ETV Bharat / bharat

Agartala book fair : শুকুৰবাৰৰ পৰা আৰম্ভ ৪০ সংখ্যক আগৰতলা গ্ৰন্থমেলা

author img

By

Published : Mar 27, 2022, 3:53 PM IST

১২ দিনীয়া কাৰ্যসূচীৰে হাপানিয়া আন্তঃৰাষ্ট্ৰীয় মেলা খেলপথাৰত আৰম্ভ হৈছে ৪০ সংখ্যক আগৰতলা গ্ৰন্থমেলা (40th Agartala Book Fair begins)। উদ্বোধনী অনুষ্ঠানত উপস্থিত বাংলাদেশৰ ৰাজ্যিক সাংস্কৃতিক মন্ত্ৰী । কলকাতা, দিল্লী আৰু বাংলাদেশকে ধৰি বিভিন্ন স্থানৰ প্ৰকাশক আৰু বিক্ৰেতাসকলে এই বছৰৰ গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিছে ।

Agartala book fair
শুকুৰবাৰৰ পৰা আৰম্ভ ৪০ সংখ্যক আগৰতলা গ্ৰন্থমেলা

আগৰতলা,২৭ মাৰ্চ : ত্ৰিপুৰাত আৰম্ভ হৈছে ৪০ সংখ্যক আগৰতলা গ্ৰন্থমেলা (40th Agartala Book Fair started)। শুকুৰবাৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে হাপানিয়া আন্তঃৰাষ্ট্ৰীয় মেলা খেলপথাৰত আৰম্ভ হৈছে গ্ৰন্থমেলাৰ (Agartala Book Fair at Hapania International Fair Ground)। গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ত্ৰিপুৰা বিধান সভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তী, তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰী, বাংলাদেশৰ ৰাজ্যিক সাংস্কৃতিক মন্ত্ৰী কে এম খালিদ, সমবায় মন্ত্ৰী ৰাম প্ৰসাদ পল আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।

আগৰতলাৰ এই গ্ৰন্থমেলা অতি গুৰুত্বপূৰ্ণ কিয়নো মন পচন্দৰ গ্ৰন্থখন বিচাৰি ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা যথেষ্ট লোকৰ সমাগম ঘটে এই মেলাত । উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে কয় যে কিতাপে আমাক সংকটজনক পৰিস্থিতিত পুনৰ যুঁজ দিয়াৰ উপায় বিচাৰি উলিওৱাত সহায় কৰে । কিতাপ আৰু ইয়াৰ পঢ়ুৱৈসকলৰ মাজৰ সম্পৰ্কক শিশু-মাতৃৰ সৈতে তুলনা কৰে অধ্যক্ষগৰাকীয়ে ।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি বাংলাদেশৰ মন্ত্ৰী কে এম খালিদে বাংলাদেশৰ সৈতে ত্ৰিপুৰাৰ ঐতিহাসিক সম্পৰ্কৰ কথা স্মৰণ কৰে ।

উল্লেখ্য যে কলকাতা, দিল্লী আৰু বাংলাদেশকে ধৰি বিভিন্ন স্থানৰ প্ৰকাশক আৰু বিক্ৰেতাসকলে এই বছৰৰ গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিছে । এইবাৰ গ্ৰন্থমেলাত বিপনীৰ সংখ্যা ১৬২ খন । ইফালে গ্ৰন্থমেলালৈ আহিবলৈ আগৰতলাৰ ৰাধানগৰ, চন্দ্ৰপুৰ আৰু ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ পৰা দৈনিক ১০ খনকৈ বিনামূলীয়া বাছ সেৱাৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক :ব্যৱসায়িক উন্নয়ন আৰু পৰিবহণ ব্যৱস্থাকলৈ ত্ৰিপুৰা চৰকাৰৰ সৈতে ৰে'ল কৰ্তৃপক্ষৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.