ETV Bharat / state

যৌন কেলেংকাৰী : দেহৰক্ষীৰে দপদপাই থকা সাংসদ প্ৰাৰ্থীৰ হাতত লাগিল হাতকেৰেয়া - Sex Scandle Of Politicians

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 4:33 PM IST

Nagaon lok sabha candidate arrested : এনেই ফাৰ্মাচী খুলি ধন ঘটাৰ লগতে অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ মন ৷ পিছে নিৰ্বাচন আহিলে ৰাইজৰ সেৱাত বিলীন হ’ব খোজে তেওঁ ৷ পিছে নিৰ্বাচনৰ সময়ত লাভ কৰা দেহৰক্ষীয়েও ৰক্ষা কৰিব নোৱাৰিলে ৷ যৌন নিৰ্যাতনত নাম সাঙোৰ খোৱাৰ পিছতে আৰক্ষীয়ে হাতত লগালে হাতকেৰেয়া ৷ চাওক সবিশেষ এই প্ৰতিবেদনত...

Nagaon lok sabha candidate arrested
সাংসদ প্ৰাৰ্থীৰ হাতত লাগিল হাতকেৰেয়া (Source : Etv Bharat Assam)

নগাঁও, 19 মে’: সাংসদ পদৰ এগৰাকী প্ৰাৰ্থীৰ হাতত লাগিল হাতকেৰেয়া ৷ সততে নিজৰ সৈতে দেহৰক্ষী লৈ ফুৰা সাংসদ প্ৰাৰ্থী হ’লগৈ জেল হাজোতৰ আলহী ৷ আপুনি হয়তো ভাবিছে পাব লাগিছিল দিল্লীৰ মছনদ, কিন্তু পালে দেখোন জেল হাজোতত ৷ আপোনাৰ উৎকণ্ঠাৰ অন্ত পৰিবলৈয়ে আমি লৈ আহিছো এই প্ৰতিবেদন ৷

ঘটনাৰ বিৱৰণী অনুসৰি, জুৰীয়াৰ মাহেৰীপাৰাৰ বাসিন্দা আবু শ্বামা নামৰ লোকগৰাকীৰ অসৎ উদ্দেশ্যৰ কথা ইমানদিনো পোহৰলৈ অহা নাছিল ৷ পিছে সত্যক জানো সদায় ঢাকি ৰাখিব পাৰি ? এদিন নহয় এদিন ই বাহিৰলৈ অহাটো স্বাভাৱিক ৷ আবু শ্বামাই নিজৰ অসৎ কাৰ্য চৰিতাৰ্থ কৰিবলৈয়ে খুলিছিল এখন ফাৰ্মাচী ৷ অতি আৱেগেৰে ফাৰ্মাচীখনৰ নামো থৈছিল "জান" ৷ এই জান মেডিকেলৰ সন্মুখ দুৱাৰেদি কৰি গৈছিল জনসেৱা আৰু পিছদুৱাৰেদি কৰি গৈছিল নিজৰ ন্যস্ত স্বাৰ্থ পূৰণ ৷ সময় সদায় একে নাথাকে ৷ ক্ৰমাৎ লোকগৰাকীৰ এই কথাও আহিল পোহৰলৈ ৷ ভাইৰেল হৈ পৰিল মহিলাৰ সৈতে কৰা অবৈধ সম্পৰ্কৰ অশ্লীল ভিডিঅ’ ৷

অৱশ্যে ইয়াৰ মাজতে আছে এটা টুইষ্ট ৷ অসৎ প্ৰকৃতিৰ লোকগৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে মনোনয়ন দাখিল কৰি লগত লৈ ফুৰে দুজনকৈ দেহৰক্ষী ৷ এগৰাকী মহিলাই এই সন্দৰ্ভত মুখ খোলাৰ পিছতে লাহে লাহে ফাদিল হ’বলৈ ধৰে লোকজনৰ কু-কাৰ্যৰ এটা এটা অধ্যায় ৷ ভুক্তভোগী এগৰাকী মহিলাই বিষয় সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰাৰ পিছতে তৎপৰ হৈ পৰে নগাঁও আৰক্ষী ৷

উল্লেখ্য যে, মহিলাগৰাকীৰ এই অভিযোগৰ পিছতে আন কেইবাগৰাকীও মহিলাই একে অভিযোগ উত্থাপন কৰি কাষ চাপিছে আৰক্ষীৰ ৷ ভূক্তভোগী মহিলাৰ এজাহাৰৰ ভিত্তিতে শনিবাৰে নিশা জুৰীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অসৎ সাংসদ প্ৰাৰ্থী আবু শ্বামাক ৷

শনিবাৰে গ্ৰেপ্তাৰ কৰা সাংসদ প্ৰাৰ্থী আবু শ্বামাক জেৰাৰ অন্তত দেওবাৰে নগাঁও আদালতত হাজিৰ কৰোৱায় জুৰীয়া আৰক্ষীয়ে ৷ ইপিনে যৌন কেলেংকাৰীত অভিযুক্ত সাংসদ প্ৰাৰ্থী আবু শ্বামাক ওলোটাকৈ ধন দাবী কৰাৰ অভিযোগত জুৰীয়াৰ দুজনকৈ সাংবাদিককো আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ এই তাৎক্ষণিক পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছে ভাৰতীয় পাঁচমণ্ডা মঞ্চ অসমৰ সভাপতি কামৰুজ জামান সৰকাৰৰ লগতে বিভিন্ন দল-সংগঠনে ৷

উল্লেখ্য যে, আবু শ্বামাই এই কথা পোহৰলৈ অহাৰ পিছত নিজক দায়মুক্ত কৰিবলৈ ভুক্তভোগীৰ বিৰুদ্ধে ওলোটাকৈ দাখিল কৰে এক এজাহাৰ ৷

লগতে পঢ়ক: ফাৰ্মাচীখনৰ নাম জান: সেইবাবে তেওঁৰ ওচৰলৈ চিকিৎসা কৰিবলৈ অহা মহিলাও জান ! - Sex Scandle Of Politicians

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.