ETV Bharat / state

Village Head Recruitment Scam Case: প্ৰাক্তন জিলা উপায়ুক্ত আতিকা চুলতানাক জেৰা

author img

By

Published : Nov 27, 2021, 10:52 PM IST

দুৰ্নীতিগ্ৰস্থ এ চি এছ বিষয়া ছাইবুৰ ৰহমানৰ পাচত এইবাৰ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি তদাৰকী কোষৰ জেৰাৰৰ সম্মুখীন হৈছে অভিযুক্ত আতিকা চুলতানা ৷ শনিবাৰে আতিকা চুলতানা তিনি ঘন্টা ধৰি জেৰাৰ সন্মুখীন হয় মুখ্যমন্ত্ৰীৰ দুৰ্নীতি তদাৰকী কোষ (CM Villience Cell)ৰ আৰক্ষী অধীক্ষ ৰোজী কলিতাৰ ৷

Village Head Recruitment Scam case
প্ৰাক্তন জিলা উপায়ুক্ত আতিকা চুলতানাক জেৰা

গুৱাহাটী, 27 নৱেম্বৰ : অসম আৰক্ষীৰ জালত পৰিছে ইজনৰ পাচত সিজন দুৰ্নীতিগ্ৰস্ত বিষয়াৰ নাম ৷ এইবাৰ দুৰ্নীতিগ্ৰস্থ এ চি এছ বিষয়া ছাইবুৰ ৰহমানৰ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ লগত সাঙোৰ খাই পৰিছে দক্ষিণ শালমাৰা জিলাৰ প্ৰাক্তন জিলা উপায়ুক্ত আতিকা চুলতানা ৷ শনিবাৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি তদাৰকী কোষ (CM Villience Cell)ৰ জেৰাৰৰ সম্মুখীন হয় অভিযুক্ত আতিকা চুলতানা ।

জেৰাৰ বাবে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি তদাৰকী কোষে গুৱাহাটীত থকা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি তদাৰকী কোষৰ আৰক্ষী অধীক্ষৰ কাৰ্যালয়লৈ আতিকা চুলতানাক তলৱ কৰিছিল । সেই মতে, আতিকা চুলতানাই গুৱাহাটীত থকা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি তদাৰকী কোষৰ আৰক্ষী অধীক্ষৰ কাৰ্যালয়ত উপস্থিত হৈছিল । অতিৰিক্ত উপায়ুক্ত ছাইবুৰ ৰহমানৰ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি তদাৰকী কোষৰ আৰক্ষী অধীক্ষ ৰোজী কলিতা (Rosie Kalita APS Superintendent of Police, CM Villience Cell)ই আতিকা চুলতানাক তিনি ঘন্টা জেৰা কৰে ।

এই জেৰাৰ অন্তত আতিকা চুলতানাক যাবলৈ অনুমতি প্ৰদান কৰে দুৰ্নীতি তদাৰকী বিষয়াই ৷ আতিকা চুলতানা পুনৰ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি তদাৰকী কোষৰ জেৰাৰ সম্মুখীন হ'ব লাগিব বুলি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি তদাৰকী কোষৰ আৰক্ষী অধীক্ষ ৰোজী কলিতাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে । লগতে তেওঁ কয় যে, দক্ষিণ শালমাৰা জিলাত সংঘটিত হোৱা গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী (Village Head Recruitment Scam)ৰ সম্পৰ্কত আতিকা চুলতানাক জেৰা কৰা হৈছিল ।

উল্লেখ্য যে, দক্ষিন শালমাৰা জিলাত গাঁওবুঢ়া নিযুক্তিৰ বাবে গঠন কৰা কমিটীত আতিকা চুলতানা অধ্যক্ষ আছিল । ACS বিষয়া ছাইবুৰ ৰহমান নামৰ সেইখন কমিটীৰে সদস্য আছিল । ছাইবুৰ ৰহমানে গাঁওবুঢ়া নিযুক্তিৰ নামত ৭-৮ লাখ টকা ভেটি লোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷

লগতে পঢ়ক : চাইবৰ ৰহমানৰ সম্পত্তি দেখি স্তম্ভিত অভিযানকাৰী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.