ETV Bharat / state

দৰং জিলাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় কয়লা মন্ত্ৰীৰ ২ কোটি টকাৰ অনুদান

author img

By

Published : Mar 27, 2022, 6:12 PM IST

Central Minister Pralhad Joshi's big announcement for Darrang
দৰং জিলাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় কয়লা মন্ত্ৰীৰ ২ কোটি টকাৰ অনুদান

দৰং জিলাত উপস্থিত হৈ শিক্ষা, স্বাস্থ্যসেৱাৰ বাবে কেন্দ্ৰীয় কয়লা মন্ত্ৰীৰ ২ কোটি টকাৰ অনুদান ঘোষণা ৷ দৰং জিলা‌ প্ৰশাসনে উন্নয়নৰ বাবে‌ লোৱা পদক্ষেপক প্ৰশংসা কেন্দ্ৰীয় মন্ত্ৰীৰ(Central Minister Pralhad Joshi at Darrang) ৷

দৰং, 27 মাৰ্চ : কয়লা, খনিজ তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে দেওবাৰে "আকাংশিত জিলা" হিচাপে স্বীকৃতি লাভ কৰা দৰং জিলাত দিনজোৰা কাৰ্যসূচীৰে উপস্থিত হৈ ঐতিহাসিক অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত জিলা প্ৰশাসনে‌ লোৱা পদক্ষেপ সমূহৰ খতিয়ান লয় । মঙলদৈস্থিত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সকলো স্তৰৰ বাসিন্দাসকলৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপ সমূহে সু-ফলৰ আনিব বুলি উল্লেখ কৰি প্ৰশংসা জনায় (Central Minister Pralhad Joshi's big announcement for Darrang) ৷

central-minister-pralhad-joshis-big-announcement-for-darrang
দৰং জিলাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় কয়লা মন্ত্ৰীৰ ২ কোটি টকাৰ অনুদান
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ক'ল‌ ইন্ডিয়া লিমিটেডৰ কৰ্পৰেট দায়বদ্ধতা নিধিৰ অধীনত জিলাখনৰ শিক্ষাখণ্ডৰ বাবে ১ কোটি টকা আৰু চিকিৎসা সেৱাৰ উন্নীতকৰণৰ বাবে ১ কোটি টকাৰ অনুদানেৰে সৰ্বমুঠ ২ কোটি টকাৰ অনুদানৰ কথা ঘোষণা কৰে । ইফালে কেন্দ্ৰীয়মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, পৰ্যায়ক্ৰমে জিলাখনৰ উন্নয়নৰ স্বাৰ্থত আৰু অধিক আৰ্থিক অনুদান আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ ।উল্লেখযোগ্য যে, দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে ঐতিহাসিক দৰং জিলাত উপস্থিত হোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি জিলাখনৰ উন্নয়নৰ বাবে লোৱা কেতবোৰ বিশেষ পদক্ষেপ যেনে দক্ষতা বিশ্ববিদ্যালয়, কৰ্কট চিকিৎসালয় ইত্যাদিৰ বিষয়ে জানিবলৈ দিয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবকা ছাথ, ছবকা বিকাশৰ সপোনক বাস্তবায়িত কৰিবলৈ দৰং প্ৰশাসন সদায় বদ্ধপৰিকৰ বুলি উল্লেখ কৰে ।মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই (MP Dilip Saikia) বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দৰং জিলাৰ সৰ্বাংগীন বিকাশৰ প্ৰতি প্ৰদৰ্শন কৰা সদিচ্চাৰ দ্বাৰা জিলাখনৰ বাসিন্দা সকলৰ বাবে এক নতুন দিগন্তৰ ৰচনা হ'বলৈ গৈ আছে বুলি উল্লেখ কৰি তেওঁ কয়‌‌ যে বিগত ৭০ বছৰে যি উন্নয়ন প্ৰত্যক্ষ কৰা নহ'ল, সেয়া বিগত ৭ বছৰত জিলাবাসী ৰাইজে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে ৷জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই উপস্থিত মন্ত্ৰী তথা বিশিষ্ট ব্যক্তিসকলক সম্বোধন কৰি দৰং জিলাই আকাংশিত জিলাৰ মৰ্যাদা পোৱাৰে পৰা উন্নত জিলা হিচাপে ৰূপান্তৰ কৰিবলৈ লোৱা কাৰ্য্যসূচী সমূহৰ ব্যাখ্যা দাঙি ধৰি জানিবলৈ দিয়ে যে, ইতিমধ্যে দৰং জিলাই বহু দিশত পূৰ্বৰ তুলনাত ভাল ফলফল দেখুৱাবলৈ সক্ষম হৈছে ।

উপায়ুক্তগৰাকীয়ে লগতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক জিলাখনৰ উন্নয়নৰ বাবে অনুমোদিত প্ৰত্যেকটো টকাৰ সদব্যৱহাৰৰ আশ্বাস প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈকে দৰং জিলাৰ প্ৰতি প্ৰদৰ্শন কৰি থকা উদাৰ মনোভাৱৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ।

সভাৰ অন্তত ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে শলাগৰ শৰাই আগবঢ়ায় ৷ ইফালে, অনুষ্ঠানত উপৰোক্ত ব্যক্তি সকলৰ উপৰিও কয়লা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিবৰ উপৰিও ক'ল‌ ইণ্ডিয়া আৰু অসম চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে (Meeting on Aspirational District program at Darrang) ৷

লগতে পঢ়ক : দুবছৰৰ পিছত পুনৰ মুকলি উত্তৰ-পূৱ কয়লাক্ষেত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.