ETV Bharat / state

Dibrugarh Fire incident: ডিব্ৰুগড়ৰ অগ্নিকাণ্ডত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’লে সৰ্বানন্দ সোনোৱালে

author img

By

Published : Mar 27, 2022, 5:25 PM IST

Dibrugarh Fire incident
ডিব্ৰুগড়ৰ অগ্নিকাণ্ডত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’লে সৰ্বানন্দ সোনোৱালে

২৩ মাৰ্চত ডিব্ৰুগড়ত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে (Union minister Sarbananda Sonowal visited Dibrugarh)৷ নিউ মাৰ্কেটৰ ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত উপস্থিত হৈ মত বিনিময় কৰাৰ লগতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

মৰাণ, 27 মাৰ্চ: ডিব্ৰুগড়ৰ নিউ মাৰ্কেটত ২৩ মাৰ্চৰ পুৱতি নিশা সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাৰ ক্ষয়-ক্ষতি বুজ ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোনোৱালে (Union minister Sarbananda Sonowal visited Dibrugarh)। দিল্লীৰ পৰা পোনে পোনে মোহনবাৰী বিমান বন্দৰত উপস্থিত হৈ আজি নিউ মাৰ্কেটৰ ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত উপস্থিত হৈ মত বিনিময় কৰাৰ লগতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ।

ডিব্ৰুগড়ৰ অগ্নিকাণ্ডত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’লে সৰ্বানন্দ সোনোৱালে

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত ৰাইজৰ লগত মত বিনিময় কৰাৰ সময়ত ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন আৰু ৱাৰ্ডৰ সদস্য উজ্জ্বল ফুকনে সংগ দিয়ে ৷ উল্লেখ্য যে, ২৩ মাৰ্চৰ পুৱতি নিশা প্ৰায় 3 বজাত ডিব্ৰুগড় চহৰৰ নিউ মাকেটত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড । প্ৰায় চাৰিঘণ্টাজুৰি অব্যাহত থকা এই অগ্নিকাণ্ডত জাহ যায় সৰু-বৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ৷

প্ৰায় ৩০ খন ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয় এই অগ্নিকাণ্ডত (Dibrugarh Fire incident)। বিহুৰ প্ৰাক মূহুৰ্তত সংঘটিত হোৱা এই অগ্নিকাণ্ডত কেইবাকোটি টকাৰ সা-সম্পত্তি ভস্মীভূত হয় ৷

লগতে পঢ়ক: কিশোৰৰ ভৰিত মেৰিয়াই ধৰিলে প্ৰকাণ্ড সাপে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.