ETV Bharat / state

DAC Election Result 2022: ৭৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজি

author img

By

Published : Nov 10, 2022, 10:08 AM IST

Updated : Nov 10, 2022, 12:59 PM IST

Deori Autonomous council election counting
DAC Election 2022: ৭৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়

পুৱাৰ পৰা আৰম্ভ হৈছে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা (DAC Election 2022)৷ ৪নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভাস্কৰ দেউৰীয়ে জয়লাভ কৰিছে (BJP Candidate Bhaskar Deori win) ।

গুৱাহাটী/মৰাণ, 10 নৱেম্বৰ: বৃহস্পতিবাৰে পুৱাৰ পৰা আৰম্ভ হৈছে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা (DAC Election 2022)৷ উজনি অসমৰ 6 খনকৈ জিলাত পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া ৷ আজিৰ ভোট গণনাত ৭৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব (Deori Autonomous council election counting)৷

এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নামিছে বিজেপি, কংগ্ৰেছ, অগপ, আপ, ৰাইজৰ দল, এজেপি আৰু নিৰ্দলীয় প্ৰাৰ্থী । এইবাৰৰ দেউৰী নিৰ্বাচনত মুঠ ৭৯.৯৯ শতাংশ ভোটাৰে ভোটদান কৰিছিল ৷ শাসকীয় বিজেপিৰ 19 জন, অগপৰ আছে ৪ জন প্ৰাৰ্থী ৷ মুখ্য বিৰোধী দল কংগ্ৰেছৰ আছে ১৪ জন, ৰাইজৰ দলৰ আছে ২ জন প্ৰাৰ্থী আৰু অসম জাতীয় পৰিষদৰ আছে ১ জন প্ৰাৰ্থী ৷

মন কৰিবলগীয়া যে এইবাৰৰ দেউৰী স্বায়ত্ত্বশাসিত নিৰ্বাচনত মুঠ ২৯ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদন্দিতা কৰিছে ৷ পূৰ্বে মুঠ ২০ টা সমষ্টি আছিল যদিও এইবাৰ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিৰ সংখ্যা ২২টালৈ বৃদ্ধি কৰা হয় ৷ অজনজাতি তথা সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে থকা একমাত্ৰ সমষ্টিটো হৈছে ডিব্ৰুগড়।

দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদ অসমৰ এক উল্লেখযোগ্য স্বায়ত্ত্বশাসিত পৰিষদ। দেউৰী জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ত্ব শাসনৰ বাবে অসম চৰকাৰে ২০০৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৭ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে।

আজিৰ ভোট গণনাত আন বিৰোধী প্ৰাৰ্থী সকলে জয়ৰ আশা কৰিছে যদিও নিৰ্বাচনোত্তৰ বিশ্লেষণত বিজেপি আৰু অগপৰ মিত্ৰজোঁটেই দেউৰী পৰিষদ গঠন কৰিব বুলি মন্তব্য আগবঢ়োৱা হৈছে ৷

ভোটগণনা হৈ থকাৰ মাজতে ৪নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিত প্ৰথমটো জয়লাভৰ খবৰ আহি পৰিছে ৷ ৪নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভাস্কৰ দেউৰীয়ে জয়লাভ কৰিছে (BJP Candidate Bhaskar Deori win) । ভাস্কৰ দেউৰীয়ে ৭৩০ টাকৈ ভোট লাভ কৰি জয়লাভ কৰে আৰু জিমছায়া পীপলছ পাৰ্টীৰ( JPP) পুৰ্ণানন্দ দেউৰীয়ে লাভ কৰে ৬৭৪ টা ভোট।

উল্লেখযোগ্য যে 4 নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিত বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ভাস্কৰ দেউৰী আৰু JPP ৰ হৈ পূৰ্ণানন্দ দেউৰীয়ে। তিনিটা ভোট কেন্দ্ৰত ভোটদান হৈছিল। কলৌলোৱা মধ্য ইংৰাজী বিদ্যালয়ৰ 1নং ভোট কেন্দ্ৰত মুঠ ভোটাৰ আছিল 1071, ভোটদান কৰিলে 866জন ভোটাৰে।

ধুপুৰ এল পি স্কুলৰ 2নং ভোট কেন্দ্ৰত ভোটাৰ আছিল 593, ভোটদান কৰিলে 490 জন ভোটাৰে। কাছমাৰী দেউৰী গাঁৱৰ মধ্য ইংৰাজী বিদ্যালয়ৰ 3নং ভোট কেন্দ্ৰত ভোটাৰ আছিল 133, ভোটদান কৰিলে 107 জন ভোটাৰে।
লগতে পঢ়ক: Rameswar Teli in Chhattisgarh: ছত্তীশগড়ত অন্য ৰূপত মন্ত্ৰী ৰামেশ্বৰ তেলী

Last Updated :Nov 10, 2022, 12:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.