আৰক্ষী চকীৰ নিচেই কাষতে অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - Dead Body Recovered

By ETV Bharat Assamese Team

Published : May 19, 2024, 4:36 PM IST

thumbnail
আৰক্ষী চকীৰ নিচেই কাষতে উদ্ধাৰ অচিনাক্ত মৃতদেহ (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 19 মে’ :  টিংখাঙৰ বৰবাম আৰক্ষী চকীৰ নিচেই কাষতে দেওবাৰে উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ ৷ বৰবাম আৰক্ষী চকীৰ সমীপৰ ৰাজগড় সোণাৰি পথৰ কাষৰ এটা পুখুৰীৰ পাৰত পৰি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ৷ এটা সৰু গছপুলিৰ ডাল এটাত গামোচা এখনৰ এটা টুকুৰা আৰু আন এটুকুৰা ব্যক্তিজনৰ ডিঙিত লাগি আছে বুলি জনাইছে আৰক্ষীয়ে ৷

হাফ পেণ্ট আৰু টি-ছাৰ্ট পৰিধান কৰা মাটিত পৰি থকা আদহীয়া মৃতদেহটো বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷ পুৰণি গামোচাখনৰে চিপজৰী লোৱা ব্যক্তিজনৰ গামোচাখন চিঙি মাটিত পৰি যায় বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

ক'ৰ পৰা আহি আৰক্ষী চকীৰ কাষতে এনেদৰে এজন অচিনাকী ব্যক্তিয়ে আত্মহত্যা কৰিলে তাকে লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ইতিমধ্যে আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : ওমলি থাকোতে পুখুৰীত পৰি কৰুণ মৃত্যু দুই শিশুৰ - Death By Drowning
 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.