ETV Bharat / bharat

মাদ্ৰাছা বন্ধৰ দাবী জনোৱা বিজেপি বিধায়কক সমালোচনা চিপিআই(এম)ৰ

author img

By

Published : Mar 27, 2022, 2:11 PM IST

মাদ্ৰাছা বন্ধৰ বিতৰ্কই (Madrasa closure controversy in Tripura) উত্তাল কৰি তুলিছে ত্ৰিপুৰা । বিধানসভাৰ মজিয়াত মাদ্ৰাছা বন্ধৰ দাবী জনোৱা বিজেপি বিধায়কক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে চিপিআই(এম) দলে । বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সকলো ধৰ্মনিৰপেক্ষ ব্যক্তিক ওলাই আহিবলৈ আহ্বান জনাইছে চিপিআই(এম) দলে ।

Madrasa closure controversy in Tripura
বিজেপি বিধায়কক সমালোচনা চিপিআইএমৰ

আগৰতলা,২৭ মাৰ্চ : 'ত্ৰিপুৰাত বন্ধ কৰিব লাগে মাদ্ৰাছা ।' এই মন্তব্য বিজেপি বিধায়ত শম্ভূ লাল চাকমাৰ । বিধানসভাৰ মজিয়াত ৰাজ্যখনৰ মাদ্ৰাছাসমূহ বন্ধ কৰিবলৈ দাবী জনায় বিধায়কগৰাকীয়ে (BJP MLA demands closure of Madrasa in Tripura)। মাদ্ৰাছসমূহৰ পৰা কোনো অভিযন্তা বা চিকিৎসকৰ জন্ম নহয় বুলিও দাবী কৰে বিজেপি বিধায়কগৰাকীয়ে ।

তেওঁৰ অভিযোগ মাদ্ৰাছাসমূহে সন্ত্ৰাসবাদীহে সৃষ্টি কৰে । বিজেপি বিধায়কগৰাকীৰ এনে বিতৰ্কিত মন্তব্যৰ পাছতে ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে বিধায়কগৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । বিৰোধী চিপিআই(এম) দলেও বিধায়কগৰাকীক তীব্ৰ ভাষাৰে সমালোচনা কৰে (CPIM criticizes BJP MLA Sambhu Lal Chakma)। বিধায়কগৰাকীৰ এই মন্তব্য আপত্তিজনক আৰু ভিত্তিহীন বুলি দাবী কৰে চিপিআই(এম) দলে ।

লক্ষণীয়ভাৱে বিধানসভাত বিধায়কগৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে শাসকীয় দলৰ কোনো বিধায়ক বা মন্ত্ৰীয়ে প্ৰতিবাদ নকৰিলে । বিধানসভাত মুছলমান বিৰোধী মন্তব্য কৰাৰ পাছতো চাকমাৰ বিৰুদ্ধে শাসকীয় পক্ষৰ কোনোৱে প্ৰতিবাদ নকৰাত আচৰিত হৈছে চিপিআই(এম) ।

আনকি তেওঁৰ ভাষণক একাংশই সমৰ্থন কৰাৰ অভিযোগ কৰে চিপিআই(এম) দলে । চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদকে এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে । বিজেপি বিধায়কৰ বিৰুদ্ধে সকলোকে থিয় হ'বলৈ আহ্বান জনায় চিপিআই(এম)য়ে । সাম্প্ৰদায়িক হিংসা বিয়পাব চেষ্টা কৰা বিজেপি বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈও সকলোকে আহ্বান জনায় দলটোৱে ।

লগতে পঢ়ক :বাওঁমৰ্চাৰ চৰকাৰে SC উন্নয়ন নিগমক আৰ্থিকভাৱে পংগু কৰিছে : মন্ত্ৰী ভগৱান চন্দ্ৰ দাস

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.