ETV Bharat / state

পূৱ গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন

author img

By

Published : Mar 27, 2022, 5:10 PM IST

অসমীয়াৰ বাপতি সাহোন চেনেহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ আৰু কেইটামান দিন বাকী ৷ প্ৰকৃতিৰ লঠঙা বিৰিষেও পুৰণি সাজ সলাই ন সাজ পৰিধান কৰিছে ৷ বাদ পৰি ৰোৱা নাই বিহু কমিটিসমূহো ৷ ৰঙালীক আদৰাৰ বাবে দেওবাৰে পূৱ গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰা হয় (Laikhuta of East Guwahati Bihu Sanmilan established) ৷

Bihu preparation in Assam
পূৱ গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন

গুৱাহাটী, ২৭ মাৰ্চ : ৰাজ্যৰ চৌদিশে এতিয়া তুংগত উঠিছে ৰঙালীক আদৰাৰ প্ৰস্তুতি (Bihu preparation in Assam) । বাপটিসাহোন ৰঙালী বিহুটি উদযাপনৰ বাবে প্ৰতিজন অসমীয়াৰে ব্যস্ততাৰ সীমা নাই । বিহুৰ প্ৰস্তুতিৰ সমানে আয়োজন কৰা হৈছে বিহু নাচ, বিহু গীত তথা ঢোলবাদনৰ আখৰা ৷ বাদ পৰি ৰোৱা নাই বিহু কমিটিসমূহো ৷

Bihu preparation in Assam
পূৱ গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন

দেওবাৰে চানমাৰি খেলপথাৰত পৰম্পৰাগত ৰীতি নীতিৰ মাজৰে ৬১ সংখ্যক পূৱ গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰা হয় (Laikhuta of East Guwahati Bihu Summit has been established) । লাইখুঁটা স্থাপন কৰে বিহু সন্মিলনৰ উপদেষ্টা মৃদুল বেজবৰাই । ১৪ ৰ পৰা ১৭ এপ্ৰিললৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব বিহু সন্মিলন ।

ৰঙালীক আদৰাৰ প্ৰস্তুতি

এইবেলিৰ বিহু সন্মিলনৰ বাবে ধাৰ্য কৰা হৈছে প্ৰায় ৪০ লাখ টকাৰ বাজেট ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে সন্মিলনৰ সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই । লগতে তেওঁ কয় যে, এই সন্মিলনত থলুৱা সংস্কৃতি আৰু নৱ-প্ৰজন্মক সুযোগ দিয়া হ’ব । আনকি বিহু মঞ্চত জাতীয় সাজপাৰ পৰিধান কৰিহে শিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰিব পাৰিব ৷ লগতে তেওঁ এই বিহু মঞ্চত হিন্দী গীত পৰিৱেশন কৰিব নোৱাৰিব বুলিও মন্তব্য কৰে ।

উল্লেখ্য যে, পহিলা এপ্ৰিলৰ পৰা এই চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ বাকৰিত শুভাৰম্ভ কৰা হ’ব বিহু কৰ্মশালা ৷ পূৱ গুৱাহাটী বিহু সন্মিলনিৰ বিহু মঞ্চত ১৪ এপ্ৰিলত শ্ৰেষ্ঠ বিহু হুঁচৰি দল, শ্ৰেষ্ঠ বিহু নাচনী আৰু অসম বিহুৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব । লগতে ১৫ এপ্ৰিলত খেল-ধেমালি আৰু চিত্ৰাংকন প্ৰতিযোগীতা, মহিলাৰ প্ৰতিযোগীতা, অসম বিহুৱতী, শ্ৰেষ্ঠ ঢুলীয়া আৰু শ্ৰেষ্ঠ পেঁপা বাদন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । জানিব পৰা মতে, ১৬ আৰু ১৭ এপ্ৰিলত সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হ’ব ।

লগতে পঢ়ক : Bihu Workshop in various places : বিহুলৈ বুলি কঁকালত টঙালি বান্ধি সাজু প্ৰতিগৰাকী অসমীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.