ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 10, 2022, 1:04 PM IST

top-10-at-1-pm
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Earthquake in Assam and Arunachal Pradesh: দুটাকৈ ভূমিকম্পই জোকাৰিলে অসম-অৰুণাচল

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি । বুধবাৰে পুৱা দুটাকৈ ভূমিকম্পই জোকাৰি গ’ল অসমৰ লগতে অৰুণাচলক (Earthquake in Assam) ৷ পুৱা 10:31 বজাত অহা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৫.৭ ৰিখটাৰ স্কেল ৷ আনহাতে 10:59 বজাত অহা ভূমিকম্পটোৰ প্ৰাৱল্য 3.5 ৰিখটাৰ স্কেল ৷

Attack on police officers: কৰিমগঞ্জত দুৰ্বৃত্তৰ আক্ৰমণত আহত দুই আৰক্ষী বিষয়া

কৰিমগঞ্জত নিশা আৰক্ষীৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ ৷ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দুগৰাকীকৈ আৰক্ষীৰ লোক ৷ অভিযুক্ত গৌতম ৰবিদাসক আটক কৰিছে আৰক্ষীয়ে(One arrested for attack on Police Officer) ৷

DAC Election Result 2022: জোনাইত নিৰ্বাচনৰ ফলাফল ঘোষণা

জোনাইত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে (DAC Election 2022 result at Jonai) ৷ জেপিপি দলৰ ৰাজেশ দেউৰীয়ে ৬ টা ভোটৰ ব্যৱধানত বিজয়ী হৈ শেষ হাঁহি মাৰে ৷

Cheating of mobile theatre: বাক্সাত ৰাস সমিতিক ৰামঠগন ভ্ৰাম্যমাণ দলৰ

গোলাগাঁৱত ৬৩ সংখ্যক ৰাস মহোৎসৱত নাট প্ৰদৰ্শনৰ বাবে সমিতিয়ে আমন্ত্ৰণ জনাইছিল হিমাদ্ৰী থিয়েটাৰ গোষ্ঠীক । আগধন হিচাপে ৫০ হাজাৰ টকা লৈও নাট মঞ্চস্থ কৰিবলৈ নাহিল নাট্যদল (Himadri theatre cheats Baksa Raas committee)। হিমাদ্ৰী থিয়েটাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ ।

Rameswar Teli in Chhattisgarh: ছত্তীশগড়ত অন্য ৰূপত মন্ত্ৰী ৰামেশ্বৰ তেলী

ছত্তিশগড়ত উপস্থিত হৈ ছত্তীশগড়ীয়া ভাষাত সম্বোধন কৰিলে কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী দিনজোৰা ভ্ৰমণসূচীৰে ছত্তিশগড় জিলাৰ বিলাসপুৰত উপস্থিত হয় (Rameshwar Teli visit to Chhattisgarh) ৷

Myositis: দুৰাৰোগ্য ব্যাধিৰে যুঁজিছে দক্ষিণৰ অভিনেত্ৰী সামান্থাই

শেহতীয়াকৈ দক্ষিণৰ অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে বিগত কেইমাহমান ধৰি মাইঅ’চাইটিছ নামৰ ৰোগত আক্ৰান্ত হোৱাৰ কথা মুকলিকৈ কয় । মাইঅ’চাইটিছ হৈছে এনে এক ৰোগ বা অৱস্থা য’ত আমাৰ মাংসপেশী সৰ্বাধিক প্ৰভাৱিত হয় । কেতিয়াবা এই ৰোগৰ বাবে ৰোগীয়ে দৈনন্দিন স্বাভাৱিক কাম-কাজ যেনে খোজ কঢ়া, উঠা-বহা আদিত অসুবিধাৰ সৃষ্টি কৰিব পাৰে ।

Rakhi-Sherlyn file cases against each other: পৰস্পৰৰ বিৰুদ্ধে গোচৰ ৰাখী-শ্বাৰলিনৰ

বুধবাৰে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি বলীউডৰ তাৰকা ৰাখী সাৱন্ত আৰু শ্বাৰলিন চোপ্ৰাই আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ বাবে ইজনে সিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

Preparation of UPPL Conference: ইউপিপিএলৰ কেন্দ্ৰীয় অধিৱেশনৰ বাবে সাজু জৌগালু পথাৰ

ইউপিপিএলৰ তৃতীয় ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি তুংগত (Preparation of UPPL central session) ৷ কোকৰাঝাৰৰ চন্দ্ৰপাৰাৰ জৌগালু পথাৰত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ইউপিপিএলৰ অধিৱেশন ৷ এই অধিৱেশনত ৬ হাজাৰ প্ৰতিনিধিৰ সমাৱেশ ঘটিব বুলি আশা কৰা হৈছে ৷

DAC Election Result 2022: ৭৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজি

পুৱাৰ পৰা আৰম্ভ হৈছে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা (DAC Election 2022)৷ ৪নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভাস্কৰ দেউৰীয়ে জয়লাভ কৰিছে (BJP Candidate Bhaskar Deori win) ।

Awareness program for senior citizen: মৰাণত জ্যেষ্ঠ নাগৰিকৰ সজাগতা সভা

সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত আৰু জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ সৌজন্যত মৰাণৰ তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত জ্যেষ্ঠ নাগৰিকৰ বাবে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় (Awareness program for senior citizen)। বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক জ্যেষ্ঠ নাগৰিক উপস্থিত থকা সভাখনত ৩ গৰাকীকৈ বিধায়ক উপস্থিত থাকে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.