ETV Bharat / state

New ICU bed at TMCH : আজি 30 খন বিচনাযুক্ত ICU বিচনা মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Nov 28, 2021, 8:49 AM IST

ICU bed added
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নতুনকৈ ICU যুক্ত বিচনাৰ সংযোজন

ৰোগীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেওবাৰে নতুনকৈ মুকলি কৰা হ’ব 30 খন ICU যুক্ত বিচনা(New ICU bed at TMCH) ৷ এই সুবিধা মুকলি কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

তেজপুৰ, 28 নৱেম্বৰ : তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নতুন সুবিধাৰ সংযোজন ৷ শিশু আৰু সাধাৰণ ৰোগীৰ বাবে 30 খন ICU যুক্ত বিচনাৰে দুটাকৈ আইচিইউ কক্ষ মুকলি কৰা হ’ব(New ICU bed at TMCH) ৷ দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হাস্পতালখনত উপস্থিত থাকি এই সেৱা মুকলি কৰিব ৷

New ICU bed at TMCH
মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব দুটাকৈ ICU কক্ষ

উল্লেখ্য যে, ক’ভিড 19 ৰ নতুন ভেৰিয়েণ্টৰ খবৰে ইতিমধ্যে দেশত তোলপাৰ লগাইছে ৷ ৰাজ্য চৰকাৰৰ এই প্ৰচেষ্টা এইক্ষেত্ৰত শলাগ ল’বলগীয়া ৷ পূৰ্বে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ’ণা ৰোগীৰ বাবে 36 খন, সাধাৰণ ৰোগীৰ বাবে 20 খন আৰু শিশুৰ বাবে 25 খন আইচিইউযুক্ত বিচনাৰ সুবিধা উপলব্ধ আছিল ৷

ICU bed added
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নতুনকৈ ICU যুক্ত বিচনাৰ সংযোজন

আনহাতে, প্ৰথমবাৰৰ কাৰণে চিকিৎসা মহাবিদ্যালয়খনৰ ফেকাল্টি চিকিৎসকসকলৰ সুবিধাৰ্থে চৰকাৰী আৱাসগৃহটো নিৰ্মাণ কৰি উলিওৱা হৈছে ৷ দেওবাৰে মুখ্যমন্ত্ৰীয়ে এই আৱাসগৃহটোও মুকলি কৰিব ৷

লগতে চাওক : Covids new variant detected : দক্ষিণ আফ্ৰিকাত ধৰা পৰিছে অমিক্ৰণ ভেৰিয়েণ্টৰ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.