠা কৰিছিল(Mahatma Gandhi's Navjivan Trust) । ১৯১৯ চনৰ ৭ ছেপ্টেম্বৰত 'নৱজীৱন' নামৰ সাপ্তাহিক বাতৰি কাকতৰ সম্পাদক হিচাপে নিযুক্ত হোৱাৰ পাচতে তেওঁ প্ৰতিষ্ঠা কৰিছিল এই ন্যাস ।

Heavy rain in Tamilnadu : প্ৰবল বৃষ্টিপাতৰ বাবে তামিলনাডুৰ বিদ্যালয়-মহাবিদ্যালয় বন্ধৰ ঘোষণা

তামিলনাডুত নেৰানেপেৰা বৰষুণ । ৰাজ্যখনৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট(Red alert issued in Tamil Nadu) । বৃষ্টিপাতৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে চৰকাৰে । শনিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰিব ।

Congress protest against price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে চৰকাৰক সকীয়নি কংগ্ৰেছৰ

ৰঙিয়াত কংগ্ৰেছৰ প্ৰতিবাদ ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ(Congress protest against price hike) সাব্যস্ত কৰে বিৰোধী দল কংগ্ৰেছে ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰি বিজেপিক ‘মিছলীয়া’ বুলি আখ্যা দিয়ে ৰঙিয়াৰ প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতা(Former MLA Ghanashyam Kalita)ই ৷

Junior doctors protest: জি এম চি এইচত কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদ

এন ই ই টি পৰীক্ষাৰ কাউন্সিলিং প্ৰক্ৰিয়া বিলম্ব কৰাৰ প্ৰতিবাদত কনিষ্ঠ চিকিৎসকসকলে শনিবাৰে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰে অংশহিচাপে অসমৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকসকলও সাব্যস্ত কৰে প্ৰতিবাদ ।

Pradeep Dutta Roy arrested : মমতাৰ সমৰ্থন লাগে বিতৰ্কিত বাঙালী নেতা ৰয়ক

শিলচৰত আৰক্ষীৰ জিম্মাত থকাৰ সময়তে সাংবাদিকৰ সৈতে হোৱা মুখামুখিৰ সময়ত প্ৰদীপ দত্ত ৰয়ৰ বিস্ফোৰণ(Pradeep Dutta Roy under police custody) ৷ বাঙালী জাতিৰ অস্তিত্ব বিলুপ্ত কৰি দিয়াৰ চক্রান্তৰ হোৱাৰ অভিযোগ আনি পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীক আগবাঢ়ি অহাৰ দাবী জনাইছে প্রদীপ দত্ত ৰয়ে (Arrested Bengali leader Pradeep Dutta Roy wants Mamtas help)।

Assam in NFHS report : অভিলেখ সৃষ্টিৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰীৰ

এন এইছ এফ এইছৰ (National Family Health Survey) শেহতীয়া প্ৰতিবেদনত অসমে অভিলেখ গঢ়াৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ (CM Himanta Says Assam has created record in NFHS report) । সবিশেষ জানো আহক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.