ETV Bharat / bharat

75 years of Independence : ১০২ বছৰৰ পিছতো একে উদ্যমেৰে কাম কৰি আছে মহাত্মা গান্ধীৰ 'নৱজীৱন' ন্যাসে

author img

By

Published : Nov 27, 2021, 8:55 PM IST

মহাত্মা গান্ধীয়ে তেওঁৰ সাহিত্যৰ সৃষ্টি ৰাজি আৰু বিভিন্ন বিষয়ত তেওঁৰ ধাৰণাসমূহ প্ৰচাৰৰ উদ্দেশ্যে ১৯১৯ চনত 'নৱজীৱন' নামৰ ন্যাস প্ৰতিষ্ঠা কৰিছিল(Mahatma Gandhi's Navjivan Trust) । ১৯১৯ চনৰ ৭ ছেপ্টেম্বৰত 'নৱজীৱন' নামৰ সাপ্তাহিক বাতৰি কাকতৰ সম্পাদক হিচাপে নিযুক্ত হোৱাৰ পাচতে তেওঁ প্ৰতিষ্ঠা কৰিছিল এই ন্যাস । ১৯৩০ চনৰ আৰম্ভণিতে স্বাধীনতা আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল 'নৱজীৱন' ন্যাসে । এই ন্যাস প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য আছিল পাঠকসকলৰ মাজত তেওঁৰ অহিংসা, স্বাধীনতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ আদৰ্শ প্ৰচাৰ কৰা ।

Mahatma Gandhi and his Navjivan Trust
মহাত্মা গান্ধীৰ 'নৱজীৱন' ন্যাস

নেশ্যনেল ডেস্ক, ২৭ নৱেম্বৰ: ১৯১৯ চনত জাতিৰ পিতা মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা নৱজীৱন ন্যাসে গান্ধীবাদী সাহিত্য আৰু আদৰ্শ প্ৰচাৰ কৰে (Mahatma Gandhi founded the Navjivan Trust)। আজি পৰ্যন্ত ভাৰতৰ স্বাধীনতা আন্দোলন আৰু গান্ধীবাদী নীতিৰ বিষয়ে অধ্যয়ন কৰিব বিচৰা যিকোনো লোকে গান্ধীবাদী সাহিত্য আৰু আদৰ্শৰ 'জ্ঞান গৃহ' হিচাপে বিশ্বাস কৰে নৱজীৱন ন্যাসক । কেইবা দশকধৰি নিৰৱচ্ছিন্নবাৱে এই ন্যাসে কাম কৰি আছে (102 years of Gandhi's Navjivan Trust)আৰু ইংৰাজীৰ উপৰিও ১৮ টা ভাৰতীয় ভাষাত ১ হাজাৰ খনতকৈও অধিক কিতাপ প্ৰকাশ কৰিছে । ১৯১৯ চনৰ ৭ ছেপ্টেম্বৰত 'নৱজীৱন' নামৰ সাপ্তাহিক বাতৰি কাকতৰ সম্পাদক হিচাপে নিযুক্ত হোৱাৰ পাচতে এই ন্যাস প্ৰতিষ্ঠা কৰিছিল মহাত্মা গান্ধীয়ে (Gandhiji was the editor of Navjivan weekly) ।

১০২ বছৰৰ পিছতো একে উদ্যমেৰে কাম কৰি আছে মহাত্মা গান্ধীৰ 'নৱজীৱন' ন্যাসে

এই ন্যাস প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য আছিল পাঠকসকলৰ মাজত তেওঁৰ অহিংসা, স্বাধীনতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ আদৰ্শ প্ৰচাৰ কৰা । যেতিয়া সাপ্তাহিক বাতৰি কাকতখনৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল, তেতিয়া এই ন্যাসক এটা ডাঙৰ প্ৰিণ্টিং প্ৰেছলৈ পৰিণত কৰা হৈছিল । এনেদৰেই সাপ্তাহিক কাকতখন ছপা কৰিবলৈ ১৯২২ চনৰ ১১ ফেব্ৰুৱাৰীত নৱজীৱন মুদ্ৰানালয়(Navjivan Mudranalaya was started in 1922) আৰম্ভ কৰা হৈছিল । ১৯২৯ চনৰ ২৭ নৱেম্বৰত নৱজীৱন ন্যাস পঞ্জীয়ন কৰা হৈছিল আৰু চৰ্দাৰ বল্লভ ভাই পেটেলক প্ৰথম সভাপতি হিচাপে নিয়োজিত কৰা হৈছিল ।

গুজৰাটী আৰু আন ইন্দো-আৰ্য ভাষাত 'নৱজীৱন' শব্দটোৰ অৰ্থ হৈছে 'নতুন জীৱন' । নৱজীৱন ন্যাসৰ উদ্দেশ্য আছিল নাগৰিকসকলক সচেতন কৰা আৰু 'স্বৰাজ' প্ৰাপ্তিৰ বাবে শান্তিপূৰ্ণ পদ্ধতিৰ জৰিয়তে তেওঁলোকক শিক্ষা দিয়া ।

Mahatma Gandhi and his Navjivan Trust
মহাত্মা গান্ধীৰ 'নৱজীৱন' ন্যাস

স্বাধীনতা আন্দোলনক এক নতুন প্ৰাণ দিবলৈ আৰু বিশেষকৈ গান্ধীবাদী আদৰ্শৰে সকলোকে আগুৱাই নিবলৈ প্ৰয়াস কৰা হৈছিল । ১৯২০ চনত নতুন দিল্লীৰ পৰা প্ৰকাশিত বাতৰি কাকত 'কমৰেড' বন্ধ হোৱাৰ সময়ত স্বত্বাধিকাৰী মৌলানা মহম্মদ আলীয়ে সকলো প্ৰিণ্টিং প্ৰেছ দান কৰিছিল 'নৱজীৱন'ক । ভাৰতক ব্ৰিটিছ দাসত্বৰ পৰা মুক্ত কৰিবলৈ গান্ধীজীয়ে চলোৱা নৱজীৱন আৰু ইয়ং ইণ্ডিয়া সাপ্তাহিক কাকত ছপা কৰা হৈছিল এই প্ৰিণ্টিং প্ৰেছতে । সেই সময়ত ব্যৱহাৰ কৰা কেইবাটাও মেচিন আৰু টাইপৰাইটাৰ প্ৰদৰ্শনীৰ বাবে নৱজীৱন ন্যাসে সংৰক্ষণ কৰি ৰাখিছে ।

Mahatma Gandhi and his Navjivan Trust
মহাত্মা গান্ধীৰ 'নৱজীৱন' ন্যাস

নৱজীৱন ন্যাসৰ আন এটা উদ্দেশ্য আছিল । সেয়া হৈছে- আলোচনী আৰু কিতাপ প্ৰকাশৰ জৰিয়তে জনসাধাৰণৰ ধৰ্মীয়, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশৰ উন্নতিৰ বাবে গান্ধীজীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে প্ৰচাৰ কৰা । আত্মনিৰ্ভৰশীলতাত বিশ্বাস কৰা গান্ধীজীয়ে বিভিন্ন প্ৰকাশনৰ জৰিয়তে নৱজীৱন ন্যাসক 'আত্মনিৰ্ভৰ' কৰি তুলিছিল, যি বৰ্তমানেও চলি আছে (Present condition of Navjivan trust)। এতিয়ালৈকে কোনো অনুদান গ্ৰহণ কৰা নাই নৱজীৱন ন্যাসে ।

লগতে পঢ়ক:Whistling village of Meghalaya : প্ৰধানমন্ত্ৰীৰ বাবে বিশেষ সুহুৰি প্ৰস্তুত কংথংবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.