ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ ২০২২ বৰ্ষৰ গঁড় গণনাৰ কাম

author img

By

Published : Mar 27, 2022, 6:01 PM IST

বিশ্বৰ সর্বাধিক এশিঙীয়া খর্গৰ গঁড়ৰ বাসস্থানস্থল হিচাপে খ্যাত তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শনিবাৰৰ পৰা আৰম্ভ হৈছে ১৪ সংখ্যক গঁড় গণনাৰ কাম(Rhino census in Kaziranga National Park) ৷

rhino-census-2022-of-kaziranga-national-park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ ২০২২ বৰ্ষৰ গঁড় গণনাৰ কাম

বোকাখাত, 27 মাৰ্চ : বন বিভাগৰ এক তথ্য মতে, ২৬, ২৭ আৰু ২৮ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় গণনা অনুষ্ঠিত হ'ব । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা ডিফলু নদীক দুটা ভাগত বিভক্ত কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে বিশ্বনাথৰ ৮ টা খণ্ডক সামৰি মুঠ ৮৪ টা খণ্ডত গঁড়ৰ গণনাৰ কাম আৰম্ভ হয় (Rhino census in Kaziranga National Park) ।

তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই গণনাত শনিবাৰে ডিফলু নদীৰ দক্ষিণ পাৰৰ ৪৮ টা খণ্ডত গঁড় গণনা সম্পন্ন হয় (Rhino census 2022) । দেওবাৰে ডিফলু নদীৰ উত্তৰ পাৰৰ ২৮ টা খণ্ড আৰু বিশ্বনাথ সংমণ্ডলৰ ৮ টা খণ্ডক সামৰি মুঠ ৩৬ টা খণ্ডত গঁড় গণনাৰ কাম আৰম্ভ হয় । গঁড় গণনাৰ বাবে বনবিভাগে চৰকাৰী আৰু বেচৰকাৰী ৪৫ টা হাতী ব্যৱহাৰ কৰে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ ২০২২ বৰ্ষৰ গঁড় গণনাৰ কাম

এই কথা প্ৰকাশ কৰে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে (DFO of Kaziranga National Park) । ২৮ মাৰ্চত গঁড়ৰ লিংগ আৰু বয়স নিৰ্ধাৰণৰ পাছত ৩০ মাৰ্চত গঁড় গণনাৰ ফলাফল প্ৰকাশ কৰাৰ কথাও সদৰি কৰে ডি এফ অ' গৰাকীয়ে ৷ উদ্যানখনত ১৯৬৬ চনত পোন প্ৰথমবাৰৰ বাবে গঁড় গণনা আৰম্ভ হৈছিল আৰু সেইবাৰ উদ্যানখনত গঁড়ৰ সংখ্যা আছিল ৩৬৬ টা ।

আনহাতে, উদ্যানখনত ২০১২ চনত কৰা গণনাত গঁড়ৰ সংখ্যা আছিল ২,২৯০ টা । ইফালে, ২০১৩ বৰ্ষত গড়ৰ সংখ্যা বৃদ্ধি পাইছিল ২,৩২৯ টালৈ । শেহতীয়াকৈ ২০১৮ বৰ্ষৰ গঁড় গণনাত কাজিৰঙাত ২,৪১৩ টা গঁড় পোৱা গৈছিল ৷ এই বৰ্ষৰ গঁড় গণনাত পূৰ্বতকৈ গঁড়ৰ সংখ্যা কাজিৰঙাত বৃদ্ধি পাব বুলি আশা প্রকাশ কৰিছে উদ্যানখনৰ কতৃপক্ষই(Rhino Population Increases at Kaziranga National Park) ৷

লগতে পঢ়ক : পবিতৰা অভয়াৰণ্যত আৰম্ভ ২০২২ বৰ্ষৰ গঁড়ৰ জৰীপৰ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.