ETV Bharat / state

DAC Election Result 2022: জোনাইত নিৰ্বাচনৰ ফলাফল ঘোষণা

author img

By

Published : Nov 10, 2022, 11:42 AM IST

DAC Election 2022 result at Jonai
DAC Election 2022: জোনাইত নিৰ্বাচনৰ ফলাফল ঘোষণা

জোনাইত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে (DAC Election 2022 result at Jonai) ৷ জেপিপি দলৰ ৰাজেশ দেউৰীয়ে ৬ টা ভোটৰ ব্যৱধানত বিজয়ী হৈ শেষ হাঁহি মাৰে ৷

জোনাই, 10 নৱেম্বৰ: জোনাইত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে (DAC Election 2022 result at Jonai) ৷ জোনাইৰ ১২ নং দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফলত 6 টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে জেপিপি দলৰ প্ৰাৰ্থী ৰাজেশ দেউৰীয়ে ৷

DAC Election 2022: জোনাইত নিৰ্বাচনৰ ফলাফল ঘোষণা

জোনাইৰ মুঠ ৫ টা ভোট কেন্দ্ৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত ৯৬৮ জনৰ ভিতৰত ৮০৫ জনে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ আজি পুৱাৰে পৰা আৰম্ভ হোৱা দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ ২২ টা সমষ্টিৰ ভিতৰত প্ৰথমটো ফলাফলত জেপিপি দলৰ ৰাজেশ দেউৰীয়ে ৬ টা ভোটৰ ব্যৱধানত বিজয়ী হৈ শেষ হাঁহি মাৰে ৷ জেপিপি দলে ৩৯২ টা ভোট লাভ কৰাৰ বিপৰীতে ভাৰতীয় জনতা দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত দেউৰীয়ে ৩৮৬ টা ভোট লাভ কৰে আৰু কংগ্ৰেছৰ হৈ সৰুমাই দেউৰীয়ে ২ টা ভোট লাভ কৰাৰ বিপৰীতে ২৫ টা ভোট নাকচ হৈছে ৷

বৃহস্পতিবাৰে পুৱাৰ পৰা আৰম্ভ হৈছে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা (DAC Election 2022)৷ উজনি অসমৰ 6 খনকৈ জিলাত পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া ৷ আজিৰ ভোট গণনাত ৭৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব (Deori Autonomous council election counting)৷ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নামিছে বিজেপি, কংগ্ৰেছ, অগপ, আপ, ৰাইজৰ দল, এজেপি আৰু নিৰ্দলীয় প্ৰাৰ্থী ।

এইবাৰৰ দেউৰী নিৰ্বাচনত মুঠ ৭৯.৯৯ শতাংশ ভোটাৰে ভোটদান কৰিছিল ৷ শাসকীয় বিজেপিৰ 19 জন, অগপৰ আছে ৪ জন প্ৰাৰ্থী ৷ মুখ্য বিৰোধী দল কংগ্ৰেছৰ আছে ১৪ জন, ৰাইজৰ দলৰ আছে ২ জন প্ৰাৰ্থী আৰু অসম জাতীয় পৰিষদৰ আছে ১ জন প্ৰাৰ্থী ৷

মন কৰিবলগীয়া যে এইবাৰৰ দেউৰী স্বায়ত্ত্বশাসিত নিৰ্বা চনত ৰ্বা মুঠ ২৯ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদন্দিতা কৰিছে ৷ পূৰ্বে মুঠ ২০ টা সমষ্টি আছিল যদিও এইবাৰ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিৰ সংখ্যা ২২ টালৈ বৃদ্ধি কৰা হয় ৷ অজনজাতি তথা সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে থকা একমাত্ৰ সমষ্টিটো হৈছে ডিব্ৰুগড়।

দেউৰী স্বায়ত্ত শাসিত পৰিষদ অসমৰ এক উল্লেখযোগ্য স্বায়ত্তশাসিত পৰিষদ। দেউৰী জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ত শাসনৰ বাবে অসম চৰকাৰে ২০০৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৭ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে ।

লগতে পঢ়ক: DAC poll result 2022: মাজুলীত বিজেপিৰ মুখথেকেচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.