ETV Bharat / city

Assam in NFHS report : অভিলেখ সৃষ্টিৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Nov 27, 2021, 10:37 PM IST

এন এইছ এফ এইছৰ (National Family Health Survey) শেহতীয়া প্ৰতিবেদনত অসমে অভিলেখ গঢ়াৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ (CM Himanta Says Assam has created record in NFHS report) । সবিশেষ জানো আহক ৷

cm-himanta-says-assam-has-created-record-in-national-family-health-survey-reports
Assam in NFHS report : অভিলেখ সৃষ্টিৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ২৭ নৱেম্বৰ : বিগত ২০১৯-২০ বৰ্ষত চলোৱা এক সমীক্ষাৰ আধাৰত ভাৰত চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা পঞ্চম এন এইছ এফ এইছৰ (National Family Health Survey) প্ৰতিবেদনত একপ্ৰকাৰৰ অভিলেখ সৃষ্টি কৰিছে অসমে । এই দাবী ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ । শনিবাৰে এখন সংবাদমেলত এই প্ৰতিবেদনৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মূলতঃ স্বাস্থ্য খণ্ডত অসম এতিয়া বহু আগুৱাই গল । প্ৰায় ত্ৰিশ হাজাৰটা নমুনাৰ আধাৰত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।

প্ৰতিবেদনখনৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চতুৰ্থ, এন এইছ এফ এইছৰ প্ৰতিবেদনত অসমত ২৫ শতাংশ লোকৰ পকীঘৰ আছে বুলি কোৱা হৈছিল । কিন্তু পঞ্চম প্ৰতিবেদনত এই সংখ্যা ৩৩ শতাংশলৈ বৃদ্ধি পাইছে । চতুৰ্থ প্ৰতিবেদনত অসমত ৭৮ শতাংশ লোকৰ ঘৰত বিদ্যুৎ যোগান আছে বুলি কোৱা হৈছিল । পঞ্চম প্ৰতিবেদনত এই সংখ্যাও বৃদ্ধি পাই ৯৩ শতাংশ হৈছে ।

Assam in NFHS report : অভিলেখ সৃষ্টিৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰীৰ

অসমত ৪৭.৭ শতাংশ লোকৰ ঘৰত শৌচাগাৰৰ ব্যৱস্থা আছে বুলি কোৱা হৈছিল যদিও পঞ্চম প্ৰতিবেদনত এই সংখ্যা ৯৬ শতাংশলৈ বাঢ়িছে । বিদ্যালয়লৈ নোযোৱা শিশুৰ সংখ্যা চতুৰ্থ প্ৰতিবেদনত ২৩ শতাংশ আছিল । সেয়াও এইবাৰ হ্ৰাস পাইছে ১৯ শতাংশলৈ । শিশুৰ মৃত্যুৰ হাৰো চতুৰ্থ প্ৰতিবেদনতকৈ পঞ্চম প্ৰতিবেদনত হ্ৰাস পাইছে । চতুৰ্থ প্ৰতিবেদনত এই সংখ্যা ৫৬.৫ শতাংশ আছিল যদিও এইবাৰ ৩৯ শতাংশ হৈছে ।

সামগ্ৰিকভাৱে NFHS ত অসমৰ স্থান আছিল ৩৪ নম্বৰত । কিন্তু এইবাৰ অসমৰ স্থান ২৫ নম্বৰলৈ উৰ্দ্ধমুখী হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে । ভ্ৰুণ হত্যাও অসমত বহুখিনি কমি আহিছে বুলি পঞ্চম প্ৰতিবেদনত উল্লেখ কৰা হৈছে(NFHS report says Assam has seen decreasing numbers of feticide) । কন্যা শিশু প্ৰতি এহেজাৰৰ বিপৰীতে ৯৯৩ টিয়েই জীৱিত থাকে । একেদৰে ৰাজহুৱা চিকিৎসা সেৱাৰ প্ৰতিও অসমৰ মানুহৰ বিস্বাস আৰু আস্থা বৃদ্ধি পাইছে(NFHS report says people of Assam belives in government medical ) ।

২০০৫-২০০৬ বৰ্ষত মাত্ৰ ১৩ শতাংশ লোকেহে চৰকাৰী চিকিৎসালয়ত সেৱা গ্ৰহণ কৰিছিল । ২০১৫-১৬ বৰ্ষত এই সংখ্যা ৬০ শতাংশলৈ বৃদ্ধি পায় আৰু পঞ্চম প্ৰতিবেদনত এই সংখ্যা হয়গৈ ৭৪.৪ শতাংশ, যি সৰ্বভাৰতীয় সংখ্যাতকৈও অধিক । ভাৰতবৰ্ষত চৰকাৰী চিকিৎসা সেৱা গ্ৰহণ কৰে ৬১ শতাংশ লোকেহে । ৭৫ বছৰীয়া ইতিহাসত এয়া অসমৰ বাবে অভিলেখ বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই(CM Himanta Says Assam has created record in NFHS report) ।

লগতে পঢ়ক : CM Himanta Warned Pradeep Dutta Roy : গ্ৰেপ্তাৰৰ পূৰ্বে কি কৈছিল মুখ্যমন্ত্ৰীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.