ETV Bharat / bharat

ব্যৱসায়িক উন্নয়ন আৰু পৰিবহণ ব্যৱস্থাকলৈ ত্ৰিপুৰা চৰকাৰৰ সৈতে ৰে'ল কৰ্তৃপক্ষৰ বৈঠক

author img

By

Published : Mar 27, 2022, 1:06 PM IST

railway
ত্ৰিপুৰা চৰকাৰৰ সৈতে ৰে'ল কতৃপক্ষৰ বৈঠক

২৪ মাৰ্চত ত্ৰিপুৰা চৰকাৰ আৰু ৰে'ল বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে বিশেষ বৈঠক অনুষ্ঠিত হয় (Tripura government and NF Railway meeting)। ত্ৰিপুৰাত উৎপাদিত সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত ৰে'ল সেৱাৰ ব্যৱহাৰ কিমান ফলপ্ৰসূ হ'ব পাৰে তাক লৈ এই আলোচনা । ৰে'ল বিভাগৰ বিশেষ আঁচনিৰ সুবিধাৰে অতি কম খৰচতে দেশৰ ভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰিব পাৰি সামগ্ৰীসমূহ ।

আগৰতলা,২৭ মাৰ্চ : ব্যৱসায়িক উন্নয়ন আৰু পৰিবহণৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্যে ত্ৰিপুৰাৰ চৰকাৰৰ বিশেষ পদক্ষেপ । ত্ৰিপুৰাত উৎপাদিত বিভিন্ন সামগ্ৰীৰ সুলভ পৰিবহণৰ বাবে ৰে'ল বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে চৰকাৰে আলোচনা কৰে (Tripura government and NF Railway meeting)। উল্লেখ্য যে ত্ৰিপুৰাত উৎপাদিত বহু সামগ্ৰী (Goods produced in Tripura) দেশৰ ভিন্ন প্ৰান্তলৈ সৰবৰাহ হয় । যাতে এই সৰবৰাহ কিছু সুলভ হয় তাৰ বাবে উত্তৰ-পূব ৰে'লৱেৰ সৈতে বৈঠকত মিলিত হয় চৰকাৰৰ প্ৰতিনিধি ।

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লামডিং বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে ২৪ মাৰ্চত গোমতী জিলা আৰু ত্ৰিপুৰা জিলাত ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় । গোমতী জিলাৰ বিষয়াসকলৰ সৈতে বৈঠকখন উদয়পুৰৰ জিলা সদৰত অনুষ্ঠিত হয় । বৈঠকত এডিএম (জি), গোমতী জিলাৰ পংকজ চক্ৰৱৰ্তী, ৰবৰ ব'ৰ্ড, বন বিভাগ, মীন বিভাগ, উদ্যান বিভাগৰ বিষয়া আৰু ব্যৱসায়ীসহ ১৪ গৰাকী লোকে অংশগ্ৰহণ কৰে । এন.এফ. ৰে'লৱেৰ বদৰপুৰৰ এৰিয়া মেনেজাৰে বিভিন্ন অংশীদাৰৰ সুবিধাৰ বাবে ভাৰতীয় ৰে'লৱেৰ দ্বাৰা আগবঢ়োৱা মালবাহী আৰু পাৰ্চেল ব্যৱসায়ৰ বিভিন্ন আঁচনিৰ ওপৰত এক প্ৰেজেণ্টেচন আগবঢ়ায় ।

প্ৰেজেণ্টেচনৰ পাছত হোৱা আলোচনাৰ সময়ত উদয়পুৰৰ ৰবৰ উৎপাদন আয়ুক্ত (আই/চি) কে.এইচ. নাছাৰে জানিবলৈ দিয়ে যে ত্ৰিপুৰাৰ গোমতী জিলাত বিগত বছৰত প্ৰায় ১৫,৬৪৫ মেট্ৰিক টন ৰবৰ উৎপাদন হৈছিল আৰু চাহিদা অনুসৰি ইয়াৰে কিছু অংশ স্থলপথেৰে জলন্ধৰ, লুধিয়ানা, দিল্লী আৰু গোৱাৰ দৰে দেশৰ ভিন্ন প্ৰান্তলৈ পঠিওৱা হয় ।

একেদিনাই পশ্চিম ত্ৰিপুৰা জিলাৰ বিষয়াসকলৰ সৈতে আগৰতলাত আন এখন বৈঠক অনুষ্ঠিত হয় । এন.এফ. ৰে'লৱে বিষয়াসকলৰ সন্মুখত মনিমালায়াৰ ৰবৰ প্ৰা. লি.-ৰ জি.এম. অৰুণাভ মজুমদাৰে কয় যে যোৱা বছৰ ত্ৰিপুৰাত মুঠ ৰবৰ উৎপাদন হৈছিল ৯০,৭১৪ মেট্ৰিক টন আৰু এই বছৰ ১ লাখ মেট্ৰিক টন অতিক্ৰম কৰাৰ সম্ভাৱনা আছে । ত্ৰিপুৰা চৰকাৰৰ উদ্যান শস্যৰ উপ-সঞ্চালক গোপাল মাল্লাই জনায় যে ত্ৰিপুৰাত প্ৰতি সপ্তাহত ১০ মেট্ৰিক টন আনাৰস ৰপ্তানি কৰাৰ সম্ভাৱনা আছে । এনে সামগ্ৰীবোৰ সোনকালে নষ্ট হ'ব পাৰে সেয়ে ৰেফ্ৰিজেৰেটেডৰ কণ্টেইনাৰৰ জৰিয়তে পৰিবহণ কৰিব পাৰি ।

ৰে'লৰ জৰিয়তে কম খৰচত পৰিবহণ কৰি ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী কৰাৰ সুবিধাসমূহৰ ওপৰত এন এফ ৰে'লৱেৰ বিষয়াসকলে আলোকপাত কৰে । এন এফ ৰে'লৱেই বৈঠকত উপস্থিত সকলোকে জনায় যে কৃষকসকলে কিষাণ ৰে'ল সেৱাৰ জৰিয়তে তেওঁলোকৰ কৃষিজাত সামগ্ৰী পোনপটীয়াকৈ দেশৰ সকলো প্ৰান্তলৈ প্ৰেৰণ কৰিব পাৰে । কিষাণ ৰে'লৰ জৰিয়তে ফল আৰু পাচলি পৰিবহণৰ ক্ষেত্ৰত ৫০ শতাংশ ৰাজসাহায্য প্ৰদান কৰা হয় । লগতে জনোৱা হৈছে যে ৰে'লৱেই পাৰ্চেল ব্যৱসায়ক অধিক গুৰুত্ব প্ৰদান কৰি বিভিন্ন উদগনি আৰু ৰাজসাহায্য সম্পৰ্কীয় আঁচনি প্ৰদান কৰিছে ।

লগতে পঢ়ক :ডাবল ইঞ্জিন চৰকাৰে নিচাত ডুবাইছে ত্ৰিপুৰাক : সুবল ভৌমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.