ETV Bharat / city

CM Himanta Warned Pradeep Dutta Roy : গ্ৰেপ্তাৰৰ পূৰ্বে কি কৈছিল মুখ্যমন্ত্ৰীয়ে ?

author img

By

Published : Nov 27, 2021, 8:20 PM IST

cm-himanta-warned-pradeep-dutta-roy-before-arrest
CM Himanta Warned Pradeep Dutta Roy : গ্ৰেপ্তাৰৰ পূৰ্বে কি কৈছিল মুখ্যমন্ত্ৰীয়ে ?

গ্ৰেপ্তাৰ হ’ল বহু বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়(Controversial Bengali leader Pradeep Dutta Roy arrested ) ৷ জানো আহক শনিবাৰে বিতৰ্কিত নেতাজন গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে কি সকিয়নী দিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Warned Pradeep Dutta Roy) ৷

গুৱাহাটী, ২৭ নৱেম্বৰ : " আগৰ চৰকাৰবোৰৰ কথা নাজানো । কিন্তু এইখন চৰকাৰ বহুত টান । মই মুখ্যমন্ত্ৰী, কেনেকৈ কেতিয়া কি কাম কৰিব লাগে মই জানো । মই চাইহে আছো । যেতিয়া ঠেলা দিম, ভালকৈয়ে ঠেলা পৰিব । ব্যৱস্থা নিশ্চয় হ’ব । আচলতে এতিয়াই কিবা এটা ব্যৱস্থা হাতত লৈ এজন অখ্যাত লোকক বিখ্যাত কৰিব খোজা নাই ।'' শনিবাৰে কাছাৰ আৰক্ষীয়ে বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ(Pradeep Dutta Roy arrested) কৰাৰ আগত এয়া আছিল মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ মন্তব্য(CM Himanta Warned Pradeep Dutta Roy) ।

বৰাকত অসমীয়া ভাষাৰ চাইনবৰ্ড আঁতৰোৱাৰ নেতৃত্ব লোৱা প্ৰদীপ দত্ত ৰয়ৰ নাম উল্লেখ নকৰাকৈয়ে এক সংবাদমেল যোগে এইদৰে মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে । গুৱাহাটীত এখন সংবাদমেলত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে এই প্ৰসংগত মন্তব্য কৰি কৈছিল যে, " মূল কথাটো হ'ল এই মানুহজনে বৰাক উপত্যকাত কাৰ হৈ কাম কৰিছে । তেওঁ এইধৰণৰ যিবোৰ কাম কৰি ফুৰিছে সেয়াই অসমীয়াক ক্ষতি নকৰে, ক্ষতি কৰিব ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা বাঙালী সকলক(these statements will affect Bengalis in Brahmaputra Valley) ।''

CM Himanta Warned Pradeep Dutta Roy : গ্ৰেপ্তাৰৰ পূৰ্বে কি কৈছিল মুখ্যমন্ত্ৰীয়ে ?

মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, বৰাকত অসমীয়া ভাষাক কৰা অপমানৰ বিপৰীতে যদি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাঙালী লোকক কোনো দল-সংগঠনে আক্ৰমণ কৰে তেতিয়া কি হব । যোৱা তিনি চাৰি দিন ধৰি ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰা বাঙালী লোক সকল আতংকত কটাব লগীয়া হৈছে বুলিও মন্তব্য কৰে তেওঁ ।

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে, বৰাক উপত্যকাত এই ধৰণৰ অসমীয়া বিদ্বেষী কামৰ নেতৃত্ব লোৱা মানুহজনৰ অতীত আৰু বৰ্তমানৰ বিষয়েও জানি থোৱা ভাল । বৰাকৰ এগৰাকী প্ৰয়াত বিখ্যাত ৰাজনৈতিক নেতাৰ পৰিয়ালৰ সৈতে তেওঁৰ সু সম্পৰ্ক । লক্ষণীয় ভাবে তৃণমূল কংগ্ৰেছ দলৰ প্ৰতি ইংগিত দি মুখ্যমন্ত্ৰীয়ে কয় যে অসমলৈ আহো আহো কৰি থকা এটা ৰাজনৈতিক দলৰ হৈ তেওঁ এই কাম কৰিছে , যি কাম বিগত কালত কংগ্ৰেছেও কৰা নাছিল বা বিজেপিয়েও কৰা নাছিল ।

ড৹ শৰ্মাই কয় যে, সমগ্ৰ বৰাক উপত্যকাত হিন্দু বাঙালী লোক এতিয়া সংখ্যালঘু(CM Himanta says Bengali hindus are minorities in Barak valley) । এফালৰ পৰা বিধানসভা সমষ্টি সমূহ হিন্দু বাঙালীৰ হাতৰ পৰা যাবলৈ আৰম্ভ কৰিছে । তেনেক্ষেত্ৰত বাঙালীৰ নিজৰেই শত্ৰু হৈ থিয় দিছে এই লোকজন । যাতে বৰাকত ঘটা ঘটনাৰ কোনো প্ৰতিক্ৰিয়া যদি ব্ৰহ্মপুত্ৰ উপত্যকাত ঘটে বা ব্ৰহ্মপুত্ৰ উপত্যকাত যদি কোনো বাঙালী লোক আক্ৰমণৰ বলি হয়, তেতিয়া যাতে সেই নতুনকৈ আহিব খোজা দলটোৱে তাকে লৈ ইয়াত আহি ৰাজনীতি কৰিব পাৰে ।

লগতে পঢ়ক : Pradeep Dutta Roy arrested : মুখ্যমন্ত্ৰীৰ সকিয়নীৰ পিছতে কাছাৰ আৰক্ষীয়ে দেখুৱালে তৎপৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.