ETV Bharat / state

Cheating of mobile theatre: বাক্সাত ৰাস সমিতিক ৰামঠগন ভ্ৰাম্যমাণ দলৰ

author img

By

Published : Nov 10, 2022, 12:55 PM IST

Himadri theatre
বাক্সাত ৰাস সমিতিক ৰামঠগন ভ্ৰাম্যমাণ দলৰ

গোলাগাঁৱত ৬৩ সংখ্যক ৰাস মহোৎসৱত নাট প্ৰদৰ্শনৰ বাবে সমিতিয়ে আমন্ত্ৰণ জনাইছিল হিমাদ্ৰী থিয়েটাৰ গোষ্ঠীক । আগধন হিচাপে ৫০ হাজাৰ টকা লৈও নাট মঞ্চস্থ কৰিবলৈ নাহিল নাট্যদল (Himadri theatre cheats Baksa Raas committee)। হিমাদ্ৰী থিয়েটাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ ।

বাক্সা,১০ নৱেম্বৰ : উজনি-নামনি সকলোতে এতিয়া ৰাসক লৈ ব্যাপক উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে (Raas Festival in Assam)। নলবাৰীকে ধৰি নামনি অসমৰ বিভিন্ন জিলাত ব্যাপকভাৱে উদযাপন কৰা হৈছে ৰাস মহোৎসৱ । ইফালে প্ৰতিখন ৰাস সমিতিয়ে ভক্তৰ আমোদৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰিছে ।

বাক্সাত ৰাস সমিতিক ৰামঠগন ভ্ৰাম্যমাণ দলৰ

ৰাইজক আমোদ দিয়াৰ উদ্দেশ্যে সমিতিসমূহে আনন্দ মেলা, থিয়েটাৰ আদি আমন্ত্ৰণ জনাইছে । পিছে ইয়াৰ মাজতে বাক্সাত আজৱ ঘটনা সংঘটিত হৈছে । আগধন লৈ নাট মঞ্চস্থ কৰিবলৈ নাহিল ভ্ৰাম্যমাণ দল । যাক লৈ এতিয়া বিবুদ্ধিত পৰিছে ৰাস পৰিচালনা সমিতি (Tense situation in Baksa Raas festival)।

এই ঘটনা বাক্সাৰ গোলাগাঁৱৰ । গোলাগাঁৱত ৬৩ সংখ্যক ৰাস মহোৎসৱত নাট প্ৰদৰ্শনৰ বাবে সমিতিয়ে আমন্ত্ৰণ জনাইছিল হিমাদ্ৰী থিয়েটাৰ গোষ্ঠীক । বিগত মাৰ্চ মাহতে সমিতিৰ সৈতে চুক্তিবদ্ধ হৈছিল লখিমপুৰৰ মাধৱপুৰৰ পৰা আত্মপ্ৰকাশ কৰা ভ্ৰাম্যমাণ নাট্যদল থিয়েটাৰ হিমাদ্ৰী ৷ নাট প্ৰদৰ্শনৰ বাবে ৰাস মহোৎসৱ সমিতিৰ পৰা আগধন হিচাপে লৈছিল পঞ্চাশ হাজাৰ টকা ৷

পিছে চুক্তিত স্বাক্ষৰ কৰিও নাট প্ৰদৰ্শনৰ বাবে নাহিল ভ্ৰাম্যমাণ নাট্য দলটো (Cheating of Himadri Theatre) ৷ যাক লৈ ৰাসস্থলীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ সৈতে ৩ নিশাৰ বাবে চুক্তি স্বাক্ষৰ কৰিছিল হিমাদ্ৰী থিয়েটাৰে ৷ অভিযোগ অনুসৰি প্ৰযোজক দীপক নাথে আগধন হিচাপে ধনখিনি লৈছিল ৷ কিন্তু ৰাস আৰম্ভ হ'ল যদিও গোলাগাঁৱলৈ নাট্যদলটো নহাত সমস্যাত পৰিছে ৰাস পৰিচালনা সমিতি (Himadri theatre cheats Baksa Raas committee) ৷

ইফালে ৰাস মহোৎসৱ উদযাপন সমিতিৰ পৰা ফোন কৰিলেও কোনো উত্তৰ নিদিয়ে থিয়েটাৰৰ কৰ্তৃপক্ষই ৷ উল্লেখ্য যে বুধবাৰৰ পৰা নাট্যদলটোৱে নাট প্ৰদৰ্শন কৰাৰ কথা আছিল ৷ ইতিমধ্যে ৰাস মহোৎসৱ উদযাপন সমিতিয়ে নাট্যদলটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জনাইছে । ইফালে নাট্যদলটোৰ এই প্ৰৱঞ্চনাক লৈ সমগ্ৰ অঞ্চলটোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :DAC Election Result 2022: জোনাইত নিৰ্বাচনৰ ফলাফল ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.