ETV Bharat / state

Trafic rules violation in guwahati : নিয়ম ভংগকাৰী বাহনৰ বিৰুদ্ধে শনিবাৰে ৰুজু ৭৮ টা গোচৰ

author img

By

Published : Nov 28, 2021, 10:19 AM IST

মহানগৰীত যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে সষ্টম জিলা উপায়ুক্তৰ লগতে পৰিবহণ বিভাগ ৷ শনিবাৰে এই আইন ভংগকাৰী(Trafic rules violation in guwahati)ৰ বিৰুদ্ধে ৰুজু কৰা হ’ল 78 টা গোচৰ ৷

Trafic rules violation in guwahati
নিয়ম ভংগকাৰী বাহনৰ বিৰুদ্ধে শনিবাৰে ৰুজু ৭৮ টা গোচৰ

গুৱাহাটী, 28 নৱেম্বৰ : বিগত কিছুদিন পূৰ্বে কামৰূপ(ম) জিলাৰ উপায়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল পল্লৱ গোপাল ঝাই ৷ উপায়ুক্তগৰাকীয়ে কাৰ্যভাৰ গ্ৰহণৰ পিছৰে পৰা বহুক্ষেত্ৰত সৰৱ হৈ পৰা দেখা গৈছে ৷ শেহতীয়াকৈ আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ অধ্যক্ষৰ দায়িত্বত থকা পল্লৱ গোপাল ঝাই মটৰ পৰিবহণ আইন ভংগকাৰী দুচকীয়া, চাৰিচকীয়া বাহন, যাত্ৰীৰ পৰা বৰ্ধিত ভাড়া আদায় কৰা মেজিকৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ কৰা দেখা গৈছে ৷ শনিবাৰৰ দিনটোত যান-বাহন আইন ভংগকাৰী(Trafic rules violation in guwahati) বাহনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে প্ৰায় 78 টাকৈ গোচৰ ৷

Trafic rules violation in guwahati
নিয়ম ভংগকাৰী বাহনৰ বিৰুদ্ধে শনিবাৰে ৰুজু ৭৮ টা গোচৰ

গুৱাহাটী মহানগৰীত যাত্ৰীৰ পৰা নিৰ্ধাৰিত পৰিমাণতকৈ অধিক বা বৰ্ধিত ভাড়া আদায় লোৱা যাত্ৰীবাহী বাহনৰ লগতে হেলমেট পৰিধান নকৰা দুচকীয়া আৰু ছিট বেল্ট ব্যৱহাৰ নকৰা চাৰিচকীয়া বাহনৰ চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা পৰিবহণ বিষয়াক (প্ৰৱৰ্তক) নিৰ্দেশ দিছে উপায়ুক্তগৰাকীয়ে ৷ উপায়ুক্ত ঝাৰ নিৰ্দেশত আনদিনাৰ দৰে শনিবাৰেও জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক, সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শকে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ চাৰিআলি আৰু আজাৰাৰ ভিআইপিত ৰাষ্ট্ৰীয় ঘাইপথত এক আকস্মিক অভিযান চলায় ৷ এই অভিযান কালতে যাত্ৰীৰ পৰা অধিক ভাড়া আদায় লোৱা কেইবাখনো মেজিক ধৰা পেলায় দলটোৱে ৷

Trafic rules violation in guwahati
নিয়ম ভংগকাৰী বাহনৰ বিৰুদ্ধে শনিবাৰে ৰুজু ৭৮ টা গোচৰ

তেনেদৰে দুচকীয়া বাহনৰ চালকে হেলমেট পৰিধান নকৰা আৰু চাৰিচকীয়া বাহনৰ চালক আৰু সন্মুখত বহি যোৱা আৰোহীয়ে ছিট বেল্ট ব্যৱহাৰ নকৰা বহুকেইটা ঘটনা ধৰা পেলাবলৈ সক্ষম হয় দলটো ৷ এই সন্দৰ্ভত ৭৮ টা গোচৰ ৰুজু কৰা হয় ৷ জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে মটৰ পৰিবহণ আইন ভংগ কৰি প্ৰতিখন বাহনৰ বিপৰীতে অনাগত সময়ত এই অভিযান ধাৰাবাহিকভাৱে চলিব বুলি সদৰী কৰে ৷

লগতে চাওক: Transport Enforcement Dept Drive against Vehicle : আইন উলংঘাকাৰী বাহনৰ বিৰুদ্ধে ১১২ টা গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.