অমিতাৰ পাত পেলাই দিয়াৰ পৰিৱৰ্তে মুখত লগাওক - Papaya Leaves for Glowing Skin
Papaya Leaves for Glowing Skin : মুখৰ উজ্বলতা বৃদ্ধি কৰিবলৈ অমিতাৰ পাত এবিধ অতি উত্তম বিকল্প । ইয়াত থকা গুণবোৰে ছালৰ লগত জড়িত সমস্যাবোৰ দূৰ কৰাত অতি উপকাৰী । আহক জানো ইয়াৰ অন্য উপকাৰিতাসমূহ -

Published : May 20, 2024 at 1:56 PM IST
অমিতা এবিধ অতি সুস্বাদু আৰু পুষ্টিকৰ ফল ৷ কেৱল ফলেই নহয়, ইয়াৰ পাততো পুষ্টিকৰ উপাদান থাকে ৷ অমিতাৰ পাতত ভিটামিন এ, ভিটামিন চি আৰু পেপেইনৰ দৰে উপাদান থাকে ৷ যি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ কেৱল অমিতাই নহয় ইয়াৰ পাতো আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷
ইয়াৰ উপৰিও ছালৰ লগত জড়িত সমস্যা দূৰ কৰিবলৈও ইয়াৰ ব্যৱহাৰ কৰিব পাৰি ৷ অমিতাৰ পাতত থকা ভিটামিনে ছালৰ ৰং উন্নত কৰাত সহায় কৰে ৷ মুখত অমিতাৰ পাত ব্যৱহাৰ কৰিলে দাগ, ব্ৰণ আদি বহু সমস্যাৰ পৰা সকাহ পাব পাৰি৷ সেয়ে মুখৰ গ্লো বৃদ্ধি কৰিবলৈ অমিতাৰ পাত কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানো আহক -
উজ্বল ছালৰ বাবে অমিতাৰ পাত
১) অমিতাৰ পাতৰ ৰস
গ্লোয়িং ছাল পাবলৈ অমিতাৰ পাতৰ ৰস মুখত লগাব পাৰে ৷ ইয়াৰ বাবে ২-৩ খিলা অমিতাৰ পাত লওক ৷ তাক পিহি ৰস উলিয়াই লওক ৷ তাৰ পিছত মুখত ইয়াৰ প্ৰলেপ লগাওক ৷ ১০-১৫ মিনিট লগাই ৰখাৰ পিছত মুখখন ভালদৰে পানীৰে পৰিষ্কাৰ কৰিব লওক ৷ অমিতাৰ পাতৰ ৰস মুখত সপ্তাহত ১-২ বাৰ লগাব পাৰে ৷ ইয়াৰ ফলত ছালৰ উজ্জ্বলতা বৃদ্ধি পাব ৷ লগতে, ছালৰ ৰঙো উন্নত হোৱাত সহায় কৰে ৷
২) অমিতাৰ পাতৰ স্ক্ৰাব
যদি আপোনাৰ মুখত মৃত ছালৰ কোষব্ৰণ আছে তেন্তে অমিতাৰ পাতেৰে মুখখনত ঘঁহি পৰিষ্কাৰ পানীৰে ধুই ল’ব৷ ইয়াৰ বাবে অমিতাৰ পাত শুকুৱাই লওক ৷ এতিয়া তাক ভালদৰে থেতেলিয়াই লওক আৰু তাৰ পিছত পানী অলপ দিয়ক ৷ মুখত লগাই ১-২ মিনিট লাহে লাহে স্ক্ৰাব কৰক ৷ তাৰ পিছত পানীৰে মুখখন পৰিষ্কাৰ কৰক ৷ ইয়াৰ দ্বাৰা মুখত জমা হোৱা সকলো মলি আৰু ধূলি সহজে দূৰ হৈ পৰিষ্কাৰ হ’ব ৷ ইয়াৰ উপৰিও ছালৰ উজ্বলতা বৃদ্ধি হ’ব ৷
৩) অমিতাৰ পাতৰ পেষ্ট
অমিতাৰ পাতৰ পেষ্টো মুখত লগাব পাৰে ৷ ইয়াৰ বাবে সতেজ অমিতাৰ পাত লওক ৷ মিহিকৈ পিহি তাৰ পিছত মুখত লগাব ৷ ১০-১৫ মিনিট মুখত ৰাখিব ৷ ইয়াৰ পিছত মুখখন পানীৰে পৰিষ্কাৰ কৰক ৷ ইয়াৰ ফলত ৰ’দৰ তাপৰ ফলত ছাল পোৰাৰ ফলত যি দাগ পৰে সেই দাগ আঁতৰি যাব ৷ মুখৰ উজ্বলতা বৃদ্ধি পাব আৰু বলিৰেখাও ইয়াৰ পৰাও মুক্তি পাব ৷
সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ইয়াৰ বাবে ইটিভি ভাৰতে দায়িত্ব লোৱা নাই। কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।
লগতে পঢ়ক: কৰ্কটৰ পৰা হাঁপানিলৈ, এই আটাইবোৰ ৰোগৰ প্ৰতিকাৰ অমিতা

