প্ৰথম অসমীয়া মহিলা বিমান পাইলট ধীৰা চলিহা হাজৰিকাক "বীৰাংগনা মূলাগাভৰু বঁটা" প্ৰদান টাইপাৰ - Veerangana Mulagavaru Award
Dhira Chaliha Hazarika : যি সময়ত মহিলাসকলে ঘৰৰ চাৰিবেৰৰ মাজত থাকিয়েই নিজৰ প্ৰতিভা বিকাশ কৰিবলগীয়া হৈছিল সেই সময়তেই এগৰাকী অসমীয়া মহিলাই আকাশত উৰি সকলোকে চমক দিছিল । আজিও সকলোৱে এইগৰাকী মহিলাৰ সাহসক জনাই আছে সন্মান ।

Published : May 20, 2024 at 2:28 PM IST
মৰাণ, ২০ মে’ : প্ৰথমগৰাকী অসমীয়া মহিলা বিমান পাইলট ধীৰা চলিহা হাজৰিকাক দেওবাৰে প্ৰদান কৰা হয় "বীৰাংগনা মূলাগাভৰু বঁটা" । সোণাৰি নগৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ধীৰা চলিহা হাজৰিকাক আয়োজকসকলে এই বঁটা প্ৰদান কৰে । টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ চৰাইদেউ জিলা সমিতিয়ে বীৰাংগনা মূলাগাভৰুৰ জীৱনাদর্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰি ২০১৩ বর্ষৰ পৰা ক্ৰমাগতভাৱে ঐতিহ্যমণ্ডিত সোণাৰি নগৰত অনুষ্ঠিত কৰি আহিছে বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠান ।
এই বৰ্ষত প্ৰথমগৰাকী অসমীয়া মহিলা বিমান পাইলট ধীৰা চলিহা হাজৰিকাক বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান কৰে সংগঠনটোৱে। দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানৰ মাজনিশা মুকলি সভাত প্ৰদান কৰা হয় এই বঁটাটো । বীৰাংগনা মূলাগাভৰু বঁটা গ্ৰহণ কৰি অতি আনন্দিত হোৱা বুলি নিজৰ ভাষণত মন্তব্য কৰে ধীৰা চলিহা হাজৰিকাই ।
এই মুকলি সভাত ৰাজ্যখনৰ সকলো জাতি-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে । ইপিনে,দিনৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।
উল্লেখ্য যে, সংগঠনটোৱে অসমৰ সমাজ জীৱন, শিক্ষা, সাহিত্য আৰু নাৰীৰ উত্তৰণৰ বাবে বিশেষ অৱদান আগবঢ়োৱা বৰেণ্যা নাৰী প্ৰয়াত চিত্ৰলতা ফুকন (২০১৩), বীৰুবালা ৰাভা (২০১৪), নিৰুপমা বৰগোহাঞি (২০১৫), ড৹ অনিমা গুহ (২০১৬), শিক্ষাবিদ ড৹ সুখ বৰুৱা (২০১৭), অসমৰ বিশিষ্ট সংগীতশিল্পী, সুকণ্ঠী গায়িকা দিপালী বৰঠাকুৰ (২০১৮), বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা (২০১৯), সাহিত্যিক পেঞ্চনাৰ ৰতিপ্ৰভা গগৈ (২০২১) আৰু বিশিষ্ট লেখিকা ড৹ অনিমা গগৈ (২০২২), অলিম্পিক পদক বিজয়ী, আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোহাঁইক (২০২৩) প্ৰদান কৰা হৈছে বীৰাংগনা মূলাগাভৰু বঁটা ।

