ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 27, 2022, 7:25 PM IST

Updated : Mar 27, 2022, 10:55 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

শিৱসাগৰত আৰক্ষীৰ গুণ্ডাগিৰি : সুৰাৰ ৰাগীত মাতাল ভাৰপ্ৰাপ্ত বিষয়া

শিৱসাগৰত আৰক্ষীৰ গুণ্ডাগিৰি ৷ সুৰাৰ ৰাগীত মাতাল হোৱাৰ অভিযোগ হৰদেব সিং নামৰ এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, চেৰেকাপাৰৰ ৰাজীৱ গগৈ নামৰ এজন লোকৰ ঘৰৰ পৰা চুৰি হৈছিল এটা পানী মটৰ, যাৰ সন্দেহত ৰাইজে মুহিবুল আলি নামৰ এজনক কৰায়ত্ত কৰি গতাই দিয়ে চেৰেকাপাৰ আৰক্ষী চকীৰ হাতত ৷

দৰং জিলাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় কয়লা মন্ত্ৰীৰ ২ কোটি টকাৰ অনুদান

দৰং জিলাত উপস্থিত হৈ শিক্ষা, স্বাস্থ্যসেৱাৰ বাবে কেন্দ্ৰীয় কয়লা মন্ত্ৰীৰ ২ কোটি টকাৰ অনুদান ঘোষণা ৷ দৰং জিলা‌ প্ৰশাসনে উন্নয়নৰ বাবে‌ লোৱা পদক্ষেপক প্ৰশংসা কেন্দ্ৰীয় মন্ত্ৰীৰ(Central Minister Pralhad Joshi at Darrang) ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ ২০২২ বৰ্ষৰ গঁড় গণনাৰ কাম

বিশ্বৰ সর্বাধিক এশিঙীয়া খর্গৰ গঁড়ৰ বাসস্থানস্থল হিচাপে খ্যাত তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শনিবাৰৰ পৰা আৰম্ভ হৈছে ১৪ সংখ্যক গঁড় গণনাৰ কাম(Rhino census in Kaziranga National Park) ৷

Microfinance relief scheme: কোকৰাঝাৰত ৫০০০ গৰাকী মহিলাক চেক প্ৰদান

কোকৰাঝাৰ বিটিআৰ সচিবালয়ৰ বিশাল খেলপথাৰত দেওবাৰে মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ অধীনত(Microfinance relief scheme) ৫০০০ গৰাকী মহিলা হিতাধিকাৰী তথা মহিলা আত্মসহায়ক গোটৰ সদস্যক আৰ্থিক অনুদানৰ চেক বিতৰণ কৰা হয় ।

Dibrugarh Fire incident: ডিব্ৰুগড়ৰ অগ্নিকাণ্ডত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’লে সৰ্বানন্দ সোনোৱালে

২৩ মাৰ্চত ডিব্ৰুগড়ত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে (Union minister Sarbananda Sonowal visited Dibrugarh)৷ নিউ মাৰ্কেটৰ ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত উপস্থিত হৈ মত বিনিময় কৰাৰ লগতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

পূৱ গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন

অসমীয়াৰ বাপতি সাহোন চেনেহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ আৰু কেইটামান দিন বাকী ৷ প্ৰকৃতিৰ লঠঙা বিৰিষেও পুৰণি সাজ সলাই ন সাজ পৰিধান কৰিছে ৷ বাদ পৰি ৰোৱা নাই বিহু কমিটিসমূহো ৷ ৰঙালীক আদৰাৰ বাবে দেওবাৰে পূৱ গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰা হয় (Laikhuta of East Guwahati Bihu Sanmilan established) ৷

নিমাতী-মাজুলীৰ মাজত স্তব্ধ বিভাগীয় ফেৰী সেৱা

নিমাতী-মাজুলীৰ মাজত অৱশেষত বন্ধ হ’ল বিভাগীয় ফেৰী সেৱা (Departmental ferry service suspended in Majuli) ৷ মূলতঃ তেলৰ অভাৱতে বন্ধ হ’ল নিমাতী আৰু মাজুলীৰ মাজত চলাচল কৰা ৰ’পেক্সকে ধৰি বিভাগীয় ফেৰীসমূহ (ferry service Suspended between Nimati and Majuli) ৷

দুবছৰৰ পিছত পুনৰ মুকলি উত্তৰ-পূৱ কয়লাক্ষেত্ৰ

মাৰ্ঘেৰিটাবাসীৰ বাবে সুখবৰ ৷ প্ৰায় দুবছৰৰ পিছত পুনৰ মুকলি উত্তৰ-পূৱ কয়লাক্ষেত্ৰ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কয়লাক্ষেত্ৰখন মুকলি (North East coal field reopened after two years) কৰে কেন্দ্ৰীয় কয়লা তথা খনি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৷

Agartala book fair : শুকুৰবাৰৰ পৰা আৰম্ভ ৪০ সংখ্যক আগৰতলা গ্ৰন্থমেলা

১২ দিনীয়া কাৰ্যসূচীৰে হাপানিয়া আন্তঃৰাষ্ট্ৰীয় মেলা খেলপথাৰত আৰম্ভ হৈছে ৪০ সংখ্যক আগৰতলা গ্ৰন্থমেলা (40th Agartala Book Fair begins)। উদ্বোধনী অনুষ্ঠানত উপস্থিত বাংলাদেশৰ ৰাজ্যিক সাংস্কৃতিক মন্ত্ৰী । কলকাতা, দিল্লী আৰু বাংলাদেশকে ধৰি বিভিন্ন স্থানৰ প্ৰকাশক আৰু বিক্ৰেতাসকলে এই বছৰৰ গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিছে ।

মাদ্ৰাছা বন্ধৰ দাবী জনোৱা বিজেপি বিধায়কক সমালোচনা চিপিআই(এম)ৰ

মাদ্ৰাছা বন্ধৰ বিতৰ্কই (Madrasa closure controversy in Tripura) উত্তাল কৰি তুলিছে ত্ৰিপুৰা । বিধানসভাৰ মজিয়াত মাদ্ৰাছা বন্ধৰ দাবী জনোৱা বিজেপি বিধায়কক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে চিপিআই(এম) দলে । বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সকলো ধৰ্মনিৰপেক্ষ ব্যক্তিক ওলাই আহিবলৈ আহ্বান জনাইছে চিপিআই(এম) দলে ।

Last Updated :Mar 27, 2022, 10:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.