শিৱসাগৰত আৰক্ষীৰ গুণ্ডাগিৰি : সুৰাৰ ৰাগীত মাতাল ভাৰপ্ৰাপ্ত বিষয়া

By

Published : Mar 27, 2022, 5:23 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail

শিৱসাগৰত আৰক্ষীৰ গুণ্ডাগিৰি ৷ সুৰাৰ ৰাগীত মাতাল হোৱাৰ অভিযোগ হৰদেব সিং নামৰ এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, চেৰেকাপাৰৰ ৰাজীৱ গগৈ নামৰ এজন লোকৰ ঘৰৰ পৰা চুৰি হৈছিল এটা পানী মটৰ, যাৰ সন্দেহত ৰাইজে মুহিবুল আলি নামৰ এজনক কৰায়ত্ত কৰি গতাই দিয়ে চেৰেকাপাৰ আৰক্ষী চকীৰ হাতত ৷ অভিযোগ মতে, সুৰাসক্ত অৱস্থাত থকাৰ বাবে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰদেব সিং খৰ্গহস্ত হৈ পৰাত গোচৰ ৰুজু কৰিবলৈ অহা ৰাইজৰ লগতে গোচৰীয়া পদকীয়া দুয়োটা পক্ষৰ লগত মাৰপিটৰ ঘটনা সংঘটিত হয়(police misbehaved public in Sivsagar ) ৷ ইফালে, আৰক্ষী বিষয়াজনৰ মাৰপিটক গুৰুতৰভাৱে আহত হয় ৰেণু ৰবি দাস, বাসু ৰবি দাস, পিটল গগৈ, ৰাহুল গগৈ,সুখদেৱ ৰবি দাসকে ধৰি দহজনতকৈও অধিক লোক ৷

Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.