Covids new variant detected : দক্ষিণ আফ্ৰিকাত ধৰা পৰিছে অমিক্ৰণ ভেৰিয়েণ্টৰ সংক্ৰমণ

author img

By

Published : Nov 27, 2021, 1:33 PM IST

new COVID variant

দক্ষিণ আফ্ৰিকাত ধৰা পৰিছে ক'ভিড-১৯ ৰ নতুন প্ৰকাৰ (Covids new variant detected) । দেশখনৰ কিছুমান অংশত সংক্ৰমণৰ হাৰ বৃদ্ধি হোৱাৰ পাছতে এই নতুন প্ৰকাৰটো পোহৰলৈ আহিছে । নতুন প্ৰকাৰ B.1.1.529 কেনেদৰে উদ্ভৱ হ'ল ? ই কিমান ভয়াৱহ হ'ব পাৰে ? কি ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ? সকলো বিষয় সামৰি ইটিভি ভাৰতৰ বিস্তৃত প্ৰতিবেদন ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ নৱেম্বৰ : ভাৰতকে ধৰি বহু দেশত লাহে লাহে মহামাৰী কৰ'ণাৰ প্ৰভাৱ হ্ৰাস হোৱা দেখা গৈছে । কিন্তু এতিয়াও বহু স্থানত কৰ'ণাৰ সংক্ৰমণ অব্যাহত আছে । কেৱল এয়াই নহয় এইবাৰ বিজ্ঞানীসকলে ধৰা পেলাইছে কৰ'ণাৰ এক নতুন প্ৰকাৰ (Covids new variant detected)। লগে লগে সমগ্ৰ বিশ্বত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

এইবাৰ দক্ষিণ আফ্ৰিকাত ধৰা পৰিছে ভাইৰাছৰ এই নতুন প্ৰকাৰ (Covids new variant detected in South Africa)। দেশখনৰ গৌটেং অঞ্চলত শেহতীয়াকৈ ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে । এই বৃদ্ধিৰ কাৰণ কৰ'ণা ভাইৰাছৰ নতুন প্ৰকাৰ বুলি অৱগত কৰিছে বিজ্ঞানীসকলে । অৱশ্যে এই নতুন প্ৰকাৰটো ক'ৰ পৰা আহিছে এতিয়াও স্পষ্ট হোৱা নাই ।

কিন্তু দক্ষিণ আফ্ৰিকাৰ বিজ্ঞানীসকলে ইয়াক প্ৰথম চিনাক্ত কৰিছে । আনহাতে হংকং আৰু বটছৱানালৈ যোৱা একাংশ যাত্ৰীৰ দেহটো ধৰা পৰিছে ক'ভিড-19 ৰ নতুন প্ৰকাৰটো ।

দেশখনৰ স্বাস্থ্যমন্ত্ৰী জ' ফাহলাই জনোৱা মতে যোৱা কেইদিনমানত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ কাৰণ এই নতুন প্ৰকাৰটো হ'ব পাৰে । অৱশ্যে বিশেষজ্ঞসকলে এই নতুন প্ৰকাৰ B.1.1.529 সংক্ৰমণ বৃদ্ধিৰ কাৰণ হয় নে নহয় তাৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে । যোৱা কেইটামান সপ্তাহত দেশখনত প্ৰতিদিনে প্ৰায় ২০০ গৰাকীকৈ লোক কৰ'ণাত আক্ৰান্ত হৈ আছিল ।

কিন্তু ২৪ নৱেম্বৰত এই সংখ্যা হঠাৎ ১,২০০ লৈ বৃদ্ধি পায় । তাৰ পাছত এই সংখ্যা ২,৪৬৫ লৈ বৃদ্ধি হয় । হঠাৎ আক্ৰান্তৰ সংখ্যা এনেদৰে বৃদ্ধি হোৱাত বিজ্ঞানীসকল চিন্তিত হৈ পৰিছিল । তাৰ পাছতে ইয়াৰ কাৰণ জানিবলৈ অনুসন্ধান অব্যাহত ৰখাৰ সময়তে ক'ভিড-19 ৰ এই নতুন প্ৰকাৰটো ধৰা পৰে ।

দক্ষিণ আফ্ৰিকাৰ বিশেষজ্ঞসকলে জনোৱা মতে ইয়াৰ কোনো পৃথক লক্ষণ নাই । আন প্ৰকাৰবোৰৰ দৰেই ইয়াৰ লক্ষণ আৰু ৰোগৰ লক্ষণ নথকা লোকৰ দেহটো ভাইৰাছৰ এই প্ৰকাৰটো ধৰা পৰিছে ।

এই নতুন প্ৰকাৰটোক লৈ বিজ্ঞানীসকল কিয় চিন্তিত ?

ক'ভিড-19 ভাইৰাছৰ স্পাইক প্ৰ'টিনত ইয়াৰ প্ৰায় ৩০ টা পৰিৱৰ্তন দেখা যায়, যাৰ বাবে ই সহজে মানুহৰ দেহলৈ বিয়পিব পাৰে । ব্ৰিটেইনৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ত ক'ভিড-19-ৰ আনুবংশিক অনুক্ৰমৰ অধ্যয়নৰ নেতৃত্বত থকা শ্বাৰণ পিককে কয় যে এতিয়ালৈকে পোৱা তথ্যৰ দ্বাৰা এইটো স্পষ্ট যে নতুন প্ৰকাৰটোৰ ট্ৰেন্সমিচিবিলিটিৰ হাৰ বেছি (new covid variant has high transmissibility) । অৱশ্যে ইয়াৰ পৰিৱৰ্তনৰ বিশেষত্ব এতিয়াও জানিব পৰা হোৱা নাই বুলি তেওঁ উল্লেখ কৰে ।

তেওঁ লগতে কয় যে বৰ্তমানৰ ক'ভিড প্ৰতিষেধকবোৰ এই নতুন প্ৰকাৰৰ বিপৰীতে কাৰ্যকৰী হয় নে নহয় তাক নিৰ্ধাৰণ কৰিবলৈ প্ৰয়োজনীয় পৰীক্ষাগাৰত পৰীক্ষা কৰিবলৈ কেইবা সপ্তাহৰ প্ৰয়োজন হ'ব । অৱশ্যে তেওঁ এইটোও স্পষ্টভাৱে কয় যে এই নতুন প্ৰকাৰটো অধিক মাৰাত্মক হোৱাৰ কোনো ইঙ্গিত এতিয়ালৈ দিয়া নাই ।

ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ জেনেটিক্স ইনষ্টিটিউটৰ সঞ্চালক ফ্ৰাঙ্কোইচ বালুক্সে কয় যে দক্ষিণ আফ্ৰিকা আৰু বিশেষকৈ গৌটেং প্ৰদেশত ক'ভিড-19ৰ সংক্ৰমণৰ তীব্ৰ হাৰে সকলোকে চিন্তিত কৰি তুলিছে । এক বিবৃতিযোগে তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় যে এই নতুন প্ৰকাৰটোৱে মানুহক পুনৰ সংক্ৰমিত কৰাৰ লগতে ই অধিক ট্ৰেন্সমিচিবল আৰু মাৰাত্মক । অৱশ্যে ভাইৰাছৰ প্ৰকাৰটো অধিক সংক্ৰামক হয় নে নহয় সেয়া এতিয়াও অস্পষ্ট হৈ আছে । যদিও এই প্ৰকাৰটো প্ৰতিষেধক লোৱা ব্যক্তিৰ দেহটো ধৰা পৰিছে কিন্তু কোনো পৰীক্ষা অবিহনে ইয়াৰ প্ৰভাৱৰ বিষয়ে ভৱিষ্যতবাণী কৰিব নোৱাৰি বুলিও তেওঁ উল্লেখ কৰে ।

এই নতুন প্ৰকাৰটো কেনেকৈ উদ্ভৱ হ'ল ?

কৰ'ণা ভাইৰাছ বিয়পি পৰাৰ লগে লগে বিভিন্ন ধৰণৰ পৰিৱৰ্তন হয় আৰু বহুতো নতুন প্ৰকাৰৰ জন্ম হয় । তাৰ ভিতৰত বহুতো উদ্বেগজনক প্ৰকাৰো আছে কিন্তু সেইবোৰৰ প্ৰায়খিনিয়ে ধ্বংস হৈ যায় । বিজ্ঞানীসকলে ভাইৰাছৰ পৰিৱৰ্তনবোৰ নিৰীক্ষণ কৰে আৰু ভাইৰাছটো অধিক ট্ৰেন্সমিচিবল বা মাৰাত্মক নেকি তাক লক্ষ্য কৰে । কিন্তু বিজ্ঞানীসকলে কেৱল ভাইৰাছটো চাইয়ে ইয়াৰ প্ৰভাৱৰ বিষয়ে ক'ব নোৱাৰে ।

বিজ্ঞানীসকলে প্ৰথমে নমুনা সংগ্ৰহ কৰিব লাগিব আৰু আনুবংশিক ক্ৰমৰ সৈতে তুলনা কৰিব লাগিব । ৰোগৰ সৈতে প্ৰকৃত সংযোগ থাকিলে তেতিয়া ইয়াৰ সমাধানৰ বাবে সময়ৰ প্ৰয়োজন হয় । নতুন প্ৰকাৰটো অনুসন্ধান কৰি একাংশ বিজ্ঞানীয়ে অনুমান কৰিছে যে ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা ৰোগী এজনৰ ক্ষেত্ৰত এই নতুন প্ৰকাৰটো উদ্ভৱ হৈছিল কাৰণ ইয়াৰ যথেষ্ট পৰিমাণৰ পৰিৱৰ্তন হৈছিল ।

বিজ্ঞানী শ্বাৰণ পিককে ধাৰণা কৰা মতে ভাইৰাছটো এনেকুৱা কোনো লোকৰ দেহত সংক্ৰমিত হৈছে যাৰ দেহত ভাইৰাছটো সোনকালে ধৰা নপৰে, ফলত ভাইৰাছটো আনুবংশিকভাৱে বিকশিত হোৱাৰ সুযোগ পায় । বিজ্ঞানীসকলে ধাৰণা কৰা মতে ইংলেণ্ডত ধৰা পৰা আলফা প্ৰকাৰটোও ঠিক এনেদৰেই বিকশিত হৈছিল ।

কিছুমান দেশত আৰোপ কৰা ভ্ৰমণৰ সীমাবদ্ধতা ন্যায়সঙ্গত নেকি ?

সম্ভৱত শুকুৰবাৰে দুপৰীয়ালৈকে দক্ষিণ আফ্ৰিকা, নামিবিয়া, বটচৱানা, লেচোথো, এস্বতীনি আৰু জিম্বাবৱেৰ পৰা ইংলেণ্ডত উপস্থিত হোৱা যাত্ৰীসকলে ১০ দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব লাগিব । ইম্পেৰিয়েল কলেজ লণ্ডনৰ সংক্ৰামক ৰোগ বিশেষজ্ঞ নীল ফাৰ্গুচনে কয় যে দক্ষিণ আফ্ৰিকাত শেহতীয়াকৈ ক'ভিড-19 ৰ দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ পৰা ভ্ৰমণ বন্ধ কৰাটো অতি প্ৰয়োজন । তেওঁ লগতে কয় যে নতুন প্ৰকাৰটোৰ বহুতো পৰিৱৰ্তন আছে । পূৰ্বৰ প্ৰকাৰবোৰৰ তুলনাত দক্ষিণ আফ্ৰিকাত নতুনকৈ চিনাক্ত কৰা প্ৰকাৰটোৰ ক্ষেত্ৰত বৰ্তমানৰ প্ৰতিষেধকবোৰ ফলপ্ৰসূ নহ'ব পাৰে বুলিও তেওঁ আশাংকা কৰে ।

ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ বালুক্সে কয় যে যদি নতুন প্ৰকাৰটো ডেল্টাতকৈ অধিক সংক্ৰামক হয় তেনেহ'লে নতুন নীতি-নিৰ্দেশনাই সামান্যভাৱে প্ৰভাৱ পেলাব । তথাপিও দেশখনে ইংলেণ্ডৰ দৰেই টীকাকৰণৰ হাৰ বৃদ্ধি আৰু অন্যান্য সাম্ভাব্য হস্তক্ষেপ আৰম্ভ কৰিব লাগিব ।

পৰৱৰ্তী পদক্ষেপ কি হ'ব ?

দক্ষিণ আফ্ৰিকাত চিনাক্ত হোৱা ক'ভিড-19ৰ নতুন প্ৰকাৰটোক লৈ তৎপৰ হৈছে বিশ্ব স্বাস্থ্য সংস্থা । সকলো দিশ নিৰীক্ষণৰ বাবে এটা বিশেষজ্ঞৰ দলক শুকুৰবাৰে নিৰ্দেশ দিছে বিশ্ব স্বাস্থ্য সংস্থাই । শেহতীয়াকৈ ধৰা পৰিছে ভাইৰাছৰ নতুন প্ৰকাৰ মু আৰু লামদা । এই প্ৰকাৰ দুটাৰো সংক্ৰমণৰ হাৰ যথেষ্ট ।

সেয়ে তাৰ সৈতে ইয়াৰ সামঞ্জস্য আছে নেকি সেই বিষয়ে নিৰীক্ষণ কৰিব বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞ দলটোৱে । আনহাতে আলফা, বিটা আৰু ডেল্টা প্ৰকাৰবোৰৰ ক্ষেত্ৰত দেখা গৈছিল যে সেইবোৰ অধিক সহজে বিয়পিব পাৰে আৰু আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত গুৰুতৰ হ'ব পাৰে । আনহাতে প্ৰতিষেধকবোৰো ইয়াৰ ক্ষেত্ৰত কম ফলপ্ৰসূ হয় ।

ইফালে বৰ্তমানলৈ ডেল্টা প্ৰকাৰটো ক'ভিডৰ আটাইতকৈ ট্ৰেন্সমিচিবল হিচাপে চিহ্নিত কৰা হৈছে । পৃথিৱীৰ আটাইতকৈ বেছি ৰাজহুৱা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিলে প্ৰায় ৯৯ শতাংশতকৈও অধিক ক্ৰম ডেল্টা প্ৰকাৰে বহন কৰে ।

লগতে পঢ়ক : COVID-19 Delta variant : নিউজিলেণ্ডত নতুনকৈ ১৭৩ জন আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.