ETV Bharat / state

Congress protest against price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে চৰকাৰক সকীয়নি কংগ্ৰেছৰ

author img

By

Published : Nov 28, 2021, 10:04 AM IST

ৰঙিয়াত কংগ্ৰেছৰ প্ৰতিবাদ ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ(Congress protest against price hike) সাব্যস্ত কৰে বিৰোধী দল কংগ্ৰেছে ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰি বিজেপিক ‘মিছলীয়া’ বুলি আখ্যা দিয়ে ৰঙিয়াৰ প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতা(Former MLA Ghanashyam Kalita)ই ৷

congress protest against price hike at rangia
ৰঙিয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ৰঙিয়া, 28 নৱেম্বৰ : সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো শনিবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে(Congress Protest against Price Hike) ৷ ৰঙিয়াৰ ৰাজীৱ ভৱনৰ পৰা নগৰৰ মাজেৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়ায় কংগ্ৰেছ কৰ্মীসকলে ।

congress protest against price hike at rangia
ৰঙিয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

বিজেপি চৰকাৰ হায় হায়, বিজেপিৰ দুমুখীয়া নীতি বন্ধ কৰক, নিবনুৱা সংস্থাপনৰ ব্যৱস্থা কৰক আদি বিভিন্ন শ্ল’গানৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদৰ সময়ত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৰঙিয়াৰ প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতা(Former MLA Ghanashyam Kalita)ই বিজেপিক ‘মিছলীয়া’ বুলি আখ্যা দিয়ে ৷

congress protest against price hike at rangia
ৰঙিয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

তেওঁ কয় যে, নিৰ্বাচনত জয়ী হোৱাৰ পূৰ্বে বিজেপিয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ মিছা আশ্বাস দিছিল । লগতে অসমত এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি ৰক্ষাৰ ক্ষেত্ৰতো বিজেপি চৰকাৰ ব্যৰ্থ হোৱা বুলি ক্ষোভ উজাৰে প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাই ৷

লগতে পঢ়ক : Congress Protest : চৰকাৰৰ বিৰুদ্ধে ‘ৰাষ্ট্ৰজোৰা জনজাগৰণ অভিযান’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.